×
মুআজ্জিনে আজান দি থকা অৱস্থাত স্ত্ৰী সহবাস কৰিছে, সেই ব্যক্তিৰ ছওম ভঙ্গ হ’বনে? এই বিষয়ে ফতোৱা প্ৰদান কৰিছে ইছলাম প্ৰশ্ন উত্তৰ বেৱছাইট কৰ্তৃপক্ষই।

মুআজ্জিনে আজান দি থকা অৱস্থাত স্ত্ৰী সহবাস কৰিলে ছওম ভঙ্গ হ'বনে?

]অসমীয়া – Assamese –آسامي [

ইছলাম প্ৰশ্ন আৰু উত্তৰ

—™

অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

২০১৬ - ১৪৩৭

جامع أهله والمؤذن يؤذن للفجر

القسم العلمي موقع سؤال وجواب

—™

ترجمة: رفيق الاسلام بن حبيب الرحمن

124290: মুআজ্জিনে ফজৰৰ আজান দি আছিল সেই সময়ত যি ব্যক্তি তাৰ স্ত্ৰীৰ লগত সহবাসত লিপ্ত আছিল

প্ৰশ্ন:
ৰমজান মাহত ফজৰৰ আজানৰ আগৰে পৰা মই মোৰ স্ত্ৰীৰ লগত সহবাস কৰি আছিলো। আজান চলি থকা সময়তো মই সহবাস কৰি আছিলো। কিন্তু আজান শেষ হোৱাৰ আগতেই মই বিৰত হৈছো। মোৰ ধাৰণা আছিল যে, মুআজ্জিনৰ আজান শেষ কৰাৰ আগলৈকে সহবাস কৰা জায়েয। এতিয়া মোৰ কৰণীয় কি?

উত্তৰঃ

আলহামদুলিল্লাহ।

এক: যদি ফজৰৰ সময় আৰম্ভ হোৱাৰ লগে লগে মুআজ্জিনে আজান দিয়ে, তেনেহ'লে ওৱাজিব হৈছে ফজৰৰ সময়ৰ পৰা সূৰ্যাস্ত লৈকে ছওম ভঙ্গকাৰী বিষয়সমূহৰ (মুফাত্তিৰাতৰ) পৰা বিৰত থকা। সেয়ে মুআজ্জিন 'আল্লাহু আক্বাৰ' (আল্লাহ মহান) কোৱাৰ লগে লগে খাদ্য, পানীয়, সহবাস আৰু ছওম ভঙ্গকাৰী সকলো বিষয় (মুফাত্তিৰাত)ৰ পৰা বিৰত থকা আৱশ্যক হৈ যায়।

ইমাম নৱৱী (ৰাহিমাহুল্লাহে) কৈছে:

“যদি ফজৰৰ ওৱাক্ত হোৱাৰ সময়ত কাৰো মুখত আহাৰ থাকে, তেন্তে সি যেন সেয়া পেলাই দিয়ে। (আহাৰ) এৰি দিলে - তাৰ ছওম শুদ্ধ হ'ব, আৰু গিলি পেলালে - তাৰ ছওম ভঙ্গ হৈ যাব। আৰু যদি ফজৰৰ ওৱাক্ত হোৱাৰ সময়ত সি সহবাস কৰা অৱস্থাত থাকে, তেন্তে সেই অৱস্থাৰ পৰা লগে লগে আঁতৰি আহিলে – তাৰ ছওম শুদ্ধ হ'ব। আৰু যদি ফজৰৰ ওৱাক্ত হোৱাৰ সময়ত সি সহবাস কৰা অৱস্থাত থাকে আৰু ফজৰৰ ওৱাক্ত হৈছে বুলি জানিও সহবাসত লিপ্ত থাকে, তেন্তে তাৰ ছওম ভঙ্গ হ'ব- এই বিষয়ে 'আলিমসকলৰ মাজত কোনো দ্বিমত নাই। আৰু সেই অনুসাৰে তাৰ ওপৰত কাফ্ফাৰা আৱশ্যক হ'ব।" সমাপ্ত। [আল-মাজ্মু' (৬ /৩২৯) ]

তেওঁ আৰু কৈছে : “আমি উল্লেখ কৰিছো যে, ফজৰ উদয় হোৱাৰ সময়ত যদি কাৰোবাৰ মুখত আহাৰ থাকে, তেন্তে সি সেইটো পেলাই দিব আৰু তাৰ ছওম সম্পন্ন কৰিব। আৰু যদি ফজৰ হৈছে বুলি জানিও সি সেয়া গিলি পেলায়, তেন্তে তাৰ ছওম বাতিল হৈ যাব। এই বিষয়ে কোনো মতানৈক্য নাই"। আল-মাজ্মু' (৬/৩৩৩)

ইয়াৰ দলীল হৈছে ইবনে ওমৰ আৰু আইশ্বা ৰাদিয়াল্লাহু 'আনহুমৰ হাদীছ। ৰাছুলুল্লাহ চাল্লাল্লাহ 'আলাইহি অছাল্লামে কৈছে:

(إن بلالا يؤذن بليل , فكلوا واشربوا حتى يؤذن ابن أم مكتوم ) رواه البخاري ومسلم , وفي الصحيح أحاديث بمعناه.

