×
উক্ত ফতোৱাত মকবুল হজ্জৰ কিছুমান বিধি-বিধান উল্লেখ কৰা হৈছে যিবোৰ পালন কৰিলে এজন মুছলিম ব্যক্তিৰ হজ্জ সফল হ’ব ইন শ্বা আল্লাহ।

    41833: কেনেকৈ আপোনাৰ হজ্জটো মকবুল হজ্জ হ'ব?

    প্ৰশ্ন: এজন মুছলিমৰ বাবে কি কি বিষয় জনা প্ৰয়োজন যিবোৰ পালন কৰিলে ইন শ্বা আল্লাহ তেওঁৰ হজ্জ মকবুল হজ্জ বুলি গণ্য হ'ব?

    উত্তৰ:

    আলহামদুলিল্লাহ।

    হজ্জটো হজ্জে মকবুল হোৱাৰ বাবে এজন মুছলিমৰ যিবোৰ বিষয় জনা প্ৰয়োজন:

    - হজ্জৰ মাধ্যমত আল্লাহৰ সন্তুষ্টিৰ নিয়ত কৰা। ইয়াক বোলা হয়- ইখলাছ। আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে দেখুৱা পদ্ধতি অনুযায়ী হজ্জ আদায় কৰা। ইয়াক বোলা হয়- মুতাবাআ (অনুসৰণ)। যিকোনো নেক কাম এই দুটা চৰ্ত পূৰণ নকৰিলে কবুল নহয়: ইখলাছ আৰু মুতাবাআ (ৰাছুলৰ অনুসৰণ)। দলিল হৈছে- আল্লাহৰ বাণী:

    ( وَمَا أُمِرُوا إِلا لِيَعْبُدُوا اللَّهَ مُخْلِصِينَ لَهُ الدِّينَ حُنَفَاءَ وَيُقِيمُوا الصَّلاةَ وَيُؤْتُوا الزَّكَاةَ وَذَلِكَ دِينُ الْقَيِّمَةِ ) البينة/5 .

    “সিহঁতৰ প্ৰতি কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন শ্বিৰ্কমুক্ত ইখলাছ ভিত্তিক আল্লাহৰ ইবাদত কৰে, ছালাত কায়িম কৰে আৰু যাকাত প্ৰদান কৰে। এইটোৱেই বক্ৰতামুক্ত ধৰ্ম। [ছুৰা আল-বাইয়্যিনা, আয়াত: ৫]

    আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী:

    ( إِنَّمَا الأَعْمَالُ بِالنِّيَّاتِ ، وَإِنَّمَا لِكُلِّ امْرِئٍ مَا نَوَى )

    “সকলো আমল নিয়্যতৰ ওপৰত নিৰ্ভৰ কৰে আৰু প্ৰত্যেক ব্যক্তি যি নিয়ত কৰে তেওঁ সেইটোৱেই পাব"

    নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু কৈছে:

    ( مَنْ عَمِلَ عَمَلا لَيْسَ عَلَيْهِ أَمْرُنَا فَهُوَ رَدٌّ (

    “যি ব্যক্তি এনে কোনো আমল কৰিব যিটোৰ অনুমোদন আমাৰ চৰিয়তত নাই সেইটো প্ৰত্যাখ্যাত।"

    এতেকে এজন হাজী চাহেবে যি যি ক্ষেত্ৰত আটাইতকৈ বেছি গুৰুত্ব দিব সেইটো হৈছে- ইখলাছ আৰু মুতাবাআ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বিদায়ী হজ্জৰ সময়ত কৈছিল:

    ( لِتَأْخُذُوا عني مَنَاسِكَكُمْ (

    “তোমালোকে মোৰ পৰা তোমালোকৰ হজ্জ কৰাৰ পদ্ধতি জানি লোৱা উচিত।"

    - হালাল সম্পদৰ দ্বাৰা হজ্জ আদায় কৰিব লাগিব। কাৰণ হাৰাম সম্পদৰ দ্বাৰা হজ্জ আদায় কৰাও হাৰাম; নাজায়েয। বৰং কিছুমান আলিমে কৈছে: এনেকুৱা হজ্জ শুদ্ধ নহ'ব। আকৌ কিছুমানে কৈছে: যদি আপুনি এনেকুৱা সম্পদৰ দ্বাৰা হজ্জ কৰে যি সম্পদৰ উৎস হৈছে হাৰাম তেনেহ'লে আপুনি যেন হজ্জ নকৰিলে; বৰং আপোনাৰ বাহনটোৱে হজ্জ কৰিলে। অৰ্থাৎ উটটোৱে হজ্জ কৰিলে।

