আমাৰ যুৱ-সমাজ আৰু ইন্টাৰনেট
এই বিষয়টোৰ অনুবাদ
ক্যাটাগৰি সমূহ
Full Description
আমাৰ যুৱ-সমাজ আৰু ইন্টাৰনেট
] অসমীয়া – Assamese – آسامي [
একাডেমিক শাখা, দাৰুল ৱাতান
অনুবাদঃ
জুবেৰ ৰহমান বিন পিয়াৰ আলী
সম্পাদনাঃ
ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব
﴿ شبابنا والإنترنت﴾
القسم العلمي بدار الوطن
ترجمة: زبير الرحمن بن بيار علي
مراجعة: رفيق الاسلام بن حبيب الرحمن
বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম
পৰম কৰুণাময় আৰু অসীম দয়ালু আল্লাহ তা‘আলাৰ নামত আৰম্ভ কৰিছোঁ। সকলো ধৰণৰ প্ৰশংসা আল্লাহ তা‘আলাৰ বাবে, দুৰূদ আৰু ছালাম বৰ্ষিত হওঁক সেই নবীৰ ওপৰত যাৰ পিছত আন কোনো নবী অহাৰ সম্ভাৱনা নাই।
আৰবীত এটা প্ৰবাদ বাক্য আছে: ‘‘কোনো বস্তুৰ ভালপোৱাই তাক অন্ধ আৰু কলা কৰি দিয়ে।’’ অৰ্থাৎ মানুহে যেতিয়া কোনো বস্তুক ভাল পায় আৰু তাৰ ভালপোৱাই সীমা অতিক্ৰম কৰে, তেতিয়া সি তাৰ দোষ-ত্ৰুটি আৰু ক্ষতিকৰ দিশ পাহৰি যায়। ফলত সি তাত কোনো দোষ-ত্ৰুটি দেখা নাপায়, তাত কোনো বিপদ বা অকল্যাণ বিচাৰি নাপায়, যদিও তাত যথেষ্ট দোষ-ত্ৰুটি, অসংখ্য বিপদ আৰু অকল্যাণ আছে।
যেনেকৈ কোৱা হয়ঃ ‘‘মই তাৰ ভালপোৱাৰ কাৰণে ক'লা বস্তুকো ভালপাওঁ, আনকি তাৰ ভালপোৱাৰ ক'লা কুকুৰকো ভালপাওঁ।’’ আধুনিক যুগত যুৱক-যুৱতীসকলৰ মাজত ইন্টাৰনেট প্ৰীতি, গভীৰ মনোনিৱেশ সহকাৰে ইয়াৰ যথেষ্ট ব্যৱহাৰ, কোনো প্রকাৰ ক্লান্তি অথবা বিৰক্তবোধ নোহোৱাকৈ দীৰ্ঘ সময় ধৰি ইন্টাৰনেটৰ সন্মুখত বহি থকা এনেকুৱা এটা বিষয় যি সামাজিক আৰু চাৰিত্ৰিক সমস্যা হৈ থিয় দিছে।
ইয়াত আমি সঠিক পথ প্ৰাপ্ত যুৱক-যুৱতীসকলৰ বিষয়ে কোৱা নাই, যিসকলে ইন্টাৰনেটক বৈধ প্ৰয়োজনত ব্যৱহাৰ কৰে, অথবা জাতিৰ কল্যাণত ব্যৱহাৰ কৰে¸ অথবা বিভিন্ন কল্যাণকৰ কামত ব্যৱহাৰ কৰে¸ যেনে-- সৎ কামৰ আদেশ, অসৎ কামৰ নিষেধ, ইছলামৰ প্ৰতি দাৱাত, ইছলামৰ শত্ৰুসকলক দিয়া প্ৰত্যুত্তৰ, উত্তম চৰিত্ৰ আৰু উপকাৰী জ্ঞান-বিজ্ঞানৰ প্ৰসাৰ। আৰু তেওঁলোকে মকৰাৰ জালৰ দৰে পৃথিৱীত বিস্তাৰিত হৈ থকা এই ইন্টাৰনেটৰ জৰিয়তে সকলো উপকাৰী আৰু কল্যাণকৰ বিষয় সমূহৰ পৰা যথা সম্ভৱ উপকৃত হৈ থাকে।
বৰং আমি কৈছোঁ সেইসকল হাজাৰ হাজাৰ যুৱক আৰু সমূহ বিপদগ্ৰস্থসকলৰ বিষয়ে, যিসকলে ইন্টাৰনেটৰ জৰিয়তে বিপৰ্যস্ত হৈছে, ইয়াৰ প্ৰতি কঠিনভাৱে আসক্ত হৈছে, আনকি জীৱনৰ গুৰুত্বপূ্ৰ্ণ বিষয় সমূহৰ পৰা বিমুখ হৈছে। ফলতঃ ইন্টাৰনেটে এওঁলোকক সন্ত্রাস আৰু বিভিন্ন অপৰাধমূলক কৰ্ম-কাণ্ডৰ প্ৰতি ধাবিত কৰিছে। তেওঁলোকক ইন্টাৰনেটে কি কল্যাণ উপহাৰ দিছে? আল্লাহৰ প্ৰতি দাৱাতৰ ক্ষেত্ৰত কিবা উপকাৰিতা তেওঁলোকে পাইছেনে? ইছলামৰ শত্ৰুসকলৰ পদক্ষেপ সমূহ চিহ্নিত কৰিবলৈ তেওঁলোক সক্ষম হৈছেনে? ইছলাম আৰু মুছলিমসকলক নিধন কৰাৰ ক্ষেত্ৰত শত্ৰুপক্ষৰ ঘৃণা আৰু ষড়যন্ত্ৰ সমূহ তেওঁলোকে চিহ্নিত কৰিব পাৰিছেনে? ইছলামী ওৱেবচাইটসমূহৰ জৰিয়তে উপকাৰী শ্বৰয়ী জ্ঞানসমূহ লাভ কৰিবলৈ তেওঁলোক সক্ষম হৈছেনে? বিজ্ঞান আৰু প্ৰযুক্তিৰ জ্ঞান আৰু ইয়াৰ জৰিয়তে উন্নতি আৰু অগ্ৰগতিৰ কাৰণসমূহ জানিবলৈ তেওঁলোক সক্ষম হৈছেনে? পৰিসংখ্যা বিদ্যা আৰু বিশিষ্ট বিষয়সমূহৰ ওপৰত নিৰ্ভৰশীল সামগ্ৰীক গৱেষণা কৰ্ম সম্পাদন কৰিবলৈ তেওঁলোক সক্ষম হৈছেনে? জাতিৰ মৰ্যাদা পুনৰুদ্ধাৰ আৰু অতীতৰ গৌৰৱমালাৰ ইতিহাস প্ৰচাৰত তেওঁলোক সক্ষম হৈছেনে? ইছলাম সম্পৰ্কে যিবোৰ অপ-প্ৰচাৰ চলোৱা হৈছে, তাৰ প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছেনে? আচলতে ইন্টাৰনেটৰ উপকাৰিতা বহুত। অধিকাংশ যুৱকে এইবোৰ উপকাৰী বিষয়ৰ প্ৰতি গুৰুত্বাৰোপ নকৰে।
তেওঁলোকে ইন্টাৰনেটক ব্যৱহাৰ কৰে উলঙ্গ ছবি চোৱাৰ ক্ষেত্ৰত, অশ্লীল দৃশ্যসমূহ উপভোগ কৰাৰ কাৰণে আৰু এনেকুৱা অবৈধ ওৱেবচাইট সমূহ বিচৰাৰ ক্ষেত্ৰত, যিয়ে এজন যুৱকক পাশৱিক শক্তিত বন্দী কৰে আৰু পাশৱিক কু-প্ৰবৃত্তিৰ সন্মুখত দূৰ্বল কৰি পেলায়। ইয়াৰ ফলত তেওঁক ফলদায়ক উপকাৰী যিকোনো কামৰ পৰা বিৰত ৰাখে আৰু তেওঁক সংকীৰ্ণ পৰিসীমাত বন্দী কৰি ৰাখে। এই চক্ৰটো কু-প্ৰবৃত্তি আৰু পাশৱিক শক্তিৰ বৃত্ত, যিয়ে তেওঁক পূৰ্ণভাৱে গ্ৰাস কৰি নিয়ে।