“বিলাল (ৰাদিয়াল্লাহু 'আনহু) ৰাতি থাকোতে আজান দিয়ে। সেয়ে সেই সময়ত আপোনালোকে খাওক আৰু পান কৰক যেতিয়া লৈকে ইবনে উম্মে মাকতূমে আজান নিদিয়ে।" [হাদীছটো ইমাম বুখাৰী আৰু মুছলিমে সংকলন কৰিছে আৰু ছহীহ গ্ৰন্থত এই অৰ্থৰ আৰু হাদীছ আছে] সমাপ্ত

এই হিচাপে কব পাৰি যে, যদি আপোনাৰ সমাজৰ মুআজ্জিনে ফজৰৰ ওৱাক্ত হোৱাৰ পিছত আজান দিয়ে, তেনেহ'লে আজানৰ প্ৰথম তাকবীৰ শুনাৰ লগে লগে সহবাসৰ পৰা বিৰত হ'ব লাগিব, আৰু যদি আপুনি জানে যে, মুআজ্জিন ফজৰৰ ওৱাক্ত হোৱাৰ আগতেই আজান দিয়ে অথবা এই বিষয়ে যদি আপোনাৰ সন্দেহ থাকে যে, তেওঁ ছুবহে ছাদিক হোৱাৰ আগতে আজান দিয়ে, নে পিছত আজান দিয়ে- সেই ক্ষেত্ৰত আপোনাৰ কৰণীয় একো নাই। কাৰণ আল্লাহ তা'আলাই ফজৰ পৰিস্ফুট হোৱা লৈকে খোৱা-বোৱা, পান কৰা আৰু সহবাস কৰা বৈধ কৰিছে। আল্লাহ তা'আলাই কৈছে :

(فَالْآَنَ بَاشِرُوهُنَّ وَابْتَغُوا مَاكَتَبَ اللَّهُ لَكُمْ وَكُلُوا وَاشْرَبُوا حَتَّى يَتَبَيَّنَ لَكُمُ الْخَيْطُ الْأَبْيَضُ مِنَ الْخَيْطِ الْأَسْوَدِ مِنَ الْفَجْرِ)

“এতেকে এতিয়া তোমালোকে নিজ স্ত্ৰীৰ লগত সহবাস কৰিব পাৰা আৰু আল্লাহে তোমালোকৰ বাবে যি (সন্তান) লিখি ৰাখিছে সেয়া কামনা কৰিব পাৰা, আৰু তোমালোকে পানাহাৰ কৰা যেতিয়া লৈকে কলা সুতা (ৰাতিৰ কলা ৰেখা)ৰ পৰা ঊষাৰ বগা সুতা (বগা ৰেখা) স্পষ্টৰূপে তোমালোকৰ ওচৰত প্ৰতিভাত নহয়।" [ছুৰা বাকাৰাহ, ২ : ১৮৭]

ফতোৱা বিষয়ক স্থায়ী কমিটিৰ 'আলিমসকলক প্ৰশ্ন কৰা হৈছিল:“কোনো এজন ব্যক্তিয়ে আগতেই ছুহুৰ খাইছে। কিন্তু ফজৰৰ আজান চলাকালীন সময়ত অথবা আজান দিয়াৰ ১৫ মিনিট পিছত পানী পান কৰিছে- ইয়াৰ হুকুম কি?

তেওঁলোকে উত্তৰত কৈছে: “প্ৰশ্নত উল্লেখিত ব্যক্তিয়ে যদি জানে যে, সেই আজান ছুবহে ছাদিক পৰিষ্কাৰ হোৱাৰ আগত দিয়া হৈছিল তেন্তে তাৰ ওপৰত কোনো কাযা নাই। আৰু যদি তেওঁ জানে যে, সেই আজান ছুবহে ছাদিক পৰিষ্কাৰ হোৱাৰ পিছত দিয়া হৈছে তেন্তে তাৰ ওপৰত উক্ত ছওম কাযা কৰা আৱশ্যক। আৰু তেওঁ যদি নাজানে যে, তেওঁৰ পানাহাৰ ফজৰৰ ওৱাক্ত হোৱাৰ আগতে হৈছে, নে পিছত হৈছে তেনেক্ষেত্ৰত তেওঁৰ কোনো ছওম কাযা কৰিব নালাগিব। কাৰণ এই ক্ষেত্ৰত মূল অৱস্থা হৈছে- ৰাতি অৱশিষ্ট থাকা। সেয়ে এজন মু'মিনৰ বাবে উচিত নিজৰ ছিয়াম সম্পৰ্কে সাৱধানতা অৱলম্বন কৰা আৰু আজান শুনাৰ লগে লগে ছওম ভঙ্গকাৰী সকলো বিষয়ৰ পৰা বিৰত থাকা। কিন্তু তেওঁ যদি জানে যে, এই আজান ফজৰৰ ওৱাক্ত হোৱাৰ আগতে দিয়া হৈছে তেনেহ'লে সেয়া সুকীয়া কথা।" সমাপ্ত

[ফাতাৱা ইছলামিয়াহ : (২/২৪০) ]

দুই:
যদি আপুনি এই বিধান সম্পৰ্কে জনা নাছিল আৰু এইটো ভাৱিছিল যে, আজানৰ শেষ পৰ্যায় লৈকে ছওম ভঙ্গকাৰী বিষয়াসমূহৰ (মুফাত্তিৰাতৰ) পৰা বিৰত হোৱা অনিবাৰ্য হয়, তেন্তে আপোনাৰ ওপৰত কোনো কাফ্ফাৰা নাই। কিন্তু সাৱধানতাবশতঃ আপুনি সেইদিনাৰ ছওমটো কাযা আদায় কৰিব লাগিব। এইদৰে দ্বীনৰ যিবোৰ বিষয় জনা আপোনাৰ বাবে ওৱাজিব আছিল, সেই বিষয়ে অৱহেলা কৰাৰ বাবে তাওবা আৰু ইস্তিগফাৰ কৰিব লাগিব।

আৰু চাওঁক (93866) আৰু (37879) নং প্ৰশ্নৰ উত্তৰ।

আল্লাহেই সৰ্বজ্ঞানী।