×
ইছলাম হৈছে আল্লাহৰ ৰাছুলসকলৰ ধৰ্ম

ইছলাম হৈছে আল্লাহৰ ৰাছুলসকলৰ ধৰ্ম

ইছলামৰ হৈছে, বিশ্বজগতৰ স্ৰষ্টা তথা পৰিচালক আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰা, লগতে মুহাব্বত আৰু শ্ৰদ্ধাৰ সৈতে তেওঁৰ আনুগত্য কৰা তথা তেওঁৰ ওচৰত নত স্বীকাৰ কৰাৰ নাম। ইছলামৰ মূল ভিত্তি হৈছে আল্লাহৰ প্ৰতি ঈমান। অৰ্থাৎ এই বিশ্বাস পোষণ কৰা যে, আল্লাহেই হৈছে সৃষ্টিকৰ্তা আৰু তেওঁৰ বাহিৰে সকলোৱে হৈছে মখলুক বা সৃষ্টি। একমাত্ৰ তেৱেঁই ইবাদতৰ উপযুক্ত, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁৰ আছে সুন্দৰ সুন্দৰ নাম আৰু সৰ্বোচ্চ গুণাৱলী। লগতে তেৱেঁই ত্ৰুটিহীন নিঃ চৰ্ত পৰিপূৰ্ণতাৰ অধিকাৰী। তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই। তেওঁৰ কোনো সমকক্ষ বা সমতুল্য নাই। তেওঁ কোনো সৃষ্টিৰ ভিতৰত প্ৰৱেশ নকৰে আৰু কাৰো আকাৰো ধাৰণ নকৰে।

ইছলাম হৈছে মহান আল্লাহ প্ৰদত্ত ধৰ্ম। এই ধৰ্মৰ বাহিৰে মানুহৰ পৰা আল্লাহে আন কোনো ধৰ্ম গ্ৰহণ নকৰিব। সকলো নবীয়েই এই ধৰ্মৰ মূলমন্ত্ৰৰ বাৰ্তা লৈ আগমন কৰিছিল।

ইছলামৰ অন্যতম আন এটা ভিত্তি হৈছে সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা। অৰ্থাৎ এই বিশ্বাস পোষণ কৰা যে, মহান আল্লাহে ৰাছুলসকলক প্ৰেৰণ কৰিছে তেওঁৰ নিৰ্দেশসমূহ মানুহৰ ওচৰলৈ পৌঁচাই দিয়াৰ উদ্দেশ্যে, লগতে তেওঁলোকৰ প্ৰতি কিতাবসমূহ অৱতীৰ্ণ কৰিছে। তেওঁলোকৰ মাজৰে সৰ্বশেষ ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। মহান আল্লাহে তেখেতক সৰ্বশেষ ঐশী চৰীয়তসহ প্ৰেৰণ কৰিছে, যি চৰীয়তে তেখেতৰ পূৰ্বে অহা ৰাছুলসকলৰ চৰীয়তসমূহক ৰহিত কৰিছে। মহান আল্লাহে তেখেতক ডাঙৰ ডাঙৰ নিদৰ্শনৰ দ্বাৰা শক্তিশালী কৰিছে। তাৰে মাজৰ সৰ্বশ্ৰেষ্ঠ নিদৰ্শন হৈছে আল-কোৰআনুল কাৰীম, এইটো হৈছে বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাণী। এইখন হৈছে মানৱজাতিয়ে জনা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ। ভাষা শৈলী, বিষয়বস্তু, শব্দ গঠন আদিৰ ক্ষেত্ৰত ই হৈছে এটা মুজিঝা (অলৌকিকতা)। ইয়াত আছে পৃথিৱী আৰু আখিৰাতত সৌভাগ্যৰ পথ দেখুৱাব পৰা সত্যৰ হিদায়ত। এইখন আজিলৈকে সেই আৰবী ভাষাতে সংৰক্ষিত হৈ আছে, যি ভাষাত এইখন অৱতীৰ্ণ হৈছিল, ইয়াৰ মাজত এটা আখৰো পৰিবৰ্তন হোৱা নাই, তথা বিকৃত হোৱা নাই।

ইছলামৰ মূলনীতিসমূহৰ অন্যতম হৈছে ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা আৰু শেষ দিৱসৰ প্ৰতি বিশ্বাস কৰা, যেতিয়া ক্বিয়ামতৰ দিনা আল্লাহে মানুহক সিহঁতৰ কবৰৰ পৰা উত্থিত কৰিব সিহঁতৰ কৰ্মৰ হিচাপ নিকাচৰ বাবে। গতিকে যিয়ে ঈমান পোষণ কৰিছে আৰু সৎকৰ্ম কৰিছে তেওঁ জান্নাতত চিৰস্থায়ী সুখ লাভ কৰিব। আনহাতে যিয়ে কুফৰী কৰিছে আৰু অসৎকৰ্ম কৰিছে সি জাহান্নামত মহা শাস্তি ভোগ কৰিব। এইদৰে ইছলামৰ আন এটা মূলনীতি হৈছে আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰৰ প্ৰতি ঈমান পোষণ কৰা, সেয়া ভাল হওক বা বেয়া।

মুছলিমসকলে বিশ্বাস কৰে যে, ঈছা হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল, তেওঁ আল্লাহৰ পুত্ৰ নহয়। কাৰণ আল্লাহ হৈছে মহান, তেওঁৰ স্ত্ৰী বা পুত্ৰ থকাটো অসম্ভৱ। কিন্তু পৱিত্ৰ কোৰআনত আল্লাহে আমাক জনাইছে যে, ঈছা হৈছে এজন নবী, যাক আল্লাহে বহুতো মুজিঝা (অলৌকিকতা) প্ৰদান কৰিছিল। মহান আল্লাহে তেওঁক এই উদ্দেশ্যে প্ৰেৰণ কৰিছিল যে, তেওঁ যাতে তেওঁৰ জাতিৰ লোকসকলক একমাত্ৰ আল্লাহৰ ইবাদতৰ প্ৰতি আহ্বান কৰে, যাৰ কোনো অংশীদাৰ নাই। এই কথাও জনাইছে যে, ঈছাই কেতিয়াও মানুহৰ পৰা এইটো বিচৰা নাছিল যে, মানুহে তেওঁৰ ইবাদত কৰক, বৰং তেওঁ নিজেই সৃষ্টিকৰ্তাৰ ইবাদত কৰিছিল।

ইছলাম হৈছে সাধাৰণ প্ৰকৃতি আৰু সুস্থ বিবেকৰ সৈতে সামঞ্জস্য থকা এটা ধৰ্ম। পক্ষপাতহীন অন্তৰসমূহে অতি সহজে ইয়াক গ্ৰহণ কৰে। মহান সৃষ্টিকৰ্তাই তেওঁৰ সৃষ্টিসকলৰ বাবে ইয়াক বিধি-বদ্ধ কৰিছে। এইটো গোটেই মানৱজাতিৰ বাবে কল্যাণ আৰু সুখৰ ধৰ্ম। ইছলামত কোনো ভেদাভেদ নাই, কোনো জাতিৰ ওপৰত কোনো জাতিৰ আৰু কোনো বৰ্ণৰ ওপৰত কোনো বৰ্ণৰ প্ৰাধান্য নাই। ইয়াত সকলো মানুহ সমান। ইছলামত সৎকৰ্মৰ পৰিমাণৰ বাহিৰে বেলেগ কোনো ক্ষেত্ৰতে কোনেও কাৰো ওপৰত প্ৰাধান্য লাভ কৰিব নোৱাৰে।

গতিকে প্ৰতিজন বিবেকৱান ব্যক্তিৰ বাবেই জৰুৰী মহান আল্লাহক ৰব্ব হিচাপে, ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে বিশ্বাস কৰা। এইটো হৈছে এনেকুৱা বিষয়, যাৰ কোনো বিকল্প নাই। কিয়নো আল্লাহে কিয়ামতৰ দিনা সোধ-পোচ কৰিব যে, সি ৰাছুলসকলৰ আহ্বানত কেনেকুৱা সঁহাৰি দিছিল। এতেকে যদি তেওঁ মুমিন হয়, তেন্তে তেওঁ মহা বিজয় তথা মহা সফলতা অৰ্জন কৰিব। আনহাতে যদি সি কাফিৰ হয় তেন্তে স্পষ্ট ক্ষতিৰ সন্মুখীন হ'ব।

এতেকে যিয়ে ইছলাম গ্ৰহণ কৰিব বিচাৰে, তাৰ কৰ্তব্য হৈছে, এই বাক্যৰ স্বীকৃতি দিয়া যে, أشهد أن لا إله إلا الله وأشهد أن محمدًا رسول الله "আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহ, অ আশ্বাহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ"। (অৰ্থাৎ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল।) ইয়াৰ অৰ্থ জানি বুজি আৰু ইয়াৰ প্ৰতি ঈমান পোষণ কৰি স্বীকৃতি প্ৰদান কৰিলেই তেওঁ মুছলিম হিচাপে বিবেচিত হ'ব। ইয়াৰ পিছত লাহে লাহে চৰীয়তৰ যাৱতীয় বিধি-বিধান সম্পৰ্কে জ্ঞান অৰ্জন কৰিব লাগিব, যাতে আল্লাহে যিবোৰ বিষয় অনিবাৰ্য কৰিছে সেইবোৰ তেওঁ সুচাৰুৰূপে পালন কৰিব পাৰে।

সবিশেষ জানিবলৈ: byenah.com

ইছলাম হৈছে আল্লাহৰ ৰাছুলসকলৰ ধৰ্ম