×
লিখকে এই প্ৰৱন্ধত অতি সংক্ষেপে বিশ্ব মানৱতাৰ প্ৰতি মহা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান অৱদান ১০ টা পয়েন্টত আলোচনা কৰিছে।

    সকলো প্ৰশংসা কেৱল নিখিল জগতৰ প্ৰতিপালক আল্লাহৰ বাবে। চালাত আৰু ছালাম বৰ্ষিত হওঁক নবী আৰু ৰাছুলসকলৰ সৰ্বশেষ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি।

    অব্যাহতভাৱে পশ্চিমীয়া গণমাধ্যমৰ ইচ্ছাকৃত বিকৃতিৰ প্ৰভাৱত অমুছলিমৰ কিছুমানে বিশেষকৈ পশ্চিমীয়াসকলে মহানবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানৱতাৰ কাৰণে কি উপস্থাপন কৰিছে, মানৱতাৰ প্ৰতি তেখেতৰ অৱদান কি তাকে লৈ প্ৰশ্ন উত্থাপন কৰি থাকে। বিশ্ববাসীৰ সন্মুখত নবীয়ে ৰহমত বা দয়াৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সঠিক পৰিচয় দাঙি ধৰাৰ ধাৰাবাহিক কাৰ্যক্ৰমৰ অংশৰ বাহিৰেও আমাৰ নিৰ্ধাৰিত কৰ্তব্যসমূহৰ এটা হ'ল- বিস্তাৰিত ব্যাখ্যাত নগৈ এই প্ৰশ্নৰ উত্তৰ দিয়া। নবীসকলৰ শিৰোমণি, নবী আৰু ৰাছুলসকলৰ সৰ্বশেষ আমাৰ মহানবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে বিশ্বমানৱতাৰ কাৰণে কি উপহাৰ লৈ আহিছে তাক সংক্ষেপে দাঙি ধৰা। তলত দহটা পইন্টত ভাগ কৰি আমি সেই বিষয়টোৱেই আলোচনা কৰাৰ প্ৰয়াস কৰিম :

    v আল্লাহৰ অহী লাভৰ মাধ্যমত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে বিশ্বমানৱতাক মানুহৰ দাসত্ব আৰু তেওঁলোকৰ গোলামীৰ পৰা একমাত্ৰ অংশীদাৰবিহীন আল্লাহৰ ইবাদতৰ ফালে লৈ আহিছে। ইয়াৰ ফলত মানুহে আল্লাহৰ বাহিৰে আন সকলোৰে দাসত্বৰ পৰা মুক্তি পাইছে। কোৱাবাহুল্য যে, এইটোৱেই মানুহৰ কাৰণে সকলোতকৈ ডাঙৰ সন্মান।

    v আল্লাহৰ অহী লাভৰ মাধ্যমত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে বিশ্বমানৱতাক সকলো কল্প-কাহিনী আৰু কুসংস্কাৰ, আৰু সকলো ধৰণৰ মিছা আৰু প্ৰতাৰণাৰ সন্মুখত শিৰ নত নোযোৱাৰ শিক্ষা দিছে। অক্ষম প্ৰতিমা আৰু অলীক প্ৰভুসকলৰ বন্দিদশাৰ পৰা উদ্ধাৰ কৰিছে। আৰু তেওঁ মুক্ত কৰিছে সুস্থ বিবেকৰ পৰিপন্থী চিন্তাধাৰাৰ বিশ্বাসৰ পৰা। যেনে : এই কথা বিশ্বাস কৰা যে, মানুহৰ মাজৰ পৰাই আল্লাহৰ কোনো সন্তান আছে। যিয়ে কোনো অপৰাধ বা পাপ অবিহনেই মানৱতাৰ কল্যাণত উৎসৰ্গিত হৈ তেওঁলোকৰ প্ৰায়শ্চিত্ত কৰিছে।

