এজন মৃত ব্যক্তিৰ ফালৰ পৰা একেই সময়ত দুজন ব্যক্তিৰ ওমৰাহ আদায় কৰা জায়েয হ’বনে?
এই বিষয়টোৰ অনুবাদ
ক্যাটাগৰি সমূহ
উৎস
Full Description
202149: এজন মৃত ব্যক্তিৰ ফালৰ পৰা একেই সময়ত দুজন ব্যক্তিৰ ওমৰাহ আদায় কৰা জায়েয হ'বনে?
প্ৰশ্ন: মাতৃ আৰু সন্তানে তাৰ পিতৃৰ ফালৰ পৰা একেই সময়ত ওমৰাহ আদায় কৰিব বিচাৰে। তাৰ পিতৃ মৃত। এনেকৈ ওমৰাহ কৰা জায়েয হ'বনে?
উত্তৰ:
আলহামদুলিল্লাহ।
হয়,
দুজন ব্যক্তিৰ বাবে একেই সময়ত একেই ব্যক্তিৰ ফালৰ পৰা ওমৰাহ আদায় কৰা জায়েয। কিন্তু উভয়ে সেই ব্যক্তিৰ ফালৰ পৰা স্বতন্ত্ৰ দুটা ওমৰাহ পালন কৰিব লাগিব। ইবনে কুদামা (ৰাহিমাহুল্লাহে) কৈছে:
" وإن استناب رجلين في حجة الإسلام , ومنذور أو تطوع , فأيهما سبق بالإحرام , وقعت حجته عن حجة الإسلام , وتقع الأخرى تطوعا , أو عن النذر ; لأنه لا يقع الإحرام عن غير حجة الإسلام , ممن هي عليه , فكذلك من نائبه " انتهى من " المغني " (3/104)
যদি দুজন ব্যক্তিক বদল হজ্জ কৰাৰ বাবে দিয়া হয়; এটা ফৰজ হজ্জ; আনটো মান্নতৰ হজ্জ অথবা নফল হজ্জ সেই ক্ষেত্ৰত যি ব্যক্তি আগত ইহৰাম বান্ধিব তাৰ ইহৰামটো ফৰজ হজ্জৰ ইহৰাম হিচাপে গণ্য হ'ব। দ্বিতীয় ব্যক্তিৰ ইহৰাম নফল হিচাপে অথবা মান্নত হজ্জৰ ইহৰাম হিচাপে পৰিগণিত হ'ব। কিয়নো, যাৰ ওপৰত হজ্জ ফৰজ তাৰ ইহৰাম ফৰজ হজ্জৰ ইহৰাম হিচাপেই সংঘটিত হয়। এইদৰে তাৰ প্ৰতিনিধিৰ ইহৰামো ফৰজ হজ্জৰ ইহৰাম হিচাপেই সংঘটিত হ'ব। [আল-মুগনি ৩/১০৪]
শ্বাইখ উছাইমীন (ৰাহিমাহুল্লাহে) কৈছে:
" مسألة : هل يجوز لرجل أن ينيب من يحج عنه أكثر من واحد في عام واحد ؟ الجواب : يجوز ذلك ، لكن إذا أناب اثنين ، فأكثر في فريضة فأيهما يقع حجه عن الفريضة ؟ الجواب : من أحرم أولاً ، وتكون الثانية نفلاً " انتهى من " الشرح الممتع " (7/33) .
মাছআলা: এজন ব্যক্তিয়ে একেই বছৰত একাধিক ব্যক্তিৰ দ্বাৰা হজ্জ কৰাব পাৰেনে?
উত্তৰ: এনে কৰা বৈধ। যদি দুজনতকৈ অধিক ব্যক্তিক একেই বছৰত বদল হজ্জ কৰোৱাৰ দায়িত্ব দিয়া হয় তেনেহ'লে কাৰ হজ্জটো ফৰজ হজ্জ হিচাপে আদায় হ'ব? উত্তৰ হৈছে- যিজনে সবাতকৈ আগত ইহৰাম বান্ধিব তাৰ হজ্জটো ফৰজ হজ্জ হিচাপে আদায় হ'ব। দ্বিতীয়জনৰটো নফল হিচাপে আদায় হ'ব। [আল-শ্বাৰহুল মুমতি (৭/৩৩)]
ইয়াৰ ভিত্তিত কোৱা যায় যে, আপোনালোক দুজনৰ বাবে মৃত ব্যক্তিৰ ফালৰ পৰা ওমৰাহ আদায় কৰা জায়েয হ'ব। আপোনালোকৰ প্ৰত্যেকেই মৃত ব্যক্তিৰ তৰফৰ পৰা একোটাকৈ স্বতন্ত্ৰ ওমৰাহ আদায় কৰাৰ নিয়ত কৰিব লাগিব।
আল্লাহেই ভাল জানে।
ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট