×
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ সম্পৰ্কে আলিমসকলৰ মাজত একাধিক অভিমত পোৱা যায়। সেয়ে এই ফতোৱাটোত সেই সকলো মত উল্লেখ কৰি অগ্ৰগণ্য মত পোষণ কৰা হৈছে।

    নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ সম্পৰ্কে আলিমসকলৰ অভিমত

    أقوال العلماء في وقت ولادة النبي صلى الله عليه وسلم ووفاته وذِكر الراجح منها

    ] অসমীয়া – Assamese – آسامي [

    ইছলাম প্ৰশ্ন আৰু উত্তৰ

    —™

    অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    أقوال العلماء في وقت ولادة النبي صلى الله عليه وسلم ووفاته وذِكر الراجح منها

    ] অসমীয়া – Assamese – آسامي [

    القسم العلمي بموقع الإسلام سؤال وجواب

    —™

    ترجمة: رفيق الاسلام بن حبيب الرحمن

    بسم الله الرحمن الرحيم

    147601: ما هو تاريخ ولادة ووفاة الرسول صلى الله عليه وسلم ، فلدي الكثير من الآراء حول ذلك ، فما هو القول الصحيح والدليل في ضوء الكتاب والسنة ؟

    নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ সম্পৰ্কে আলিমসকলৰ একাধিক অভিমত আৰু অগ্ৰগণ্য মতৰ উল্লেখ

    প্ৰশ্ন: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ কি? মোৰ জনা মতে এই বিষয়ে বহুতো অভিমত পোৱা যায়। ইয়াৰ মাজত বিশুদ্ধ অভিমত কোনটো- কোৰআন আৰু ছুন্নাহৰ আলোকত দলীলসহ জানিব বিচাৰো?

    উত্তৰ:

    আল-হামদুলিল্লাহ।

    এক:

    ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম দিন আৰু মাহ নিৰ্দিষ্ট কৰা লৈ ছিৰাতপ্ৰণেতা আৰু ইতিহাসবিদ সকলে মতানৈক্য কৰিছে। এই মতানৈক্যেৰ মাজত যৌক্তিক কাৰণো আছে। যিহেতু কোনোবাই জনা নাছিল যে, এই নৱজাতক ভৱিষ্যতে ডাঙৰ কিবা হ'ব বুলি? আন আন নৱজাতকৰ জন্মক যেনেকৈ লোৱা হৈছিল ঠিক তেওঁৰ জন্মকো সেইদৰেই লোৱা হৈছে। এই বাবেই কোনোৱেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম তাৰিখ নিৰ্দিষ্টকৈ নিশ্চিত কৰিব পৰা নাই।

    ড. মুহাম্মদ তাইয়্যিব আন-নাজ্জাৰ -ৰাহিমাহুল্লাহে- কৈছে:

    ولعل السر في هذا الخلاف أنه حينما ولد لم يكن أحد يتوقع له مثل هذا الخطر ، ومن أجل ذلك لم تتسلط عليه الأضواء منذ فجر حياته ، فلما أذِن الله أن يبلغ الرسول صلى الله عليه وسلم دعوته بعد أربعين سنة من ميلاده : أخذ الناس يسترجعون الذكريات التي علقت بأذهانهم حول هذا النبي ، ويتساءلون عن كل شاردة وواردة من تاريخه ، وساعدهم على ذلك ما كان يرويه الرسول صلى الله عليه وسلم نفسه عن الأحداث التي مرت به أو مر هو بها منذ نشأته الأولى ، وكذلك ما كان يرويه أصحابه والمتصلون به عن هذه الأحداث .

    وبدأ المسلمون – حينئذٍ - يستوعبون كل ما يسمعون من تاريخ نبيهم صلى الله عليه وسلم لينقلوه إلى الناس على توالي العصور .

    “সম্ভৱত ইয়াৰ ৰহস্য হৈছে- যেতিয়া তেওঁ জন্ম গ্ৰহণ কৰিছে তেতিয়া কোনেও ভৱা নাছিল যে এসময়ত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব। সেয়ে জন্মৰ পৰা নবুওৱাত প্ৰাপ্তিৰ পূৰ্ব সময়ছোৱাত এই বিষয়টো আলোচনাত অহা নাছিল। চল্লিশ বছৰ বয়সত যেতিয়া আল্লাহ তাআলাই তেওঁক ৰিছালতৰ দায়িত্ব প্ৰদান কৰিলে তেতিয়াৰ পৰাহে মানুহে তেওঁৰ বিষয়ে সিহঁতৰ স্মৃতিত গাথি থকা ঘটনাসমূহ স্মৰণ কৰিবলৈ ধৰিলে আৰু ইজনে সিজনক তেওঁৰ জীৱনৰ সৰু-সুৰা সকলো ইতিহাস সম্বন্ধে সোধ-পোচ কৰিবলৈ ধৰিলে। এই বিষয়ত সিহঁতক বেছিকৈ সমৃদ্ধ কৰিছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজে বৰ্ণনা কৰা ঘটনাৱলী- যিবোৰ ঘটনা তেওঁৰ লগত সংঘটিত হৈছে অথবা তেওঁ প্ৰত্যক্ষ কৰিছে। এইদৰে তেওঁৰ ছাহাবীসকলৰ বৰ্ণনা লগতে এইবোৰ ঘটনাৰ সৈতে সম্পৃক্ত ব্যক্তিসকলৰ বৰ্ণনা। এইদৰে মুছলিমসকলে তেওঁলোকৰ নবীৰ ইতিহাস সংক্ৰান্ত শ্ৰুত সকলো ঘটনা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে, যাতে কিয়ামত পৰ্যন্ত মানুহৰ বাবে সেয়া বৰ্ণনা কৰিব পাৰে"[আল-কাওলুল মুবীন ফী ছীৰাতে ছায়্যিদিল মুৰছালীন, (পৃষ্ঠা নং-৭৮]

    দুই:

    ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম সম্পৰ্কীয় যিবোৰ তথ্য সম্পৰ্কে সকলোৱে একমত সেইবোৰ হৈছে- জন্ম চন আৰু দিন।

    জন্ম চন: তেখেতৰ জন্মৰ বছৰ আছিল “আমুল ফীল" তথা হস্তী বাহিনীৰ বছৰ। ইমাম ইবনুল কাইয়্যিম (ৰাহিমাহুল্লাহে) কৈছে:

    لا خلاف أنه ولد صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ بجوف مكّة ، وأن مولده كان عامَ الفيل .

    “ইয়াত কোনো সন্দেহ নাই যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম মক্কাৰ অভ্যন্তৰত হস্তী বাহিনীৰ বছৰত জন্ম গ্ৰহণ কৰিছে।" [যাদুল মা'আদ, পৃষ্ঠা- ১/৭৬]

    মুহাম্মদ ইবনে ইউছুফ ছলেহী (ৰাহিমাহুল্লাহে) কৈছে: “ইবনে ইছহাক (ৰাহিমাহুল্লাহে) কৈছে: তেওঁৰ জন্ম হৈছিল হস্তী বাহিনীৰ বছৰত। ইবনে কাছীৰ (ৰাহিমাহুল্লাহে) কৈছে: অধিকাংশ আলিমৰ ওচৰত এই অভিমতটোৱে প্ৰসিদ্ধ।

    ইমাম বুখাৰীৰ উস্তাদ ইব্ৰাহীম ইবনে মুনযিৰ আল-হিজামীয়ে কৈছে:

    وهو الذي لا يشك فيه أحد من العلماء . وبالغ خليفة بن خياط وابن الجزار وابن دحية وابن الجوزي وابن القيم فنقلوا فيه الإجماع .

    এই বিষয়ে কোনো আলিমে দ্বিমত পোষণ কৰা নাই। খলীফা ইবনে খাইয়্যাত, ইবনুল জাযযাৰ, ইবনে দাহইয়াহ, ইবনুল জাওযী লগতে ইবনুল কাইয়্যিম প্ৰমুখ্যে আৰু অলপ আগুৱাই গৈ এই মতৰ ওপৰত সকলো ছীৰাত প্ৰণেতাৰ ইজমা উল্লেখ কৰিছে।" [ছুবুলুল হুদা অৰ-ৰাশ্বাদ ফী ছীৰাতি খাইৰিল ইবাদ (১/৩৩৪-৩৩৫)]

    ড. আকৰাম জিয়া আল-ওমৰীয়ে কৈছে:

    والحق : أن الروايات المخالفة كلها معلولة الأسانيد ، وهي تفيد أن مولده بعد الفيل بعشر سنوات ، أو ثلاث وعشرين سنة ، أو أربعين سنة ، وقد ذهب معظم العلماء إلى القول بمولده عام الفيل ، وأيدتهم الدراسة الحديثة التي قام بها باحثون مسلمون ومستشرقون اعتبروا عام الفيل موافقاً للعام 570م ، أو 571م .