    v মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে বিশ্ব মানৱতাৰ চেতনাত ক্ষমা আৰু উদাৰতাৰ ভেটিসমূহ সুদৃঢ় কৰিছে। পৱিত্ৰ কোৰআনত আল্লাহ তা'আলা নিজেই তেওঁৰ প্ৰতি 'ধৰ্মত কোনো জবৰদস্তি নাই' বুলি অহী প্ৰেৰণ কৰিছে। এইফালে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দ্ব্যৰ্থহীন ভাষাত মুছলিমৰ সৈতে শান্তিপূৰ্ণভাৱে বসবাসকাৰী অমুছলিমসকলৰ সকলো অধিকাৰ নিশ্চিত কৰিছে। সিহঁতৰ জীৱন, সন্তান, সম্পদ আৰু সন্মানৰ নিৰাপত্তা ঘোষণা কৰিছে। সেইকাৰণেইটো আজি লৈকে মুছলিম দেশবিলাকত ইহুদী আৰু খ্রীষ্টানসকলে স-সন্মানে জীৱন-যাপন কৰা দেখা যায়। অথচ একেই সময়তে মুছলিম অস্তিত্ব সংক্ৰান্তীয় স্পেইনৰ বিচাৰ বিভাগীয় তদন্ত কমিটিয়ে পাশ্চাত্য সভ্যতা আৰু পশ্চিমীয়াসকলৰ প্ৰকাশ্য মূল্যবোধ বিৰোধী বংশধাৰাৰ পৰা সেই ভূমিক পৱিত্ৰ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে।

    v মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে ধৰ্ম, বৰ্ণ আৰু বংশ নিৰ্বিশেষে সমগ্ৰ বিশ্ববাসীৰ বাবে আল্লাহৰ তৰফৰ পৰা ৰহমত স্বৰূপ প্ৰেৰিত হৈছিল। বৰং তেখেতৰ শিক্ষাৰ মাজত এনেকুৱা উপাদানৰো অভাৱ নাই, যিয়ে চৰাই আৰু প্ৰাণীসমূহৰ প্ৰতি মায়া-মমতা আৰু কোমলতা দেখুৱাবলৈ গুৰুত্ব দিয়ে। ইহঁতক অকাৰণে কষ্ট প্ৰদান নাইবা ইহঁতৰ প্ৰতি বিৰূপ আচৰণ কৰিবলৈয়ো নিষেধ কৰিছে।

    v মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ পূৰ্বৱৰ্তী সকলো নবীৰ প্ৰতি শ্রদ্ধা আৰু সন্মান প্ৰদৰ্শনৰ এক উজ্জ্বল চিত্ৰ উপস্থাপন কৰিছে। যাৰ মাজত আছে নবী ইব্ৰাহীম, মুছা আৰু ঈছা (আলাইহিমুচ্ছালাম) প্ৰমূখ নবী-ৰাছুল। ইয়াৰ বাহিৰেও তেখেতৰ প্ৰতি আল্লাহ তা'আলাই এই বিষয়ে বাণী প্ৰেৰণ কৰিছে, যদি কোনোবাই তেওঁলোকৰ (আল্লাহৰ প্রেৰিত নবীসকলৰ) মাজত কাৰোবাক মিছলীয়া প্ৰতিপন্ন কৰে অথবা তেওঁলোকৰ সন্মানহানী ঘটায়, তেওঁ মুছলিম নহয়। কিয়নো সকলো নবী ভাই-ভাই। তেওঁলোক সকলোৱে মানুহক অংশীদাৰবিহীন এক আল্লাহৰ প্ৰতি আহ্বান জনোৱাৰ কামত সমান।

    v নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে সৰু-ডাঙৰ আৰু নাৰী-পুৰুষ নিৰ্বিশেষে সকলো মানুহৰ অধিকাৰ ৰক্ষা কৰিছে। এই ক্ষেত্ৰত তেখেতে তেখেতৰ সামাজিক মৰ্যদা বা জীৱনযাত্ৰাৰ মানদণ্ডৰ প্ৰতি ভ্ৰুক্ষেপ কৰা নাই। এই সংক্ৰান্তত তেখেতে কিছুমান সুন্দৰ নীতি নিৰ্ধাৰণ কৰি দিছে। ইয়াৰ অন্যতম হ'ল প্ৰস্থানৰ তিনি মাহ আগত বিদায় হজ্জৰ প্ৰদান কৰা তেখেতৰ ঐতিহাসিক ভাষণৰ কিছু বাণী। ইয়াত তেখেতে মানুহৰ তেজ, সম্পদ আৰু সন্মানত আঘাত কৰাক কঠোৰভাৱে নিষিদ্ধ ঘোষণা কৰিছে। যেতিয়া তেখেতে এই ভাষণ প্ৰদান কৰিছল, পৰৱৰ্তী কালত বিশ্বই ১২১৫ চনত ম্যাগনাকাৰ্টা লিবাৰ্ট্যাটাম, ১৬৭৯ চনৰ হেবিয়াচ কৰ্পাচ অ্যাক্ট, ১৬৯৮ চনৰ ব্ৰিটিছ বিল অৱ ৰাইটচ, ১৭৭৬ চনৰ আমেৰিকান স্বাধীনতাৰ ঘোষণা, ১৭৮৯ চনৰ ফৰাচী ডিক্লাৰেচন অৱ হিউম্যান অ্যান্ড চিভিল ৰাইটচ আৰু ১৯৪৮ চনৰ ১০ ডিচেম্বৰত জাতিসংঘ কৰ্তৃক ঘোষিত সাৰ্বজনীন মানৱাধিকাৰ ঘোষণাৰ কথা তেতিয়াৰ পৃথিৱীবাসীয়ে কল্পনাও কৰা নাছিল।

    v মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে মানৱ জীৱনত অতি উচ্চ খাপৰ আখলাক তথা সত্চৰিত্ৰৰ মান দাঙি ধৰিছে। মানুহক তেখেতে উত্তম আখলাক তথা সত্চৰিত্ৰ আৰু তাৰ সহায়ক গুণবিলাক বজায় ৰখাৰ আহ্বান জনাইছে। যেনে- সততা, সত্যবাদিতা আৰু চাৰিত্ৰিক নিষ্কলুষতাৰ প্ৰতি তেখেতে আহ্বান জনাইছে। সামাজিক সম্পৰ্ক সুদৃঢ় কৰিবলৈ তেখেতে পিতা-মাতাৰ লগত সদাচাৰ আৰু আত্মীয়-স্বজনৰ লগত সু-সুম্পৰ্ক বাহাল ৰাখিবলৈ কৈছে। জীৱনত তেখেতে ইয়াৰ সফল প্ৰয়োগো ঘটাইছে। আনহাতে তেখেতে অসৎ চৰিত্ৰ অৱলম্বনৰ পৰা বাৰণ কৰিছে। তেখেতে নিজে যেনেকৈ বেয়া স্বভাৱৰ পৰা দূৰত আছিল, তেনেকৈ আনকো ইয়াৰ পৰা সতৰ্ক কৰিছে। যেনে- মিছা কোৱা, ছলনা, হিংসা, জিনা-ব্যভিচাৰ আৰু পিতা-মাতাৰ অবাধ্যচৰণ কৰা। কেৱল সেয়ে নহয়, এইবোৰৰ পৰা সৃষ্ট সমস্যাৱলীৰ প্ৰতিকাৰো কৈ দিছে তেখেতে।

    v আল্লাহৰ তৰফৰ পৰা অহী প্ৰাপ্তিৰ প্ৰেক্ষিতত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে বুদ্ধি কামত লাগাবলৈ কয়। সৃষ্টি জগত উদ্ঘাটন আৰু তাৰ পৰিচয় লাভত উৎসাহিত কৰে। ইয়াক তেখেতে নেকী তথা পুণ্যৰ কাম বুলি গণ্য কৰে। অথচ একেই সময়ত আন সভ্যতাবিলাকৰ জ্ঞানী আৰু চিন্তা নায়কসকলে নিৰ্যাতন ভোগ কৰিছিল। ধৰ্ম অৱমাননা আৰু ধৰ্ম বিদ্বেষক তেতিয়া সৰ্বাধিক মূল্য দিয়া হৈছিল। ধৰ্ম প্ৰচাৰকসকলৰ শাস্তি আৰু কাৰাভোগ আনকি মৃত্যুৰ হুমকি পৰ্যন্ত দিয়া হৈছিল।

