আশ্বুৰাৰ ৰোজা ৰখাৰ ফজীলত
এই বিষয়টোৰ অনুবাদ
ক্যাটাগৰি সমূহ
উৎস
Full Description
21775: আশ্বুৰাৰ ৰোজা ৰখাৰ ফজীলত
প্ৰশ্ন: মই শুনিছো আশ্বুৰাৰ ৰোজাই বিগত বছৰৰ গুনাহ মোচন কৰি দিয়ে- এইটো সঁচা নে? সকলো গুনাহ মোচন কৰেনে; কবিৰা গুনাহো মোচন কৰে নেকি? এই দিনৰ ইমান ডাঙৰ মৰ্যদাৰ কাৰণ কি?
উত্তৰ:
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে।
এক:
আশ্বুৰাৰ ৰোজাই বিগত বছৰৰ গুনাহ মোচন কৰে। দলীল হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী:
" صِيَامُ يَوْمِ عَرَفَةَ أَحْتَسِبُ عَلَى اللَّهِ أَنْ يُكَفِّرَ السَّنَةَ الَّتِي قَبْلَهُ وَالسَّنَةَ الَّتِي بَعْدَهُ وَصِيَامُ يَوْمِ عَاشُورَاءَ أَحْتَسِبُ عَلَى اللَّهِ أَنْ يُكَفِّرَ السَّنَةَ الَّتِي قَبْلَهُ " رواه مسلم 1162.
“মই আল্লাহৰ ওচৰত প্ৰতিদান প্ৰত্যাশা কৰিছো যে, আৰাফাৰ ৰোজাই বিগত বছৰ আৰু অহা বছৰৰ গুনাহ মাৰ্জনা কৰিব লগতে আৰু প্ৰত্যাশা কৰিছো আশ্বুৰাৰ ৰোজাই বিগত বছৰৰ গুনাহ মাৰ্জনা কৰিব।"[ছহীহ মুছলিম (১১৬২)]
এইটো আমাৰ ওপৰত আল্লাহ তাআলাৰ অনুগ্ৰহ যে, এদিনৰ ৰোজাৰ মাধ্যমত বিগত বছৰৰ সকলো গুনাহ মাৰ্জনা হৈ যাব। নিশ্চয় আল্লাহ মহান অনুগ্ৰহকাৰী।
আশ্বুৰাৰ ৰোজাৰ মহান মৰ্যদাৰ কাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই ৰোজাৰ বিষয়ে বৰ আগ্ৰহী আছিল। ইবনে আব্বাছৰ পৰা বৰ্ণিত তেওঁ কৈছে:
مَا رَأَيْتُ النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يَتَحَرَّى صِيَامَ يَوْمٍ فَضَّلَهُ عَلَى غَيْرِهِ إِلا هَذَا الْيَوْمَ يَوْمَ عَاشُورَاءَ وَهَذَا الشَّهْرَ يَعْنِي شَهْرَ رَمَضَانَ . " رواه البخاري 1867
“ফজিলতপূৰ্ণ দিন হিচাপে আশ্বুৰাৰ ৰোজা আৰু এই মাহৰ ৰোজা অৰ্থাৎ ৰমজানৰ ৰোজাৰ বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক যিমান বেছি আগ্ৰহী দেখিছো আন কোনো ৰোজাৰ বিষয়ে তেনেকুৱা দেখা নাই।"[ছহীহ বুখাৰী (১৮৬৭)]
হাদিছত يتحرى শব্দৰ অৰ্থ- ছোৱাব প্ৰাপ্তি আৰু আগ্রহৰ কাৰণে তেওঁ এই ছওমৰ প্ৰতীক্ষা কৰিছিল।
দুই:
আৰু নবী চাল্লাল্লাহু আলাহি অছাল্লাম কৰ্তৃক আশ্বুৰাৰ ৰোজা ৰখা আৰু এই বিষয়ে ছাহাবায়ে কেৰামক উদ্বুদ্ধ কৰাৰ কাৰণ হৈছে বুখাৰীৰ বৰ্ণিত হাদিছ (১৮৬৫) ইবনে আব্বাছৰ পৰা বৰ্ণিত তেওঁ কৈছে:
قَدِمَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ الْمَدِينَةَ فَرَأَى الْيَهُودَ تَصُومُ يَوْمَ عَاشُورَاءَ فَقَالَ مَا هَذَا ؟ قَالُوا : هَذَا يَوْمٌ صَالِحٌ ، هَذَا يَوْمٌ نَجَّى اللَّهُ بَنِي إِسْرَائِيلَ مِنْ عَدُوِّهِمْ فَصَامَهُ مُوسَى، قَالَ فَأَنَا أَحَقُّ بِمُوسَى مِنْكُمْ فَصَامَهُ وَأَمَرَ بِصِيَامِهِ "
“নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মদিনাত আহিলে তেতিয়া দেখিলে যে, ইয়াহুদিসকলে আশ্বুৰাৰ দিনা ৰোজা ৰাখে। তেখেতে ক'লে: “তোমালোকে কিয় ৰোজা ৰখা"? সিহঁতে ক'লে: “এইটো উত্তম দিন। এই দিনা আল্লাহে বনি ইছৰাঈলক সিহঁতৰ শত্ৰুৰ পৰা মুক্ত কৰিছে; সেয়ে মুছা আলাইহিচ ছালামে এই দিনা ৰোজা ৰাখিছিল"। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: “তোমালোকতকৈ আমি মুছাৰ অধিক নিকটৱৰ্তী"। ফলত তেওঁ এই দিনা ৰোজা ৰাখিছিল আৰু আনকো ৰোজা ৰখাৰ নিৰ্দেশ দিছিল।"
এই হাদিছৰ বাক্য: “এইটো উত্তম দিন" মুছলিমৰ বৰ্ণনাত আহিছে- “এইটো মহান দিন। এই দিনা আল্লাহে মুছাক আৰু তেওঁৰ সম্প্ৰদায়ক ফিৰআউন আৰু তাৰ সৈন্যবাহিনীৰ পৰা মুক্ত কৰিছিল লগতে ফিৰআউন আৰু তাৰ সৈন্যবাহিনীক ডুবাই মাৰিছিল।"
হাদিছৰ উদ্ধৃতি: “সেয়ে মুছা আলাইহিচ ছালামে এই দিনা ৰোজা ৰাখিছিল" ছহীহ মুছলিমত আৰু অলপ বৃদ্ধি আছে যে, “...আল্লাহৰ প্ৰতি কৃতজ্ঞতাস্বৰূপ; সেয়ে আমি এই দিনা ৰোজা ৰাখো"।
বুখাৰীৰ আন এটা বৰ্ণনাত আহিছে যে- “এই দিনৰ মহান মৰ্যদাৰ বাবে আমি এই দিনা ৰোজা ৰাখোঁ"।
হাদিছৰ উদ্ধৃতি: “আনকো ৰোজা ৰখাৰ নিৰ্দেশ দিছিল।" বুখাৰীৰ আন এটা বৰ্ণনাত আহিছে- “তেওঁ নিজ ছাহাবীসকলক ক'লে: “তোমালোকে সিহঁততকৈ মুছাৰ অধিক নিকটৱৰ্তী। এতেকে তোমালোকে ৰোজা ৰখা"।
তিনি:
আশ্বুৰাৰ ৰোজাৰ দ্বাৰা কেৱল সৰু-সুৰা গুনাহসমূহ মাৰ্জনা হ'ব। কবিৰা গুনাহ বিশেষ তওবাবিহীন মোচন নহয়। ইমাম নৱৱী (ৰাহিমাহুল্লাহে) কৈছে: “আশ্বুৰাৰ ৰোজাই সকলো ছাগীৰা (সৰু) গুনাহ মোচন কৰে। হাদিছৰ বাণীৰ সাৰাংশ হৈছে- কবিৰা গুনাহৰ বাহিৰে সকলো গুনাহ মোচন কৰি দিয়ে"। ইয়াৰ পিছত তেওঁ আৰু কৈছে: “আৰাফাৰ ৰোজাই দুই বছৰৰ গুনাহ মোচন কৰে আৰু আশ্বুৰাৰ ৰোজাই এক বছৰৰ গুনাহ মোচন কৰে। মুক্তাদিৰ আমীন কোৱা যদি ফিৰিস্তাসকলৰ আমীন কোৱাৰ লগত মিলি যায় তেনেহ'লে পূৰ্বৰ সকলো গুনাহ মাফ কৰি দিয়া হয়... উল্লেখিত আমলসমূহৰ মাধ্যমত পাপ মোচন হয়। যদি বান্দাৰ ছাগীৰা গুনাহ থাকে তেনেহ'লে ছাগীৰা গুনাহ মোচন হয়। যদি ছাগীৰা (সৰু) বা কবিৰা (ডাঙৰ) কোনো গুনাহ নাথাকে তেনেহ'লে তাৰ আমলনামাত নেকি লিখা হয় আৰু তাৰ মৰ্যদা বৃদ্ধি কৰা হয়। ... যদি কবিৰা গুনাহ থাকে, ছাগীৰা গুনাহ নাথাকে তেনেহ'লে কবিৰা গুনাহক অলপ হ্ৰাস কৰাৰ আশা কৰিব পাৰি"।[আল-মাজমু শ্বাৰহুল মুহাজ্জাব, খণ্ড-৬]
শ্বাইখুল ইছলাম ইবনে তাইমিয়া ৰাহিমাহুল্লাহে কৈছে:
وَتَكْفِيرُ الطَّهَارَةِ , وَالصَّلاةِ , وَصِيَامِ رَمَضَانَ , وَعَرَفَةَ , وَعَاشُورَاءَ لِلصَّغَائِرِ فَقَطْ . الفتاوى الكبرى ج5 .
“পৱিত্ৰতা অৰ্জন কৰা, ছালাত আদায় কৰা, ৰমজানৰ ৰোজা ৰখা, আৰাফাৰ দিনা ৰোজা ৰখা, আশ্বুৰাৰ দিনা ৰোজা ৰখা ইত্যাদিৰ মাধ্যমত কেৱল ছাগীৰা গুনাহ মোচন হয়"। [আল-ফাতাৱা আল-কুবৰা, খণ্ড-৫]
ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট