×
Image

তাওহীদৰ কলিমা: লা-ইলা-হা ইল্লাল্লাহ [ইয়াৰ ফজীলত, অৰ্থ, চৰ্ত আৰু পৰিপন্থী বিষয়] - (অসমীয়া)

উক্ত পুস্তিকাত আটাইতকৈ বৰকতময়, মহান, শ্ৰেষ্ঠ আৰু কল্যাণকৰ কলিমা ‘লা-ইলা-হা ইল্লাল্লাহ’ৰ ফজীলত, বক্তব্য, চৰ্ত আৰু পৰিপন্থী বিষয়ক অতি জৰুৰী কিছুমান কথা অন্তৰ্ভূক্ত কৰা হৈছে। আশা কৰো পাঠকবৰ্গই ইয়াৰ দ্বাৰা উপকৃত হ’ব।

Image

আহলে ছুন্নাত ওৱাল জামাআতৰ আক্বিদা - (অসমীয়া)

আহলে ছুন্নাত ওৱাল জামাআতৰ আক্বিদা: পুথিটোত আল্লাহ্‌ৰ তাওহীদ; ফিৰিস্তা সকল, ঐশী পুথি, ৰাছুল সকল, আখিৰাত বা পৰকাল আৰু তাকদীৰৰ প্ৰতি ঈমান অনাৰ ক্ষেত্রত আহলে ছুন্নাত ওৱাল জামা‘আতৰ আক্বিদা-বিশ্বাস বৰ্ণনা কৰা হৈছে।

Image

চৰীয়তৰ স্বয়ংসম্পূৰ্ণতা আৰু বিদ‘আতৰ ভয়াৱহতা - (অসমীয়া)

এই পুস্তিকাটোত দ্বীনৰ পৰিপূৰ্ণতা আৰু নিখুঁত হোৱা আৰু বিদ‘আতীসকলৰ বিভিন্ন আপত্তি লগতে সিহঁতৰ বিভিন্ন যুক্তিৰ উত্তৰ কোৰআন আৰু ছুন্নাহৰ আলোকত অতি সুন্দৰভাৱে দাঙি ধৰা হৈছে। ইয়াৰ বাহিৰে পুস্তিকাটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ইত্তেবা বা অনুকৰণ সাব্যস্ত হোৱাৰ বাবে যিবোৰ বিষয় প্ৰয়োজনীয় সেইবোৰ সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে।

Image

ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা - (অসমীয়া)

ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা নামৰ উক্ত কিতাপখন শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমান ৰাহিমাহুল্লাহ ৰচিত। ইয়াত তেখেতে ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা চৰিয়তি প্ৰমানাদি আৰু যুক্তিৰে অতি স্পষ্টকৈ লিপিবদ্ধ কৰিছে। কিতাপখন প্ৰত্যেকৰে বাবে উপকাৰী।

Image

অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নোত্তৰ - (অসমীয়া)

এই পুস্তিকাটোত ঈমান আৰু আক্বীদা সম্পৰ্কিত অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ কৰ্তব্য। সেয়ে প্ৰশ্ন উত্তৰ আকাৰত প্ৰস্তুত কৰা হৈছে যাতে বুজাত সহজ হয়।

Image

সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয় - (অসমীয়া)

সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। এইটো আল্লামা শ্বাইখ আব্দুল আজীজ ইবন বাজ ৰাহিমাহুল্লাহৰ এটা ভাষণ, য’ত তেখেতে আহলে ছুন্নাত অল জামা‘আতৰ মৌলিক আকীদা-বিশ্বাস দাঙি ধৰিছে। কাৰণ, কোৰআন আৰু ছুন্নাহৰ পৰা এই কথা স্পষ্ট হয় যে, কোনো কথা ও কৰ্ম তেতিয়াই শুদ্ধ ও গ্রহণযোগ্য হ’ব যেতিয়া সেইটো ছহীহ আকীদাৰ....

Image

ইছলামক লৈ কৰা বিদ্ৰূপৰ ভয়ঙ্কৰ প্ৰৱণতা - (অসমীয়া)

বৰ্তমান সময়ত গোটেই বিশ্বত, আনকি মুছলিমসকলৰ মাজতো ইছলামক ব্যঙ্গ-বিদ্ৰূপ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। অথচ এইটো এটা ভয়ঙ্কৰ অপৰাধ, যিয়ে ব্যক্তিক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিয়ে আৰু জাহান্নামক তাৰ ঠিকনা বনাই দিয়ে। এই প্ৰৱন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত ইছলাম লৈ কৰা বিদ্ৰূপৰ ভয়াৱহ পৰিণতি সম্পৰ্কে আলোচনা কৰা হৈছে।

Image

বিদ‘আতৰ সংজ্ঞা, প্ৰকাৰভেদ আৰু আহকাম - (অসমীয়া)

বিদআত যিহেতু এটা ভয়াৱহ বিজানু, সেয়ে ইয়াৰ পৰা দুৰৈত থকা প্ৰত্যেকজন মুমিনৰ কৰ্তব্য।উক্ত প্ৰৱন্ধটোত বিদ‘আতৰ সংজ্ঞা, প্ৰকাৰভেদ আৰু আহকাম বৰ্ণনা কৰা হৈছে।

Image

লা ইলা-হা ইল্লাল্লাহৰ তাৎপৰ্য আৰু তাৰ দাবী - (অসমীয়া)

চমু বিৱৰণী এইটো শ্বাইখ আব্দুল কাৰীম আদ্দিৱানে লিখা এখন পুস্তিকা বিশেষ। ইয়াত তেখেতে কালিমা লা ইলা-হা ইল্লাল্লাহৰ তাৎপৰ্য আৰু তাৰ দাবী ও চৰ্তসমূহ দাঙি ধৰিছে। উলামা সকলৰ উক্তি বৰ্ণনা কৰাৰ লগতে কিছুমান প্ৰতিবাদৰ খণ্ডন কৰিছে। পি ডি এফ ফাইল খনত কিছুমান আখৰ উহ্য হৈ আছে, গতিকে ৱৰ্ড ফাইল ডাউনলোড কৰক।

Image

(চৰীয়তৰ দৃষ্টিত) মাজাৰ আৰু কবৰৰ উদ্দেশ্যে কুৰবানী, মান্নত আৰু হাদিয়া পেচ কৰা আৰু এইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা - (অসমীয়া)

মাজাৰ আৰু কবৰৰ উদ্দেশ্যে কুৰবানী, মান্নত আৰু হাদিয়া পেচ কৰা আৰু এইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা এটা ডাঙৰ পাপ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই ধৰণৰ পাপ কাৰ্যৰ পৰা মুছলিম উম্মাহক কঠোৰভাৱে নিষেধ কৰিছে।উক্ত প্ৰৱন্ধটোত এই বিষয়ে আলোচনা কৰা হৈছে।

Image

ইছলাম বিনষ্টকাৰী বিষয়সমূহ - (অসমীয়া)

উক্ত অডিঅটোত ইছলাম বিনষ্টকাৰী দহটা বিষয় সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে, যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ বাবে অপৰিহাৰ্য।

Image

ইছলামী দৃষ্টিকোণত অলী আউলিয়া সকলৰ অছীলা গ্ৰহণ - (অসমীয়া)

এই অডিঅ ফাইল খনত ইছলামী দৃষ্টিকোণত অলী আউলিয়া সকলৰ অছীলা গ্ৰহণ কৰা সম্পৰ্কে আলোচনা কৰা হৈছে।