    - আল্লাহৰ নিষেধকৃত বিষয়সমূহৰ পৰা বিৰত থকা। দলিল হৈছে- আল্লাহৰ বাণী:

    ( الْحَجُّ أَشْهُرٌ مَعْلُومَاتٌ فَمَنْ فَرَضَ فِيهِنَّ الْحَجَّ فَلا رَفَثَ وَلا فُسُوقَ وَلا جِدَالَ فِي الْحَجِّ ) البقرة/197 .

    “অৰ্থ- হজ্জ হৈছে নিৰ্দিষ্ট মাহসমূহত। এতেকে যিয়ে এই মাহসমূহত হজ্জ কৰিবলৈ স্থিৰ কৰে সি যেন হজ্জৰ সময়ত স্ত্ৰী-সম্ভোগ, অন্যায় আচৰণ আৰু কলহ-বিবাদ নকৰে। [ছুৰা বাকাৰাহ; ২: ১৯৭]

    এতেকে, হাজী চাহেবৰ উচিত হজ্জ সংক্ৰান্ত নিষিদ্ধ অথবা সাধাৰণ নিষিদ্ধ যেনে- পাপাচাৰ, অবাধ্যতা, হাৰাম কথা, হাৰাম কৰ্ম, বাদ্য শুনা ইত্যাদিৰ পৰা বিৰত থকা। অনুৰূপভাৱে হজ্জ সংক্ৰান্ত বিশেষ নিষিদ্ধ কৰ্মৰ পৰাও বিৰত থাকিব। যেনে- যৌনাচাৰ, মূৰ খুৰোৱা, ইহৰাম অৱস্থাত যি যি কৰ্ম কৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষিদ্ধ কৰিছে সেইবোৰৰ পৰা বিৰত থকা।

    - এইদৰে হাজী চাহেবৰ উচিত কোমল, সহজপ্ৰাণ আৰু লেনদেন আৰু কৰ্মত উদাৰ হোৱা। যিমান সম্ভৱ সহযাত্ৰীসকলৰ লগত ভাল ব্যৱহাৰ কৰা। কোনো মুছলিমক কষ্ট দিয়াৰ পৰা বিৰত থকা তাৰ বাবে ফৰজ। সেইটো হজ্জৰ পৱিত্ৰ স্থানসমূহতেই হওঁক অথবা বজাৰতেই হওঁক। হাজী চাহেবে তাৱাফ কৰা অৱস্থাত ভীৰ কৰি কাৰোবাক কষ্ট দিয়া উচিত নহয়। ছায়ি কৰা অৱস্থাত কাৰোবাক কষ্ট দিয়া উচিত নহয়। জমৰাতত কাৰোবাক কষ্ট দিয়া ঠিক নহয়। আন কোনো স্থানতো কষ্ট দিয়া উচিত নহয়। হাজী চাহেবৰ বাবে এইবোৰ বিষয় পালন কৰা বাঞ্ছনীয় অথবা আৱশ্যকীয়। এনেকৈ হজ্জ আদায় কৰাৰ বাবে হাজী চাহেবে কোনো এজন আলিমৰ সহচৰ্য লাভ কৰি হজ্জ আদায় কৰিব পাৰে; যাতে সেই আলিমজনে তেওঁক দ্বীনি বিষয়সমূহ স্মৰণ কৰাই দিব পাৰে। আৰু যদি সেইটো সম্ভৱ নহয় তেনেহ'লে হজ্জত যোৱাৰ আগত নিৰ্ভৰযোগ্য আলিমসকলৰ গ্ৰন্থ অধ্যয়ন কৰা উচিত; যাতে সুস্পষ্ট জ্ঞানৰ ভিত্তিত তেওঁ আল্লাহৰ ইবাদত কৰিব পাৰে। সমাপ্ত

    [শ্বাইখ উছাইমীনৰ ফতোৱাসমগ্ৰ (২০/২১)]