অথচ এই ইন্টাৰনেটক বিভিন্ন অঞ্চলৰ বিভিন্ন ঘটনাৱলীৰ মাজত যোগাযোগ স্থাপনৰ কাৰণে ব্যৱহাৰ কৰা হয়, এক কথাত যিটোক ‘বিশ্বক এটা কোঠালৈ লৈ অহাৰ মাধ্যম’ বোলা হয়।
ইয়াৰ জৰিয়তে উলঙ্গ ছবি দেখা অথবা পথভ্ৰষ্ট যুৱক-যুৱতীসকলৰ মাজত যোগাযোগৰ মাধ্যমত ইমান বেছি সময় নষ্ট কৰা হয়, যিখিনি সময় তেওঁৰ জীৱনৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন । ড. চুলাইমান আল-খুদাৰীয়ে কৈছে, ‘এই অশ্লীল ছবিসমূহে যুৱক-যুৱতীসকলৰ মানসিক আৰু স্বাস্থ্যগত দিশৰ পৰা অত্যন্ত ক্ষতিকৰ, কিয়নো এই ছবিসমূহে তেওঁৰ মন আৰু ব্ৰেইনত সকলো সময়তে ক্ৰিয়া কৰে, ফলত সেইবোৰ চোৱাটো তেওঁৰ বদ অভ্যাসত পৰিণত হৈ পৰে। যেতিয়া ইন্টাৰনেটৰ জৰিয়তে এই ছবিসমূহ দেখা হয়, তেতিয়া যিকোনো উপায়ে তেওঁ পৰিতৃপ্ত হ’বলৈ বিচাৰে। আৰু তেতিয়াই ইয়াৰ ক্ষতিকৰ দিশটো প্ৰতিফলিত হয়, ফলত তেওঁ ভ্ৰান্ত অভিজ্ঞতাত অথবা সাময়িক আনন্দৰ অভিজ্ঞতাত ভৰি দিয়ে, যাৰ ফলশ্ৰুতিত তেওঁ শাৰীৰিক আৰু মানসিক বিভিন্ন ক্ষতিকৰ ৰোগত আক্ৰান্ত হৈ পৰে আৰু ভ্ৰান্ত জীৱনৰ বৰ্ণিল চকৰিত ঘুৰিবলৈ ধৰে।
পৰিসংখ্যাবিদ আৰু বিশ্লেষকসকলৰ মতেঃ-
১. ইন্টাৰনেটৰ আড্ডাত নিমজ্জিত ৮০% যুৱকে পৰবৰ্তী সময়ত বিয়া নকৰায়।
২. এওঁলোকৰ ভিতৰত ৭০% যুৱকে নিষিদ্ধ ঠাইত যাতায়াত কৰে আৰু উশৃঙ্খল জীৱন-যাপনত অভ্যস্ত হৈ পৰে।
৩. এওঁলোকৰ ৫৫% যুৱকে পৰিয়ালৰ কোনো খবৰ নাৰাখে।
৪. এওঁলোকৰ অধিকাংশই অশ্লীল ওৱেবচাইট সমূহৰ ঠিকনা বিনিময় কৰে, আনকি তেওঁলোকৰ শিক্ষাপ্ৰতিষ্ঠান সমূহতো। ফলত ইয়ে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট বাধা সৃষ্টি কৰে।
৫. ইন্টাৰনেটত আসক্ত অধিকাংশ যুৱকৰ শিক্ষা জীৱনৰ ওপৰত ইয়াৰ কু-প্ৰভাৱ পৰে। তেওঁলোকৰ কিছুমানে লিখা পঢ়াত অগ্ৰগামী থাকিও পিছলৈ পৰ্যায়ক্ৰমে পশ্চাদগামী হৈ পৰে।
৬. ইন্টাৰনেটত আসক্ততা নৈতিক মূল্যবোধৰ ভিত্তিত গঢ়ি উঠাৰ পৰিৱৰ্তে অভ্যন্তৰীণ দণ্ড-সংঘাতৰ ঘটনা ঘটায়। ফলত ইন্টাৰনেটৰ মাধ্যমত এক নতুন মুল্যবোধ গঢ়ি উঠে।
৭. যেনেকৈ ইন্টাৰনেটে পাৰিবাৰিক বন্ধনক শিথিল কৰি দিয়ে, তেনেকৈ ইয়াৰ মাধ্যমত স্বাভাৱিক বিবাহৰ জৰিয়তে গঠিত পৰিবাৰতন্ত্ৰ ধ্বংস প্ৰাপ্ত হয়। ফলত স্ত্ৰীৰ পৰিবৰ্তে অবৈধ পন্থাৰ অবাধ জীৱন-যাপনত এওঁলোক অভ্যস্ত হৈ উঠে। এওঁলোকে ভাৱে যৌনতাই বিবাহৰ মূল উদ্দেশ্য, আৰু সেই উদ্দেশ্য যদি বিবাহ অবিহনে পূৰণ কৰা সম্ভৱ হয়, তেনেহ’লে বিাবহৰ আৰু প্ৰয়োজন কি? অথচ ইছলামৰ দৃষ্টিত বিবাহ বন্ধনত আৰু বহুত গুৰুত্বপূৰ্ণ উদ্দেশ্য নিহিত আছে।
৮. কম্পিউটাৰ সামগ্ৰীৰ মূল্য আৰু ইন্টাৰনেট সংযোগ সহজলভ্য হোৱাৰ ফলত অধিক সংখ্যক যুৱক-যুৱতীয়ে ইন্টাৰনেট জগতৰ মাজত সোমাই পৰাৰ সুযোগ পায়। ইন্টাৰনেট সংযোগৰ জৰিয়তে প্ৰায় ৪ লক্ষ ওৱেবচাইটৰ সৈতে তেওঁলোকৰ যোগাযোগ স্থাপিত হয়। বহুতো ৰক্ষণশীল পৰিয়ালৰ সন্তানসকলৰো কেৱল ইন্টাৰনেট ব্যৱহাৰৰ ফলত নৈতিকতা দূৰ্বল হৈ পৰে।
গতিকে, প্ৰিয় ভাই-ভনীসকল!
এজন মুছলিমে সকলোৰে লগত সম্পৰ্ক ৰাখিব পাৰে নে অথবা সেইটো কৰা উচিত নে?
এজন বুদ্ধিমান যুৱকে তেওঁৰ নিজৰ, দ্বীনৰ, তেওঁৰ জাতিৰ সেৱাত নিজকে নিয়োজিত ৰাখিব, অথচ তেওঁ কেনেকৈ চৰিত্ৰ বিধ্বংসী অশ্লীল দৃশ্য, উলঙ্গ ছবি দেখাৰ জৰিয়তে তেওঁৰ মূল্যবোধ ধ্বংস কৰি দিব? অথচ তাত অমুছলিম যুৱকসকলে এই সংযোগৰ মাধ্যমত জ্ঞানভিত্তিক গৱেষণা, বিশ্বজগতক লৈ গৱেষণা আৰু নতুন নতুন আৱিস্কাৰৰ মাধ্যমত উন্নতি আৰু অগ্ৰগতিৰ শীৰ্ষত উপনীত হৈছে।
হে যুৱক-যুৱতীসকল! তোমালোকৰ কি হ'ল যে, আল্লাহ তা‘আলাই যি কাৰণে এই জীৱন প্ৰদান কৰিছে সেই উদ্দেশ্যকেই তোমালোকে পাহৰি গ'লা? আৰু তোমালোকে বিভিন্ন ধ্যান ধাৰণাক লৈ আনন্দত মতলীয়া হৈ আছা, যাৰ কোনো বাস্তৱতা নাই, কোনো উপকাৰিতা নাই। এজন মুছলিম যুৱকৰ বাবে আল্লাহ তা‘আলাৰ নিয়ামত সমূহক¸ আল্লাহৰ নাফৰমানী আৰু বিৰুদ্ধাচৰণৰ কামত ব্যৱহাৰ কৰাটো উচিতনে? আল্লাহৰ এই বাণী সম্পৰ্কে তোমালোকৰ চিন্তা কি?
﴿ وَلَا تَقۡفُ مَا لَيۡسَ لَكَ بِهِۦ عِلۡمٌۚ إِنَّ ٱلسَّمۡعَ وَٱلۡبَصَرَ وَٱلۡفُؤَادَ كُلُّ أُوْلَٰٓئِكَ كَانَ عَنۡهُ مَسُۡٔولٗا ٣٦ ﴾ {الاسراء: ٣٦}
‘‘যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, (অযথা) তাৰ পিছত লাগি নাথাকিবা; কিয়নো (কিয়ামতৰ দিনা) কাণ, চকু আৰু অন্তৰ, এই সকলোবোৰৰ (ব্যৱহাৰ ) সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।’’ [ছুৰা-বনী ইছৰাঈল : ৩৬ ]
আল্লাহ তা'আলাৰ এই বাণী তোমালোকে পাহৰি গৈছা নেকি?
﴿ قُل لِّلۡمُؤۡمِنِينَ يَغُضُّواْ مِنۡ أَبۡصَٰرِهِمۡ وَيَحۡفَظُواْ فُرُوجَهُمۡۚ ذَٰلِكَ أَزۡكَىٰ لَهُمۡۚ إِنَّ ٱللَّهَ خَبِيرُۢ بِمَا يَصۡنَعُونَ ٣٠ وَقُل لِّلۡمُؤۡمِنَٰتِ يَغۡضُضۡنَ مِنۡ أَبۡصَٰرِهِنَّ وَيَحۡفَظۡنَ فُرُوجَهُنَّ وَلَا يُبۡدِينَ زِينَتَهُنَّ إِلَّا مَا ظَهَرَ مِنۡهَاۖ ﴾ {النور : ٣٠، ٣١}
‘‘হে নবী, তুমি মুমিন পুৰুষসকলক কোৱা, সিহঁতে যেন সিহঁতৰ দৃষ্টিক (নিম্নগামী) সংযত কৰি ৰাখে আৰু সিহঁতৰ লজ্জাস্থান সমূহৰ হিফাজত কৰে; এইটোৱেই হৈছে সিহঁতৰ কাৰণে উত্তম পন্থা; (কিয়নো) সিহঁতে (নিজৰ চকু আৰু লজ্জাস্থানৰ দ্বাৰা) যি কৰে, আল্লাহ তা'আলাই সেই সম্পৰ্কে সম্পূৰ্ণ অৱগত। আৰু মুমিন নাৰীসকলক কোৱা, সিহঁতেও যেন নিজৰ দৃষ্টিক (নিম্নগামী) সংযত কৰি ৰাখে আৰু সিহঁতৰ লজ্জাস্থানসমূহৰ হিফাজত কৰে; আৰু যি সাধাৰণতে প্ৰকাশ পায় তাৰ বাহিৰে সিহঁতৰ সৌন্দৰ্য সিহঁতে প্ৰকাশ নকৰে।’’ [ছুৰা আন-নুৰ : ৩০-৩১]
স্মৰণ কৰা, আল্লাহৰ নিম্নোক্ত বাণী :
﴿ هَٰذَا كِتَٰبُنَا يَنطِقُ عَلَيۡكُم بِٱلۡحَقِّۚ إِنَّا كُنَّا نَسۡتَنسِخُ مَا كُنتُمۡ تَعۡمَلُونَ ٢٩ ﴾ [الجاثية : ٢٩[
‘‘এই হৈছে তোমালোকৰ (সংৰক্ষিত) নথিপত্ৰ, যিয়ে তোমালোকৰ (কৰ্মকাণ্ডৰ) ওপৰত সঠিক বৰ্ণনা পেচ কৰিব; নিশ্চয় তোমালোকে যেতিয়াই যি কৰিছা মই তাক (ইয়াত সেইদৰেই) লিখি ৰাখিছোঁ।’’ [ছুৰা আল-জাছিয়া : ২৯]
তুমি তোমাৰ প্ৰতিপালক আৰু সৃষ্টিকৰ্তাক লাজ নকৰা নেকি, যিয়ে তোমাৰ ডিঙিৰ সিৰডালতকৈয়ো নিকটৱৰ্তী?
তুমি নাজানা নেকি, কিয়ামতৰ দিন নিচেই ওচৰত? যিদিনা তোমাৰ সকলো লজ্জাজনক আৰু অশ্লীল কামসমূহৰ গোপনীয়তা প্ৰকাশ হৈ যাব।
﴿ وَبَدَا لَهُمۡ سَئَِّاتُ مَا عَمِلُواْ وَحَاقَ بِهِم مَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ ٣٣ ﴾ [الجاثية : ٣٣[
‘‘সেইদিনা সিহঁতৰ বেয়া কামবোৰ সিহঁতৰ সন্মুখত স্পষ্টভাৱে প্ৰকাশ হৈ পৰিব, আৰু সেই বিষয়টো সিহঁতৰ সন্মুখত দাঙি ধৰিব যি শাস্তিক লৈ সিহঁতে ঠাট্ৰা-বিদ্ৰুপ কৰিছিল। [ছুৰা আল-জাছিয়া : ৩৩]
তুমি নজানা নেকি, আল্লাহে তোমাক দেখি আছে? তুমি যি অৱস্থাতেই নথাকা কিয়, তোমাৰ সকলো কৃতকৰ্ম তেওঁৰ সন্মুখত প্ৰকাশিত।
﴿ إِنَّ ٱللَّهَ لَا يَخۡفَىٰ عَلَيۡهِ شَيۡءٞ فِي ٱلۡأَرۡضِ وَلَا فِي ٱلسَّمَآءِ ٥ ﴾ [ال عمران: ٥[
“নিশ্চয় আল্লাহ তা‘আলাৰ ওচৰত আকাশমণ্ডল আৰু ভূ-খণ্ডৰ কোনো তথ্যই গোপন নাই।” [ ছুৰা আলে ‘ইমৰান : ৫]
গতিকে প্ৰিয় ভাই-ভনীসকল! আল্লাহ তা‘আলাক ভয় কৰা। তোমাৰ প্ৰতিপালকৰ নাফৰমানিৰ পৰা বিৰত থকা। তোমাৰ যৌৱন আৰু সুস্থতাই যেন তোমাৰ ক্ষতি নকৰে আৰু তোমাক প্ৰতাৰণা নকৰে। তুমি তোমাৰ নিজৰ চিকিৎসক হৈ যোৱা। তোমাৰ প্ৰতিপালকৰ ইবাদত বন্দেগী, জিকিৰ আৰু কৃতজ্ঞতা, আল্লাহৰ কিতাপৰ তিলাৱাতৰ মাধ্যমত তোমাৰ অন্তৰৰ ৰোগসমূহ দূৰ কৰা। সাময়িক প্ৰবৃত্তিৰ তাগিদাত জান্নাতক বিক্ৰি কৰি নিদিবা, যি জান্নাতৰ প্ৰস্থ আকাশ আৰু পৃথিৱীৰ সমান। বিভিন্ন ফিতনাৰ পৰা নিজকে দূৰত ৰখা। ফিতনাৰ পৰা পলোৱা, যেনেকৈ বাঘৰ ভয়ত তোমালোকে পলাই থকা । কাৰণ, শান্তি এনেকুৱা বস্তু, যাৰ সমকক্ষ একোৱেই নাই। সৌভাগ্যশালী সেই ব্যক্তি যিয়ে আনৰ উপদেশ গ্রহণ কৰে। সেয়ে তাক্বৱা আৰু সঠিক পথত চলাৰ কাৰণে তোমাৰ প্ৰতিপালকৰ সহায় আৰু তৌফিক কামনা কৰা। কাৰণ, আল্লাহ তা‘আলাই একমাত্ৰ তৌফিক প্ৰদানকাৰী, তেৱেঁই উত্তম অভিভাৱক, তেৱেঁই উত্তম সহায়কাৰী।
আমাৰ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ পৰিয়ালবৰ্গ লগতে তেওঁৰ চাহাবীসকলৰ ওপৰত দুৰূদ আৰু চালাম বৰ্ষিত হওঁক।