    v আল্লাহৰ অহী লাভৰ মাধ্যমত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহৰ প্ৰকৃতি আৰু স্বভাৱ বান্ধৱ এটা দ্বীন লৈ আৱিৰ্ভূত হয় যিটো আত্মিক খোৰাক আৰু দৈহিক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখে। পাৰ্থিৱ কাম আৰু আখিৰাতৰ আমলৰ মাজত ভাৰসাম্য বিধান কৰে। পৰিশীলিত আৰু পৰিমাৰ্জিত কৰে মানুহৰ সহজাত বাসনাক। পৰস্পৰ জাতিবিলাকৰ সভ্যতাৰ দৰে একে ধ্বংস বা অবদমিত নকৰে। আন আন জাতিবিলাকৰ সভ্যতাত দেখা যায়, তেওঁলোকে মানুহৰ প্ৰকৃতিৰ বিৰুদ্ধে মূৰ্তিপূজাৰ মাজত ডুবি গৈছিল। ধৰ্ম অন্তপ্ৰাণ আৰু তপস্যানুৰাগীসকলক সিহঁতৰ প্ৰাকৃতিক অধিকাৰৰ পৰা বঞ্চিত কৰিছিল। যেনে- বিয়া আদি। বঞ্চিত কৰিছিল অবিচাৰৰ বিৰুদ্ধে সিহঁতৰ স্বভাৱসুলভ মানবিক প্ৰতিক্ৰিয়া প্ৰকাশৰ অধিকাৰ। অন্যায়-অবিচাৰৰ বিৰুদ্ধে সিহঁতক একেবাৰে প্ৰতিক্ৰিয়াহীন কৰি পেলাইছিল। যিয়ে সেই সভ্যতাৰ সিংহভাগ সন্তানৰেই শিক্ষা আৰু সু-ৰুচিক কৰিছিল লুপ্তপ্ৰায়। পৰন্তু সিহঁতক ঠেলি দিছিল একেবাৰে জড় জগতৰ অন্ধকাৰত। যিয়ে কেৱল দেহৰ চাহিদাত অৰিহণা যোগায় আৰু আত্মাক নিক্ষেপ কৰে বিশাল শুন্যতাত।

    v মানৱতাৰ কল্যাণত মহানবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহৰ আন্তঃসম্প্ৰদায়ত ভ্ৰাতৃত্বৰ পূৰ্ণাঙ্গ নমুনা পেচ কৰিছিল। তেখেতে পৰিষ্কাৰকৈ জনাই দিছে যে, কোনো মানৱ সম্প্ৰদায়ৰ ওপৰত আন কোনো মানৱ সম্প্ৰদায়ৰ কোনো শ্ৰেষ্ঠত্ব নাই। মূল সৃষ্টি, অধিকাৰ আৰু কৰ্তব্যৰ ক্ষেত্ৰত তেওঁলোক সকলো সমান। শ্ৰেষ্ঠত্ব বিবেচিত হ'ব কেৱল ঈমান আৰু তাক্বৱা তথা বিশ্বাস আৰু আল্লাহভীতিৰ ভিত্তিত। তেখেতে সকলো সঙ্গী-চাহাবীক দ্বীনৰ খিদমত কৰাৰ আৰু তাত সম্পৃক্ত হোৱাৰ সমান সুযোগ দিছে। সেইকাৰণে তেওঁলোকৰ মাজত আৰবসকলৰ ওচৰা ওচৰিকৈ আছিল (ৰোম দেশৰ) চুহাইব ৰূমী, (হাবশ্বাৰ) বিলাল হাবশী আৰু (পাৰস্যৰ) চালমান ফাৰ্চী ৰাদিআল্লাহু আনহুম।

    সদৌশেষত : এই দহটা পইন্টৰ প্ৰতিটোৱেই সংক্ষিপ্ত প্ৰমাণাদি উল্লেখ পূৰ্বক বিস্তাৰিত আলোচনাৰ দাবী ৰাখে। কিন্তু আল্লাহৰ অহী প্ৰাপ্তিৰ দ্বাৰা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে মানৱতাৰ কাৰণে যি উপহাৰ দিছে তাক উল্লেখৰ এই ঠাই পৰ্যাপ্ত নহয়। সবিস্তাৰে এই সকলো পইন্ট জনাৰ কাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰহমতৰ সঠিক পৰিচয় তুলি ধৰাৰ আন্তৰ্জাতিক প্ৰগ্ৰেমৰ নিজস্ব ওৱেবছাইট ব্ৰাউজ কৰক : www.mercyprophet.com

    আল্লাহ তা'আলাই আমাৰ নবী মুহাম্মদ, তেওঁৰ সকলো ভ্ৰাতৃ বা পূৰ্বৱৰ্তী-নবীসকল আৰু তেওঁৰ পৰিয়ালবৰ্গ, চাহাবা-তাবেঈনসকলৰ ওপৰত আল্লাহৰ শান্তি বৰ্ষিত হওঁক।

    ড. আদিল বিন আলী আশ-শাদ্দী

    সাধাৰণ সম্পাদক : বাৰনামাজুল 'আলামী লিত-তাৰিখ বি নাবিয়্যিৰ ৰাহমাহ।