    “সত্য কথাটো হ'ল যে: বিপৰীত বৰ্ণনাসমূহৰ প্ৰত্যেকটোৰ চনদ দুৰ্বল। যিবোৰ বৰ্ণনাত কোৱা হৈছে যে, তেওঁৰ জন্ম হৈছিল হস্তী বাহিনীৰ ১০ বছৰ অথবা ২৩ বছৰ নাইবা ৪০ বছৰ পিছত। কিন্তু অধিকাংশ আলিমে কৈছে তেওঁৰ জন্ম হৈছে হস্তী বাহিনীৰ বছৰতেই। আধুনিক যুগৰ মুছলিম আৰু পাশ্চাত্যপন্থী গৱেষকসকলৰ পৰিচালিত গৱেষণায়েও এই মতকেই সমৰ্থন কৰে। তেওঁলোকৰ মতে, হস্তী বাহিনীৰ বছৰ হৈছে- ৫৭০ অথবা ৫৭১ খ্ৰিষ্টাব্দ।" [আচ-ছীৰাতুন নবৱীয়াহ আচ-ছাহীহাহ (১/৯৭)]

    জন্মদিন: সোমবাৰ। তেখেতে সোমবাৰে জন্ম গ্ৰহণ কৰিছে, সোমবাৰেই নবুওৱত পাইছে আকৌ সোমবাৰেই তেখেতে মৃত্যুবৰণ কৰিছে।

    আবু কাতাদা আনছাৰী (ৰাদিয়াল্লাহু আনহু) ৰ পৰা বৰ্ণিত, তেওঁ কৈছে:

    (سُئِلَ صلى الله عليه وسلم عَنْ صَوْمِ يَوْمِ الِاثْنَيْنِ ؟ قَالَ : ذَاكَ يَوْمٌ وُلِدْتُ فِيهِ ، وَيَوْمٌ بُعِثْتُ - أَوْ أُنْزِلَ عَلَيَّ فِيهِ - ) . (رواه مسلم ( 1162.)

    “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সোমবাৰে ছওম পালন কৰাৰ কাৰণ সম্পৰ্কে প্ৰশ্ন কৰা হ'ল। তেখেতে ক'লে: এই দিনা মই জন্ম গ্ৰহণ কৰিছো আৰু এই দিনাই মোক নবুওৱত প্ৰদান কৰা হৈছে অথবা এই দিনাই মোৰ ওপৰত (অহী) নাযিল হৈছে।" [ছহিহ মুছলিম (১১৬২)]

    ইবনে কাছীৰ (ৰাহিমাহুল্লাহে) কৈছে:

    وأبعدَ بل أخطأ من قال : ولد يوم الجمعة لسبع عشرة خلت من ربيع الأول . نقله الحافظ " ابن دحية " فيما قرأه في كتاب " إعلام الروى بأعلام الهدى " لبعض الشيعة . ثم شرع ابن دحية في تضعيفه وهو جدير بالتضعيف إذ هو خلاف النص . " السيرة النبوية " ( 1 / 199 ) .

    “যিসকলে কয় যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ৰবিউল আউৱাল মাহৰ সোতৰ তাৰিখে জুমাৰ দিনা জন্ম গ্ৰহণ কৰিছে, সিহঁতৰ কথা সুদূৰ পৰাহত; বৰং ভুল। জনৈক ছিয়া মতাবলম্বীয়ে লিখিত “এলামুৰ ৰুৱা বি আ'লামিল হুদা" নামক গ্ৰন্থৰ পৰা হাফিজ ইবনে দাহইয়াই এই মতটো উদ্ধৃত কৰিছে। তাৰ পিছত তেওঁ এই মতটোৰ দুৰ্বলতা প্ৰমাণ কৰিছে। এই মতটো আচলতেই দুৰ্বল। যিহেতু এইটো হাদীছৰ বিপৰীত"। [আচ-ছীৰাতুন নাবাৱীয়্যাহ (১/১৯৯)]

    তিনি:

    ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম সম্পৰ্কে মতবিৰোধ হৈছে কেৱল মাহ আৰু তাৰিখ লৈ। এই বিষয়ে আমি আলিমসকলৰ বহুতো অভিমত জানিব পাৰিছো, যেনে:

    ১. কিছুমানে কৈছে: ৰবিউল আউৱাল মাহৰ দুই তাৰিখে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জন্ম গ্ৰহণ কৰিছে।

    ইবনে কাছীৰ (ৰাহিমাহুল্লাহে) কৈছে:

    فقيل: لليلتين خلتا منه ، قاله ابن عبد البر في " الاستيعاب " ، ورواه الواقدي عن أبي معشر نجيح بن عبد الرحمن المدنى . " السيرة النبوية " ( 1 / 199 )

    “কিছুমানে কৈছে ৰবিউল আউৱাল মাহৰ দুই তাৰিখ। ইবনে আব্দুল বাৰ্ৰ “ইস্তেআব" গ্ৰন্থত এই অভিমতটো উল্লেখ কৰিছে আৰু ওৱাকেদিয়ে এই বৰ্ণনাটো আবু মা'শ্বাৰ নুজাইহ ইবনে আব্দুৰ ৰহমান আল-মাদানীৰ পৰা উদ্ধৃত কৰিছে"। [আছ-ছীৰাতুন নবৱীয়াহ" (১/১৯৯)]

    ২. আকৌ কিছুমানে কৈছে: ৰবিউল আউৱাল মাহৰ ৮ তাৰিখ।

    ইবনে কাছীৰ (ৰাহিমাহুল্লাহে) কৈছে:

    وقيل لثمان خلون منه ، حكاه الحميدى عن ابن حزم ، ورواه مالك وعقيل ويونس بن يزيد وغيرهم عن الزهري عن محمد بن جبير بن مطعم ، ونقل ابن عبد البر عن أصحاب التاريخ أنهم صححوه ، وقطع به الحافظ الكبير محمد بن موسى الخوارزمي ، ورجحه الحافظ أبو الخطاب بن دحية في كتابه " التنوير في مولد البشر النذير " . " السيرة النبوية " ( 1 / 199 )

    “কিছুমানৰ মতে: ৰবিউল আউৱাল মাহৰ ৮ তাৰিখ। হুমাইদিয়ে এই বৰ্ণনাটোক ইবনে হাজমৰ পৰা বৰ্ণনা কৰিছে। মালিক, উকাইল আৰু ইউনুছ ইবনে ইয়াজিদ প্ৰমুখ্যে এইটো বৰ্ণনা কৰিছে জুহৰীৰ পৰা, তেওঁ বৰ্ণনা কৰিছে মুহাম্মদ ইবনে জুবাইৰ ইবনে মুতয়িমৰ পৰা। ইবনে আব্দুল বাৰ্ৰে কৈছে, ইতিহাসবিদসকলে এই মতটোক সঠিক বুলি কৈছে। হাফিজ মুহাম্মদ ইবনে মুছা আল-খাৱাৰেজমীয়ে এই তাৰিখ সম্বন্ধে সম্পূৰ্ণ নিশ্চিত। হাফিজ আবুল খিতাব ইবনে দাহইয়াহ 'আত-তানবীৰ ফী মাওলিদিল বাশ্বিৰীন নাজীৰ' গ্ৰন্থত এই মতটোক প্ৰাধান্য দিছে"। [আচ-ছীৰাতুন নবৱীয়াহ (১/১৯৯)]

    ৩. আকৌ কিছুমানে কৈছে: ১০ ৰবিউল আউৱাল।

    ইবনে কাছীৰ (ৰাহিমাহুল্লাহে) কৈছে:

    وقيل : لعشر خلون منه ، نقله ابن دحية في كتابه ، ورواه ابن عساكر عن أبي جعفر الباقر ، ورواه مجالد عن الشعبى" السيرة النبوية " ( 1 / 199 )

    “কিছুমানে ১০ ৰবিউল আউৱাল বুলি কৈছে। এই মতটোক ইবনে দাহইয়াহে তেওঁৰ গ্ৰন্থত বৰ্ণনা কৰিছে আৰু ইবনে আছাকিৰে এই মতটোক আবু জা'ফৰ আল-বাকিৰৰ পৰা আৰু মুজালিদ নামক ৰাবীয়ে শ্বা'বিৰ পৰা বৰ্ণনা কৰিছে"। [আচ-ছীৰাতুন নবৱীয়াহ (১/১৯৯)]

    ৪. আন কিছুমানে কৈছে: ৰবিউল আউৱাল মাহৰ ১২ তাৰিখ।

    ইবনে কাছীৰ (ৰাহিমাহুল্লাহে) কৈছে:

    وقيل : لثنتى عشرة خلت منه ، نصَّ عليه ابن إسحاق ، ورواه ابن أبى شيبة في " مصنفه " عن عفان عن سعيد بن ميناء عن جابر وابن عباس أنهما قالا : ولد رسول الله صلى الله عليه وسلم عام الفيل يوم الاثنين الثاني عشر من شهر ربيع الأول ، وفيه بعث ، وفيه عرج به إلى السماء ، وفيه هاجر ، وفيه مات .وهذا هو المشهور عند الجمهور ، والله أعلم .
    "
    السيرة النبوية " ( 1 / 199 )

    “কিছুমানৰ মতে, ৰবিউল আউৱাল মাহৰ ১২ তাৰিখ। ইবনে ইছহাকে এই মতটো উল্লেখ কৰিছে। ইবনে আবি শ্বায়বাহ তেওঁৰ 'মুছান্নাফ' গ্ৰন্থত এই মতটো আফ্ফানৰ পৰা, তেওঁ ছাঈদ ইবনে মীনাৰ পৰা, তেওঁ জাবিৰ আৰু ইবনে আব্বাছৰ পৰা বৰ্ণনা কৰিছে। তেওঁলোক উভয়েই কৈছে: 'ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে হস্তী বাহিনীৰ বছৰ, ৰবিউল আউৱাল মাহৰ ১২ তাৰিখ, সোমবাৰে জন্ম গ্ৰহণ কৰিছে। এই দিনাই তেওঁক নবুওৱত প্ৰদান কৰা হৈছে, এই দিনাই তেওঁৰ মিৰাজ হৈছিল, এই দিনাই তেওঁ হিজৰত কৰিছে আৰু এই দিনাই তেওঁ মৃত্যুবৰণ কৰিছে'। জমহুৰ আলিমসকলৰ ওচৰত এই মতটোৱেই বেছি প্ৰসিদ্ধ"। [আচ-ছীৰাতুন নবৱীয়াহ (১/১৯৯)]

    আকৌ কিছুমানে কৈছে: তেওঁ ৰমজান মাহত জন্ম গ্ৰহণ কৰিছে, আন কিছুমানৰ মতে, ছফৰ মাহত; ইত্যাদি আৰু বহুতো অভিমত আছে।

    আমাৰ ওচৰত যিটো মত অগ্ৰগণ্য বুলি ধাৰণা হয়, সেয়া হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰবিউল আউৱাল মাহৰ আট অথবা বাৰ তাৰিখৰ যিকোনো এটা তাৰিখত জন্ম গ্ৰহণ কৰিছে। কিছুমান মুছলিম গণিতবিদ আৰু জ্যোতিৰ্বিদে গৱেষণা কৰি উলিয়াইছে যে, ৰবিউল আউৱাল মাহৰ ৯ তাৰিখ সোমবাৰ আছিল! তেনেহ'লে এইটো আৰু এটা মত হ'ল। এই মতটোও শক্তিশালী, এই তাৰিখটো ৫৭১ খৃষ্টাব্দৰ এপ্ৰিল মাহৰ বিশ তাৰিখ। সমকালীন ছীৰাত প্ৰণেতাসকলৰ কিছুমানে এই মতটোক প্ৰাধান্য দিছে। তেওঁলোকৰ মাজত উস্তাদ মুহাম্মদ আল-খুজাৰী আৰু ছফিউৰ ৰহমান মোবাৰকপুৰী অন্যতম।

    আবুল কাছিম আচ-ছুহাইলী (ৰাহিমাহুল্লাহে) কৈছে:

    وأهل الحساب يقولون : وافق مولده من الشهور الشمسية " نيسان " ، فكانت لعشرين مضت منه . " الروض الأُنُف " ( 1 / 282 )

    “গণিতবিদসকলে কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম “নিছান" এপ্ৰিলৰ বিশ তাৰিখে হৈছে"। [আৰ-ৰওজুল উন্ফ (১/২৮২)]

    উস্তাদ মুহাম্মদ আল-খুজাৰী (ৰাহিমাহুল্লাহে) কৈছে:

    وقد حقق المرحوم محمود باشا الفلكي - عالم فلكي مصري ، له باع في الفلك والجغرافيا والرياضيات وكتب وأبحاث ، توفي عام 1885م - : أن ذلك كان صبيحة يوم الاثنين تاسع ربيع الأول الموافق لليوم العشرين من أبريل / نيسان ، سنة 571 من الميلاد ، وهو يوافق السنة الأولى من حادثة الفيل ، وكانت ولادته في دار أبي طالب بشعب بني هاشم ." نور اليقين في سيرة سيد المرسلين " ( ص 9 )، وينظر: " الرحيق المختوم " ( ص 41 )

    “মিছৰৰ জ্যোতিৰ্বিজ্ঞানী মাহমুদ পাশ্বা (মৃত্যু : ১৮৮৫ খ্ৰিষ্টাব্দ) -তেওঁ একেলগে জ্যোতিৰ্বিজ্ঞান, ভূগোল, গণিতবিদ্যা, পুথি লেখা-মেলা আৰু গৱেষণাত পাৰদৰ্শী আছিল- তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আছিল সোমবাৰ পুৱা, ৰবিউল আউৱাল মাহৰ ৯ তাৰিখ মোতাবিক এপ্ৰিল/নিছান- মাহৰ ২০ তাৰিখ, ৫৭১ খ্ৰিষ্টাব্দ। এই বছৰটো হস্তী বাহিনীৰ ঘটনাৰ প্ৰথম বছৰ। তেওঁ জন্ম গ্ৰহণ কৰিছে বনু হাশ্বিম গোত্ৰৰ আবু তালিবৰ ঘৰত"। [নূৰুল ইয়াকীন ফী ছীৰাতে ছাইয়্যিদিল মুৰছালিন, পৃষ্ঠা-৯; আৰু চাওঁক: আৰ-ৰাহীকুল মাখতুম (পৃষ্ঠা নং: ৪১)]

    চাৰি:

    মৃত্যু দিন: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু সম্পৰ্কে কাৰো দ্বিমত নাই যে, তেওঁ সোমবাৰৰ দিনা মৃত্যুবৰণ কৰিছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বুধবাৰে মৃত্যুবৰণ কৰিছে বুলি ইবনে কুতাইবাৰ যিটো বৰ্ণনা আছে সেইটো সঠিক নহয়। কিন্তু ইয়াৰ দ্বাৰা যদি তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাফন কৰা বুজাইছে তেনেহ'লে ঠিকেই আছে।

    মৃত্যুৰ চন: এই বিষয়ে কাৰো দ্বিমত নাই যে, তেওঁ ১১ হিজৰীত মৃত্যুবৰণ কৰিছে।

    মৃত্যুৰ মাহ: এই বিষয়েও কাৰো দ্বিমত নাই যে, তেওঁ ৰবিউল আউৱাল মাহত মৃত্যুবৰণ কৰিছে।

    কিন্তু এই মাহৰ নিৰ্দিষ্ট তাৰিখৰ বিষয়ে আলিমসকলৰ মাজত মতপাৰ্থক্য আছে:

    ১. অধিকাংশ আলিমৰ মতে: ৰবিউল আউৱাল মাহৰ ১২ তাৰিখ।

    ২. খাওৱাৰেযমীয়ে কৈছে : ৰবিউল আউৱালৰ প্ৰথম তাৰিখ।

    ৩. ইব্নুল কালাবী আৰু আবু মিখনাফে কৈছে: ৰবিউল আউৱাল মাহৰ ২ তাৰিখ। ছুহাইলী আৰু হাফিজ ইবনে হাজাৰে এই মতৰ পিনেই হয় ভৰ দিছে।

    কিন্তু অধিকাংশ আলিমৰ প্ৰসিদ্ধ মত হৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এঘাৰ হিজৰীৰ ৰবিউল আউৱাল মাহৰ ১২ তাৰিখে মৃত্যুবৰণ কৰিছে। চাওঁক: ছুহাইলী প্ৰণীত “আৰ-ৰওদুল উন্ফ (৪/৪৩৯-৪৪০), ইবনে কাছীৰৰ “আছ-ছীৰাহ আন-নবৱীয়্যাহ" (৪/৫০৯), ইবনে হাজাৰৰ “ফাতহুল বাৰী" (৮/১৩০)

    আল্লাহেই সৰ্বজ্ঞানী।

    ইছলাম প্ৰশ্ন আৰু উত্তৰ

    অসমীয়া ইছলাম হাউছ

    ইছলাম প্রচাৰ ব্যুৰো, ৰাবওৱাহ, ৰিয়াদ, ছৌদি আৰব