মুহৰ্ৰম মাহত অধিক নফল ৰোজা ৰখাৰ ফজীলত
ক্যাটাগৰি সমূহ
উৎস
Full Description
প্ৰশ্ন: মুহৰ্ৰম মাহত অধিক ৰোজা ৰখা ছুন্নত নে? আন আন মাহৰ ওপৰত এই মাহৰ কোনো বিশেষত্ব আছে নেকি?
উত্তৰ:
সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে।
আৰবী মাহসমূহৰ মাজত প্ৰথম মাহ হৈছে- মুহৰ্ৰম। এইটো চাৰিটা হাৰাম (সন্মানীয়) মাহৰ মাজৰ অন্যতম এটা মাহ। আল্লাহ তাআলাই কৈছে:
إِنَّ عِدَّةَ الشُّهُورِ عِنْدَ اللَّهِ اثْنَا عَشَرَ شَهْرًا فِي كِتَابِ اللَّهِ يَوْمَ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ مِنْهَا أَرْبَعَةٌ حُرُمٌ ذَلِكَ الدِّينُ الْقَيِّمُ فَلَا تَظْلِمُوا فِيهِنَّ أَنْفُسَكُمْ . (التوبة:36)
“নিশ্চয় আল্লাহৰ ওচৰত, লওহে মাহফুজত (বছৰত) মাহৰ সংখ্যা বাৰ টা, আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই। তাৰে মাজত চাৰিটা হাৰাম (সন্মানীয়)। এইটোৱেই সৰল বিধান। এতেকে এই মাহবোৰত তোমালোকে নিজৰ প্ৰতি অন্যায় নকৰিবা।"[ছুৰা তওবা, আয়াত: ৩৬]
বুখাৰী (৩১৬৭) আৰু মুছলিমত (১৬৭৯) আবু বকৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে যে, তেখেতে কৈছে:
الزَّمَانُ قَدْ اسْتَدَارَ كَهَيْئَتِهِ يَوْمَ خَلَقَ اللَّهُ السَّمَوَاتِ وَالأَرْضَ السَّنَةُ اثْنَا عَشَرَ شَهْرًا مِنْهَا أَرْبَعَةٌ حُرُمٌ ثَلاثَةٌ مُتَوَالِيَاتٌ ذُو الْقَعْدَةِ وَذُو الْحِجَّةِ وَالْمُحَرَّمُ وَرَجَبُ مُضَرَ الَّذِي بَيْنَ جُمَادَى وَشَعْبَانَ "
“আকাশ আৰু পৃথিৱী সৃষ্টিৰ আদিৰে পৰা কাল চক্ৰাকাৰত ঘুৰি আছে। বছৰত হৈছে- বাৰ মাহ। ইয়াৰ মাজত চাৰিটা মাহ- হাৰাম (নিষিদ্ধ)। চাৰিটাৰ মাজত তিনিটা ধাৰাবাহিকভাৱে যেনে: যুলক্বাদা, যুল-হিজ্জা, মুহৰ্ৰম আৰু (মুজাৰ গোত্ৰৰ) ৰজব মাহ; যিটো মাহ জুমাদাল আখিৰা আৰু শ্বাবান মাহৰ মাজত অৱস্থিত"।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সাব্যস্ত হৈছে যে, ৰমজানৰ পিছত আটাইতকৈ উত্তম ৰোজা হৈছে মুহৰ্ৰম মাহৰ ৰোজা। আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
أَفْضَلُ الصِّيَامِ بَعْدَ رَمَضَانَ شَهْرُ اللَّهِ الْمُحَرَّمُ وأفضل الصلاة بعد الفريضة صلاة الليل "
“ৰমজানৰ পিছত আটাইতকৈ উত্তম ৰোজা হৈছে- আল্লাহৰ মাহ 'মুহৰ্ৰম'ৰ ৰোজা। আৰু ফৰজ নামাজৰ পিছত আটাইতকৈ উত্তম নামাজ হৈছে- ৰাতিৰ নামাজ (তাহাজ্জুদ)।" [ছহীহ মুছলিম (১১৬৩)]
হাদিছত: মাহটোৰ মৰ্যদা দাঙি ধৰিবলৈ 'আল্লাহৰ মাহ' বুলি কৈ মাহটোক আল্লাহৰ লগত সম্বন্ধিত কৰা হৈছে। আল-ক্বাৰীয়ে কৈছে:
الظاهر أن المراد جميع شهر المحرَّم .ولكن قد ثبت أنّ النبي صلى الله عليه وسلم لم يصم شهراً كاملاً قطّ غير رمضان فيُحمل هذا الحديث على الترغيب في الإكثار من الصّيام في شهر محرم لا صومه كله .
হাদিছৰ বাহ্যিক দিশটোৰ পৰা গম পোৱা যায় যে- গোটেই মুহৰ্ৰম মাহ (ৰোজা ৰখা) উদ্দেশ্য। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা সাব্যস্ত হৈছে যে, তেওঁ ৰমজানৰ বাহিৰে আন কোনো মাহত গোটেই মাহ ৰোজা ৰখা নাছিল। সেয়ে এই হাদীছৰ এই অৰ্থ গ্ৰহণ কৰিব লাগিব যে, মুহৰ্ৰম মাহত অধিক ৰোজা ৰখাৰ বিষয়ে উদ্বুদ্ধ কৰা হৈছে; গোটেই মাহ ৰোজা ৰখা নহয়।
আল্লাহেই সৰ্বজ্ঞানী।
ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট