×
মই এজন মুছলিম

মই এজন মুছলিম

লেখকঃ ড. মুহাম্মদ বিন ইব্ৰাহীম আল-হামাদ

মই এজন মুছলিম, অৰ্থাৎ মোৰ ধৰ্ম হৈছে ইছলাম।ইছলাম হৈছে পৱিত্ৰ তথা মহান এটা শব্দ। যিটো আৰম্ভণিৰ পৰা শেষলৈকে সকলো নবীয়ে ইজনে সিজনৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে।এই শব্দটোৱে কেইবাটাও মহান, সুপ্ৰতিষ্ঠিত, বৃহৎ, উচ্চ অৰ্থ প্ৰকাশ কৰে।ইয়াৰ অৰ্থ হৈছে আত্মসমৰ্পন কৰা, নত স্বীকাৰ কৰা, আৰু স্ৰষ্টাৰ আনুগত্য কৰা।লগতে ব্যক্তি আৰু সমাজৰ বাবে সুখ, শান্তি, নিৰাপত্তা আদিৰ অৰ্থ প্ৰকাশ কৰে।

সেইকাৰণেই ইছলামী চৰীয়তত ইছলাম আৰু ছালাম শব্দটো বেছি ব্যৱহাৰ হৈছে।ছালাম হৈছে আল্লাহৰ এটা গুণবাচক সুন্দৰ নাম।লগতে মুছলিমসকলে পৰস্পৰে অভিবাদন কৰা শব্দকো ছালাম বোলে।এইদৰে জান্নাতীসকলকো ছালাম শব্দৰেই অভিবাদন জনোৱা হ'ব।হাদীছত ছালাম শব্দ ব্যৱহাৰ কৰি কোৱা হৈছে যে, প্ৰকৃত মুছলিম হৈছে সেইজন ব্যক্তি, যাৰ জিভা আৰু হাতৰ (অনিষ্টৰ) পৰা অন্য মুছলিম নিৰাপদে থাকে।ইছলাম হৈছে সকলোৰে বাবে কল্যাণকৰ ধৰ্ম। পৃথিৱী আৰু আখিৰাতত কল্যাণ লাভৰ এইটোৱে হৈছে একমাত্ৰ পথ।সেইকাৰণে এই ধৰ্মটো একেবাৰে শেষত আহিছে, গোটেই দিশ সামৰি, প্ৰশস্ত আকাৰে, স্পষ্টভাৱে তথা প্ৰত্যেকৰে বাবে উন্মোক্ত কৰি ৰাখিছে। কোনো ধৰণৰ ভেদাভেদ নাই, কোনো বৰ্ণৰ পাৰ্থক্য নাই, বৰং সকলোকে একে দৃষ্টিৰে চোৱা হয়।ইছলামত কাৰো মাজত কোনো পাৰ্থক্য নাই, কেৱল যিয়ে এই বিষয়ে অধিক শিক্ষা গ্ৰহণ কৰিব তাৰ বিষয়টো সুকীয়া।

সেয়ে সকলো ধৰণৰ মানুহে ইয়াক সমানে আঁকোৱালি লয়। কাৰণ এইটো সৃষ্টিগত স্বভাৱৰ অনুকূল।প্ৰতিজন ব্যক্তিয়ে কল্যাণ, ন্যায়, স্বাধীনতা, নিজ প্ৰতিপালকৰ প্ৰতি ভালপোৱা লৈ জন্ম গ্ৰহণ কৰে। লগতে এই কথা স্বীকাৰ কৰে যে, আল্লাহেই একমাত্ৰ ইবাদতৰ উপযুক্ত, বেলেগ কোনো নহয়।জন্মগত এই স্বভাৱৰ পৰা কোনেও আঁতৰি নাযায়, কিন্তু যেতিয়াই তাৰ ভিতৰত বাহিৰা বিকৃতকাৰী শক্তি প্ৰৱেশ কৰে তেতিয়া সি এইবোৰৰ পৰা আঁতৰি যায়।সৃষ্টিকৰ্তাই এই ধৰ্মটোকেই মানুহৰ বাবে পছন্দ কৰিছে। তেৱেঁই সিহঁতৰ প্ৰতিপালক আৰু তেৱেঁই সিহঁতৰ উপাস্য।

মোৰ ধৰ্ম ইছলামে মোক শিকায় যে, এই পাৰ্থিৱ জীৱন হৈছে মোৰ বাবে ক্ষণস্থায়ী জীৱন, আৰু মৃত্যুৰ পিছত মই বেলেগ জীৱনলৈ উভতি যাম। সেইটো হ'ব চিৰস্থায়ী জীৱন। প্ৰত্যেকেই তালৈ উভতি যাব লাগিব, তাত কিছুমানে জান্নাত লাভ কৰিব আৰু কিছুমানে জাহান্নামত বাস কৰিব।

মোৰ ধৰ্ম ইছলামে মোক সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে।যদি মই সেইবোৰ সৎকৰ্ম কৰোঁ আৰু অসৎকৰ্মৰ পৰা বিৰত থাকোঁ তেন্তে পৃথিৱী আৰু আখিৰাতত সুখী জীৱন লাভ কৰিম।আনহাতে যদি সেইবোৰ পালন নকৰোঁ তেন্তে পৃথিৱী আৰু আখিৰাতত সেই অনুপাতে দুৰ্ভগীয়া জীৱন কটাব লাগিব।

ইছলামে মোক আদেশ কৰা সৰ্ববৃহৎ বিষয়টো হৈছে তাওহীদ বা আল্লাহৰ একত্ববাদ স্বীকাৰ কৰা।গতিকে মই সাক্ষ্য দিওঁ আৰু সম্পূৰ্ণৰূপে দৃঢ় বিশ্বাস কৰোঁ যে, নিশ্চয় আল্লাহেই হৈছে মোৰ সৃষ্টিকৰ্তা, আৰু মোৰ উপাস্য।মই আল্লাহৰ বাহিৰে আন কাৰো ইবাদত (উপাসনা) নকৰোঁ। তেওঁক মুহাব্বত কৰি, তেওঁৰ শাস্তিক ভয় কৰি আৰু তেওঁৰ প্ৰতিদান কামনা কৰি, লগতে তেওঁৰ ওপৰত ভৰসা কৰি মই তেওঁৰ ইবাদত কৰোঁ।এই তাওহীদৰ স্বীকাৰোক্তিৰ উদ্দেশ্য হৈছে এই সাক্ষ্য প্ৰদান কৰা যে, আল্লাহ হৈছে এক তথা অদ্বিতীয়, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ নবী আৰু ৰাছুল।মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে সৰ্বশেষ নবী। আল্লাহে তেওঁক গোটেই বিশ্ববাসীৰ বাবে ৰহমত হিচাপে প্ৰেৰণ কৰিছে। লগতে তেওঁৰ দ্বাৰা নবুওৱত আৰু ৰিছালতৰ ওপৰত মোহৰ মাৰিছে। এতেকে তেওঁৰ পিছত আৰু কোনো নবী নাহিব।এই ধৰ্ম প্ৰতিটো যুগ, প্ৰতিটো স্থান আৰু প্ৰতিটো জাতিৰ বাবে উপযুক্ত।

মোৰ ধৰ্মই মোক ফিৰিস্তাসকলৰ ওপৰত ঈমান পোষণ কৰিবলৈ দৃঢ়তাৰে নিৰ্দেশ দিয়ে। লগতে সকলো ৰাছুলৰ ওপৰতো ঈমান আনিবলৈ আদেশ দিয়ে। তেওঁলোকৰ ভিতৰত অন্যতম হৈছেঃ নূহ, ইব্ৰাহীম, মুছা, ঈছা আৰু মুহাম্মদ আলাইহিমুচ্ছালাম।

লগতে মোক নিৰ্দেশ দিয়ে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হোৱা কিতাবসমূহৰ প্ৰতি ঈমান আনিবলৈ, আৰু তাৰে সৰ্বশেষ তথা মহান কিতাবৰ অনুসৰণ কৰাৰ আদেশ দিয়ে, অৰ্থাৎ (পৱিত্ৰ কোৰআনৰ)।

মোৰ ধৰ্মই মোক শেষ দিৱসৰ প্ৰতি ঈমান আনিবলৈ হুকুম দিয়ে, যিদিনা মানুহক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিয়া হ'ব।লগতে ভাগ্যৰ প্ৰতি ঈমান আনিবলৈও আদেশ দিয়ে। লগতে এই পাৰ্থিৱ জীৱনত মোক যি দুখ-কষ্টই স্পৰ্শ কৰে তাৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে, আৰু পৰিত্ৰাণৰ উপায় অৱলম্বন কৰিবলৈ আদেশ দিয়ে।

ভাগ্যৰ প্ৰতি ঈমানে মোক প্ৰশান্তি, স্থিৰতা আৰু ধৈৰ্য্য ধাৰণ কৰাৰ শক্তি দিয়ে, লগতে নোপোৱা বস্তুৰ ওপৰত পৰিতাপ কৰাৰ পৰা বিৰত ৰাখে।কাৰণ মই এই কথা নিশ্চিতভাৱে জানো যে, যিটো মই পাইছোঁ, সেইটো মই পাবলগীয়াই আছিল, আৰু যিটো মই পোৱা নাই, সেইটো দৰাচলতে মই পাবলগীয়াই নাছিলোঁ।কিয়নো প্ৰতিটো বস্তু নিৰ্ধাৰিত আছে আৰু আল্লাহৰ ফালৰ পৰা লিপিবদ্ধ আছে। মোৰ কৰ্তব্য হৈছে কেৱল উপায় অৱলম্বন কৰা আৰু যি হ'ব তাৰ ওপৰত সন্তুষ্ট হোৱা।

ইছলামে মোক নেক আমলৰ জৰিয়তে মোৰ আত্মাক পৱিত্ৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে। লগতে এনেকুৱা উত্তম চৰিত্ৰ অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে যিটোৰ দ্বাৰা মোৰ প্ৰতিপালক সন্তুষ্ট হয়, মোৰ মন পৱিত্ৰ হয়, অন্তৰ সুখী হয়, বুকু প্ৰশস্ত হয়, মোৰ পথ আলোকময় হয়, লগতে যি চৰিত্ৰই মোক সমাজৰ এজন সু সদস্যত ৰূপান্তৰিত কৰে।

সেই নেক আমলৰ অন্যতম হৈছেঃ আল্লাহৰ তাওহীদ স্বীকাৰ কৰা, দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ প্ৰতিষ্ঠা কৰা, সম্পদৰ জাকাত আদায় কৰা, বছৰত এমাহ ৰোজা পালন কৰা অৰ্থাৎ ৰমজান মাহৰ, আৰু সক্ষম হ'লে মক্কাত গৈ বাইতুল্লাহৰ হজ্জ কৰা।

মোৰ ধৰ্মই মোক নিৰ্দেশনা দিয়া আটাইতকৈ মহান আমলটো, যি আমলে বুকু প্ৰশস্ত কৰে, সেয়া হৈছে অধিক কোৰআন তিলাৱত কৰা। কোৰআন হৈছে আল্লাহৰ কালাম তথা সত্য বাণী। তেওঁৰ সামগ্ৰিক তথা মহান বাণী। য'ত পূৰ্বৱৰ্তী আৰু পৰৱৰ্তীৰ সকলো জ্ঞান সামৰি লোৱা আছে।এইখন তিলাৱত কৰিলে বা মনোযোগ সহকাৰে শুনিলে অন্তৰত সুখ, শান্তি আৰু স্থিৰতা প্ৰৱেশ কৰে। যদিও তিলাৱতকাৰীয়ে আৰবী বুজি নাপায়, বা অমুছলিম হয়।

অন্তৰ প্ৰশস্ত হোৱাৰ বাবে আৰু এটা মহান আমল হৈছে অধিক দুআ কৰা, আৰু আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা, লগতে সৰু-বৰ সকলো সমস্যাৰ বাবে আল্লাহৰ ওচৰত সমাধান প্ৰাৰ্থনা কৰা।কাৰণ যিয়ে নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰে আৰু তেওঁৰ ওচৰত দুআ কৰে আল্লাহে তাৰ দুআ কবূল কৰে।

অন্তৰ প্ৰশস্ত কৰাৰ আৰু এটা অন্যতম আমল হৈছে, আল্লাহক বেছি বেছি স্মৰণ কৰা।

মোৰ প্ৰিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক নিৰ্দেশনা দিছে, কেনেকৈ আল্লাহক স্মৰণ কৰিব লাগে। লগতে আল্লাহক স্মৰণ কৰাৰ আটাইতকৈ উত্তম বাক্য শিকাইছে।তাৰে অন্তৰ্ভুক্ত হৈছে সেই চাৰিটা বাক্য, যিবোৰ কোৰআনৰ পিছত আটাইতকৈ উত্তম বুলি বিবেচিত। সেয়া হৈছেঃ (ছুবহানাল্লাহ, অলহামদুলিল্লাহ, অলা ইলা-হা ইল্লাল্লাহ, অল্লাহু আকবাৰ।)

এইদৰে (আস্তাগফিৰুল্লাহ, অলা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ)

বুকু প্ৰশস্ততাৰ ক্ষেত্ৰত আৰু অন্তৰত শান্তি অনুভৱ কৰাৰ ক্ষেত্ৰত এই বাক্যবোৰৰ আশ্চৰ্যকৰ প্ৰভাৱ আছে।

ইছলামে মোক উচ্চ মৰ্যাদাৱান হ'বলৈ নিৰ্দেশ দিয়ে, মানৱতা আৰু মান-মৰ্যাদা ক্ষতি হোৱা কৰ্মৰ পৰা বিৰত থাকিবলৈ শিকায়।লগতে মোৰ বিবেক আৰু অংগ-প্ৰত্যংগক দ্বীন আৰু দুনিয়াৰ বাবে নেক আমলত ব্যৱহাৰ কৰিবলৈ শিকায়।

ইছলামে মোক দয়া কৰিবলৈ নিৰ্দেশ দিয়ে, লগতে উত্তম চৰিত্ৰ অৱলম্বন কৰিবলৈ, সদাচৰণ কৰিবলৈ, লগতে সাধ্যানুসাৰে কথা আৰু কৰ্মৰ দ্বাৰা সকলো সৃষ্টিৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ শিকায়।

সৃষ্টিৰ অধিকাৰসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ অধিকাৰ যিটো মোক আদেশ কৰা হৈছে সেয়া হৈছে পিতৃ-মাতৃৰ অধিকাৰ। মোৰ ধৰ্মই মোক তেওঁলোকৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ শিকায়। লগতে তেওঁলোকৰ কল্যাণ কামনা কৰিবলৈ শিকায়। তেওঁলোকক সুখী কৰিবলৈ আৰু তেওঁলোকৰ উপকাৰক অগ্ৰাধিকাৰ দিবলৈ শিকায়, বিশেষকৈ বৃদ্ধাৱস্থাত।সেইকাৰণেই আপুনি দেখিবলৈ পাব ইছলামী সমাজত পিতৃ-মাতৃক উচ্চ মৰ্যাদা প্ৰদান কৰা হয়, আৰু সন্তান-সন্ততিসকলৰ ফালৰ পৰা তেওঁলোকলৈ খিদমত বা সেৱা আগবঢ়োৱা হয়।পিতৃ-মাতৃ যিমানেই বৃদ্ধ হয়, অথবা বেমাৰত ভোগে নাইবা অসুস্থ হয়, সিমানেই ল'ৰা-ছোৱালীৰ সদাচৰণ তেওঁলোকৰ প্ৰতি বৃদ্ধি পায়।

মোৰ ধৰ্মই মোক শিকাইছে যে, নাৰীসকলৰ উচ্চ মৰ্যাদা আৰু মহান অধিকাৰ আছে।ইছলামত নাৰীসকলক পুৰুষৰ সমপৰ্যায়ৰ অধিকাৰ দিয়া হৈছে। মানুহৰ ভিতৰত সৰ্বোত্তম হৈছে সেই ব্যক্তি যিয়ে নিজৰ পৰিয়ালৰ দৃষ্টিত উত্তম।মুছলিম নাৰীৰ শৈশৱৰ অধিকাৰ হৈছে তাইক পিয়াহ খোওৱা, তাইৰ প্ৰতি মনোযোগ দিয়া, উত্তমভাৱে লালন-পালন কৰা। শৈশৱত মুছলিম নাৰী থাকে চকুৰ মণি হিচাপে। লগতে পিতৃ-মাতৃ আৰু ভাতৃসকলৰ বাবে অতি মৰমৰ হৈ ৰয়।

ডাঙৰ হোৱাৰ পিছত তাই সন্মানৰ পাত্ৰ হৈ পৰে, অভিভাৱকে তাইৰ প্ৰতি সচেতন থাকে আৰু যত্ন সহকাৰে লালন-পালন কৰে।তাইৰ প্ৰতি কোনো অপ্ৰীতিকৰ হাত আগবাঢ়ি অহা, নাইবা কোনো বেয়া ভাষা অথবা কোনো কুদৃষ্টি নিক্ষেপিত হোৱাটো কেতিয়াও পছন্দ নকৰে।

আৰু যেতিয়া আল্লাহৰ চূড়ান্ত কথা আৰু দৃঢ় প্ৰতিশ্ৰুতি অনুসৰি বিবাহত আৱদ্ধ হয়,তেতিয়া গিৰিয়েকৰ ঘৰত সন্মানীয় সঙ্গী হৈ পৰে।স্বামীৰ ওপৰত অনিবাৰ্য হৈছে তাইক যথাযথ মৰ্যাদা প্ৰদান কৰা, তাইৰ লগত সদাচৰণ কৰা, আৰু কোনো ধৰণৰ কষ্ট নিদিয়া।

আৰু যেতিয়া মাতৃ হয় তেতিয়া তাইৰ অধিকাৰ আল্লাহৰ অধিকাৰৰ সৈতে সংযুক্ত হয়। মাকৰ অবাধ্যতা কৰা আৰু তেওঁক কষ্ট দিয়াটোক শ্বিৰ্কৰ দৰে গুনাহৰ সৈতে সম্পৃক্ত কৰা হৈছে তথা ইয়াক পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰাৰ সমতুল্য বুলি কোৱা হৈছে।

আৰু যদি বায়েক-ভনীয়েক হয় তেন্তে এজন মুছলিমক আদেশ দিয়া হৈছে তাইৰ সৈতে উত্তম আচৰণ কৰিবলৈ, সন্মান কৰিবলৈ আৰু তাইকলৈ সচেতন থাকিবলৈ।আনহাতে যদি মাহী হয়, তেন্তে সদাচৰণ আৰু সদ্ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁৰ সন্মান হৈছে মাকৰ সমতুল্য।

আনহাতে যদি আইতা হয় বা বৃদ্ধা অৱস্থাত পৰিণত হয় তেন্তে সন্তান আৰু নাতি-নাতিনী তথা সকলো আত্মীয়ৰ ওচৰত তেওঁৰ মৰ্যাদা আৰু অধিক বৃদ্ধি পায়। সেই সময়ত তেওঁৰ কোনো আবেদন অগ্ৰাহ্য কৰা নহয় আৰু তেওঁৰ অভিমতক নাকচ কৰা নহয়।

আনহাতে যদি কোনো আত্মীয়তাৰ সম্পৰ্ক নাইবা প্ৰতিবেশীৰ সম্পৰ্ক নাথাকে তেন্তে তাইৰ সাধাৰণ অধিকাৰ হৈছে, তাইক কষ্ট নিদিয়া আৰু তাইক দেখিলে দৃষ্টি সংযত কৰি ৰখা আদি।

এতিয়াও মুছলিম সমাজত এইবোৰ অধিকাৰ যথাযথভাৱে পালন কৰা হয়। যিবোৰে এজনী নাৰীক উচ্চ মৰ্যাদা প্ৰদান কৰে, কিন্তু এইবোৰ অমুছলিম সমাজত দেখিবলৈ পোৱা নাযায়।

ইয়াৰ বাহিৰেও ইছলামত নাৰীয়ে মালিক হোৱাৰ অধিকাৰ ৰাখে, যেনে- ক্ৰয়-বিক্ৰয়, বিভিন্ন প্ৰকাৰৰ চুক্তি আদি সম্পন্ন কৰাৰ অধিকাৰ আছে। এইদৰে শিক্ষা লোৱা আৰু শিক্ষা দিয়াৰো অধিকাৰ আছে আৰু এনেকুৱা প্ৰতিটো কাম কৰাৰো অধিকাৰ আছে যিটো ধৰ্মৰ বিপৰীত নহয়।আনকি যিখিনি জ্ঞান অৰ্জন কৰা অপৰিহাৰ্য সেইখিনি জ্ঞান অৰ্জন নকৰিলে গুনাহগাৰ হ'ব, পুৰুষেই হওক বা নাৰী।

বৰং নাৰীৰ বাবে পুৰুষৰ সমানেই অধিকাৰ নিৰ্ধাৰিত আছে, কেৱল সেইখিনিৰ বাহিৰে যিবোৰ নাৰীৰ বাবে বিশেষ অথবা যিবোৰ পুৰুষৰ বাবে বিশেষ। তেওঁলোকৰ প্ৰত্যেকৰে লগত খাপ খোৱাকৈ বিধানসমূহ নিজৰ ঠাইত বিশদভাৱে উল্লেখ কৰা হৈছে।

মোৰ ধৰ্মই মোক মোৰ ভাতৃসকলক, মোৰ দদাই-বৰপাই আৰু পেহীসকলক, মোৰ মামা আৰু মাহীসকলক, লগতে সকলো আত্মীয়ক মুহাব্বত কৰিবলৈ নিৰ্দেশ দিয়ে। এইদৰে স্বামী-স্ত্ৰীৰ অধিকাৰ আৰু সন্তান-সন্ততি আৰু প্ৰতিবেশীৰ অধিকাৰ পালন কৰিবলৈ নিৰ্দেশ দিয়ে।

মোৰ ধৰ্মই মোক জ্ঞান অৰ্জন কৰিবলৈ নিৰ্দেশ দিয়ে, লগতে মোৰ বিবেক-বুদ্ধি, চৰিত্ৰ আৰু চিন্তাধাৰা উন্নত কৰিবলৈ উৎসাহিত কৰে।

মোক আৰু নিৰ্দেশ দিয়ে হায়া বা লাজ অৱলম্বন কৰিবলৈ, সহনশীল, নম্রতা, উদাৰতা, সাহসিকতা, প্রজ্ঞা, সংযম, ধৈৰ্য্য, সততা, বিনয়ী, পাক-পৱিত্ৰতা আদি অৱলম্বন কৰিবলৈ, লগতে মানুহৰ প্ৰতি ভালপোৱা, জীৱিকা অৰ্জনৰ বাবে সচেষ্ট হোৱা, অভাৱীসকলৰ প্রতি দয়া কৰা, অসুস্থসকলক শুশ্ৰুষা কৰা, প্রতিশ্রুতি পূৰণ কৰা, উত্তম কথা কোৱা, মানুহৰ সৈতে হাঁহিমুখে সাক্ষাৎ কৰা, লগতে সক্ষম অনুযায়ী তেওঁলোকক সুখী কৰিবলৈ যত্নৱান হ'বলৈ নিৰ্দেশ কৰে।

আনহাতে, মোক অজ্ঞতাৰ পৰা সতৰ্ক কৰে আৰু কুফৰৰ পৰা বিৰত থাকিবলৈ কয়, লগতে নাস্তিকতা, অবাধ্যতা, অনৈতিকতা তথা অশ্লীলতা, ব্যভিচাৰ, বিকৃততা, অহংকাৰ, হিংসা, ঘৃণা, বেয়া ধাৰণা, অমঙ্গল জ্ঞান কৰা, দুশ্চিন্তা, মিছা কথা, হতাশা, কৃপণতা, অলসতা, কাপুৰুষতা, ক্রোধ, নিৰ্বোধতা আদিৰ পৰা বিৰত ৰাখে। মানুহৰ লগত বেয়া ব্যৱহাৰ কৰা, অধিক অপ্ৰয়োজনীয় কথা কোৱা, গোপনীয়তা প্রকাশ কৰা, বিশ্বাসঘাতকতা কৰা, প্রতিশ্রুতি ভংগ কৰা, পিতৃ-মাতৃৰ অবাধ্যতা কৰা, আত্মীয়তাৰ বন্ধন ছিন্ন কৰা, সন্তানসকলক শাসন নকৰা, অন্যান্য সৃষ্টি জীৱৰ লগতে বিশেষকৈ প্ৰতিৱেশীক কষ্ট দিয়া আদিৰ পৰা বিৰত ৰাখে।

লগতে ইছলামে মোক মাদক দ্ৰৱ্য সেৱন কৰিবলৈ নিষেধ কৰে, নিচা জাতীয় বস্তু ব্যৱহাৰ কৰাৰ পৰা, ধন-সম্পদৰ দ্বাৰা জুৱা খেলৰ পৰা, চুৰি, প্ৰতাৰণা, ঠগোৱা, মানুহক ভয় দেখুৱা, সিহঁতৰ ওপৰত গুপ্তচৰগিৰি কৰা, সিহঁতৰ দোষ-ত্ৰুটি খুচৰি ফুৰা আদিৰ পৰা নিষেধ কৰে।

মোৰ ধৰ্ম ইছলামে ধন-সম্পদৰ সুৰক্ষা প্ৰদান কৰে, ইয়াৰ মাজতেই শান্তি আৰু নিৰাপত্তা বিৰাজ কৰে। এইকাৰণেই আমানত আদায়ৰ প্ৰতি গুৰুত্বাৰোপ কৰা হৈছে আৰু আমানত আদায়কাৰীৰ প্ৰশংসা কৰা হৈছে, লগতে সুখী জীৱনৰ প্ৰতিশ্ৰুতি দিছে আৰু আখিৰাতত জান্নাতত প্ৰৱেশৰ সুসংবাদ দিছে। এইদৰে চুৰি কাৰ্য্য হাৰাম কৰিছে আৰু এনেকুৱা কৰ্মৰ সৈতে জৰিত ব্যক্তিক পৃথিৱী আৰু আখিৰাতত শাস্তি দিয়া হ'ব বুলি সতৰ্ক কৰা হৈছে।

মোৰ ধৰ্মই প্ৰাণৰ সুৰক্ষা প্ৰদান কৰে। সেইকাৰণেই নিৰ্দোষী ব্যক্তিক হত্যা কৰিবলৈ নিষেধ কৰিছে। এইদৰে আনৰ প্ৰতি অন্যায় কৰিবলৈ নিষেধ কৰিছে, যদিও সেয়া কথাৰ দ্বাৰাই নহওক কিয়।

বৰং নিজৰ ওপৰত অন্যায় কৰিবলৈও নিষেধ কৰিছে। এতেকে মানুহে নিজৰ বিবেক আৰু স্বাস্থ্য বিনষ্ট কৰা উচিত নহয়। এইদৰে আত্মহত্যা কৰাও হাৰাম কৰিছে।

মোৰ ধৰ্ম ইছলামে মোক স্বাধীনতাৰ নিশ্চয়তা প্ৰদান কৰে, আৰু ইয়াৰ বাবে দিশ-নিৰ্দেশনা দিয়ে।এতেকে ইছলামত মানুহে চিন্তা-চৰ্চা, ক্ৰয়-বিক্ৰয়, ব্যৱসায়-বাণিজ্য, আমদানী-ৰপতানী আদি স্বাধীনভাৱে কৰিব পাৰে। এইদৰে উত্তম জীৱন উপভোগ কৰিব পাৰে, ভাল খাদ্য সামগ্ৰী, পানীয়, কাপোৰ-কানি, হাৰাম নোহোৱা তথা ক্ষতি নকৰা বৈধ গীত-মাত আদি উপভোগ কৰিব পাৰে।

মোৰ ধৰ্মই স্বাধীনতাৰ দিশ নিয়ন্ত্ৰণ কৰে, সেয়ে ইজনে সিজনৰ ওপৰত কোনো প্ৰকাৰ অন্যায়-অত্যাচাৰ কৰাৰ অনুমতি নিদিয়ে। এইদৰে হাৰাম আনন্দ স্ফুৰ্তিৰো অনুমতি নিদিয়ে, যিটোৱে তাৰ ধন-সম্পদ, সুখ-শান্তি আৰু মানৱতা ধ্বংস কৰে।

আৰু আপুনি যদি সিহঁতৰ ফালে লক্ষ্য কৰে, যিসকলে সকলো ক্ষেত্ৰতে নিজকে স্বাধীনতা দিছে, লগতে ধৰ্ম বা বিবেকৰ প্ৰতি ভ্ৰূক্ষেপ নকৰাকৈ নিজৰ মনে বিচৰা প্ৰবৃত্তিৰ সকলো চাহিদা পূৰণ কৰে- আপুনি সিহঁতক দুখ-কষ্ট আৰু সংকীৰ্ণতাৰ সৰ্বস্তৰত বাস কৰা দেখিবলৈ পাব, আনকি দুশ্চিন্তাৰ পৰা মুক্তি পোৱাৰ আশাত সিহঁতৰ কিছুমানক আপুনি আত্মহত্যা কৰাও দেখিবলৈ পাব।

মোৰ ধৰ্মই মোক শিষ্টাচাৰ শিকায়, খোৱা-বোৱা, টোপনি, মানুহৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰিব লাগে আদি সকলো শিষ্টাচাৰ শিকায়।

মোৰ ধৰ্মই মোক ক্রয়-বিক্রয় আৰু অধিকাৰ দাবী কৰাৰ ক্ষেত্ৰত সহনশীলতা শিকায়।এইদৰে ধৰ্মীয় ক্ষেত্ৰত বিৰোধিতা কৰা লোকৰ ক্ষেত্ৰতো সহনশীলতা শিকায়। সেয়ে মই সিহঁতক কোনো ধৰণৰ অন্যায় নকৰোঁ আৰু সিহঁতৰ লগত বেয়া ব্যৱহাৰো নকৰোঁ। বৰং মই সিহঁতৰ সৈতে ভাল ব্যৱহাৰ কৰোঁ আৰু মই কামনা কৰোঁ সিহঁতেও কল্যাণ প্ৰাপ্ত হওক।

মুছলমানৰ ইতিহাস সাক্ষী আছে, তেওঁলোকে বিৰোধীসকলৰ সৈতে এনেকুৱা সহনশীলতাৰ ব্যৱহাৰ কৰিছে যিটো আচৰণ ইতিপূৰ্বে কোনো জাতিয়ে প্ৰত্যক্ষ কৰা নাছিল।মুছলিমসকলে বিভিন্ন ধৰ্মৰ জাতিৰ সৈতে সহাবস্থান কৰিছে, আৰু সিহঁতে মুছলিম শাসকৰ অধীনত জীৱন-যাপন কৰিছিল, তথাপিও মুছলিমসকলে সিহঁত সকলোৰে সৈতে সৰ্বোত্তম ব্যৱহাৰ কৰিছিল আৰু মানৱতাৰ উত্তম নিদৰ্শন দাঙি ধৰিছিল।

মুঠতে, ইছলামে মোক শিষ্টাচাৰৰ সূক্ষ্মতা, আচৰণৰ সৌন্দর্য আৰু সৰ্বোত্তম আচাৰ-আচৰণ শিকাইছে, যিয়ে মোৰ জীৱন বৃত্তান্ত বৰ্ণনা কৰে আৰু মোৰ আনন্দক পূৰ্ণতা দান কৰে,লগতে মোৰ জীৱনক বিঘ্নিত কৰিব পৰা কাম কৰিবলৈ নিষেধ কৰে আৰু সামাজিক, দৈহিক, আত্মিক, ধন-সম্পদ, মান-মৰ্যাদা আৰু সন্মানৰ ক্ষতি হ'ব পৰা কাম কৰিবলৈ বিৰত ৰাখে।

সেইবোৰ জ্ঞান অৰ্জন অনুপাতে মোৰ সুখ বৃদ্ধি পায়।মোৰ অৱহেলা আৰু ভুল অনুপাতে সুখ সিমানেই হ্ৰাস পায় যিমানখিনি মই সেইবোৰ শিক্ষাৰ পৰা নিজকে আঁতৰাই ৰাখিছোঁ।

এনেকুৱা নহয় যে, মই নিষ্পাপ, মই ভুল নকৰোঁ, মোৰ দ্বাৰা ত্ৰুটি নহয়। এতেকে মোৰ ধৰ্মই মোৰ মানৱিক প্ৰকৃতি আৰু কেতিয়াবা মোৰ দুৰ্বলতা বিবেচনা কৰে, সেয়ে মোৰ ফালৰ পৰা যি গুনাহ হয়, তথা ভুল-ত্ৰুটি হয়, সেইবোৰ ক্ষমা কৰিবলৈ তাওবা, ইস্তেগফাৰৰ আৰু আল্লাহৰ প্ৰতি উভতি অহাৰ দুৱাৰ খোলা ৰাখিছে। তাওবাৰ দ্বাৰা মোৰ গুনাহ মাফ হয় আৰু মোৰ প্ৰতিপালকৰ ওচৰত মোৰ মৰ্যাদা উন্নীত হয়।

আৰু ইছলামৰ প্ৰতিটো শিক্ষা যেনে- আক্বীদা, নৈতিকতা, শিষ্টাচাৰ আৰু লেনদেন সম্পৰ্কীয় সকলো শিক্ষাৰ উৎস হৈছে পৱিত্র কোৰআন আৰু বিশুদ্ধ হাদীছ।

অৱশেষত মই দৃঢ়তাৰে কওঁ যে, পৃথিৱীৰ যিকোনো প্রান্তৰ যিকোনো ব্যক্তিয়ে যদি ইছলামৰ সত্যতাক ন্যায় আৰু নিৰপেক্ষ দৃষ্টিৰে পৰখ কৰি চায়, তেন্তে তেওঁ ইছলাম গ্রহণ কৰিবই। কিন্তু অসুবিধাটো হৈছে, ইছলাম সম্পৰ্কে অসংখ্য মিছা প্ৰচাৰ কৰা হৈছে, লগতে কিছুমান মুছলমানৰ কৰ্মও ইয়াৰ বাবে জগৰীয়া যিসকলে এনেকুৱা কাম কৰে যিবোৰ ইছলামত নাই।

কিন্তু যদি কোনোবাই ইয়াৰ বাস্তৱতাৰ প্ৰতি লক্ষ্য কৰে, আৰু যিসকলে প্ৰকৃততে ইছলাম পালন কৰে তেওঁলোকৰ ফালে দৃষ্টিপাত কৰে তেন্তে তেওঁ ইছলাম গ্ৰহণ কৰাত আৰু তাত প্ৰৱেশ কৰাত দ্বিধাবোধ নকৰিব।লগতে তেওঁৰ ওচৰত এইটো স্পষ্ট হৈ যাব যে, ইছলামে মানুহক সুখ, শান্তি, নিৰাপত্তা, ন্যায়বিচাৰ আৰু সদাচৰণ আৰু সদ্ব্যৱহাৰৰ প্ৰতি আহ্বান কৰে।

আনহাতে ইছলামৰ কিছু অনুসাৰীসকলৰ বিচ্যুত হোৱাটো –সংখ্যাত কম হওক বা বেছি- সিহঁতৰ বাবে ইছলামক দোষাৰোপ কৰাটো ঠিক নহয়। বৰং ইছলামৰ সৈতে সিহঁতৰ কোনো সম্পৰ্ক নাই।এই বিভ্ৰান্তিৰ ফল সিহঁতে নিজেই ভোগ কৰিব। কিয়নো ইছলামে ইয়াৰ অনুমতি দিয়া নাই। বৰং ইছলামে পথভ্ৰষ্টতাৰ পৰা নিষেধ কৰিছে তথা সতৰ্ক কৰিছে।

তদুপৰি, ন্যায়ৰ দাবী হৈছে এই যে, যিসকলে প্ৰকৃত অৰ্থত দ্বীন পালন কৰে, দ্বীনৰ বিধি-বিধানবোৰ নিজে পালন কৰে আৰু আনকো পালন কৰাৰ প্ৰতি আহ্বান কৰে তেওঁলোকৰ প্ৰতি লক্ষ্য কৰা উচিত। এনে কৰিলেহে এই ধৰ্ম আৰু ইয়াৰ অনুসাৰীসকলৰ প্রতি শ্রদ্ধা আৰু সন্মান বাঢ়িব।ইছলামে প্ৰতিটো সৰু-বৰ ভাল কামৰ প্ৰতি উৎসাহিত কৰিছে। পক্ষান্তৰে প্ৰতিটো অনৈতিকতা বা দুর্নীতিৰ পৰা সতৰ্ক কৰিছে আৰু ইয়াৰ পথ বন্ধ কৰিছে।

এইকাৰণে, যিসকলে ইয়াক মহিমান্বিত কৰিছিল, তথা যিসকলে ইয়াৰ বিধি-বিধানবোৰ সুচাৰুৰূপে পালন কৰিছিল, তেওঁলোক আছিল মানুহৰ মাজত আটাইতকৈ সুখী, উচ্চ শিষ্টাচাৰ সম্পন্ন, তথা সৰ্বোচ্চ নৈতিকতা সম্পন্ন, সুউচ্চ চৰিত্ৰৰ অধিকাৰী। নিকটৱৰ্তী আৰু দূৰৱৰ্তী, সহমত পোষণকাৰী আৰু বিৰোধী সকলোৱে ইয়াৰ সাক্ষী।

আনহাতে সাধাৰণভাৱে কেৱল মুছলমানৰ অৱস্থাৰ প্ৰতি লক্ষ্য কৰি –যিসকলে দ্বীনৰ প্ৰতি অৱহেলা কৰে তথা যিসকলে সৰল পথৰ পৰা বিচ্যুত হৈছে- সিহঁতক দেখি কোনো সিদ্ধান্তত উপনীত হোৱাটো হৈছে এক প্ৰকাৰ অন্যায়। এইটো কেতিয়াও ন্যায় হ'ব নোৱাৰে।

পৰিশেষত, ইয়াৰ দ্বাৰা প্ৰতিজন অমুছলিম ব্যক্তিক আহ্বান জনাওঁ যে, সঠিক ইছলাম বুজিবলৈ চেষ্টা কৰক আৰু তাত প্ৰৱেশ কৰক।

ইছলাম গ্ৰহণ কৰিব বিচৰা তথা ইছলামত প্ৰৱেশ কৰিব বিচৰা ব্যক্তিয়ে এই বাক্যটোৰ স্বীকাৰোক্তি দিব লাগে, আশ্বহাদু আন লা ইলা-হা ইল্লাল্লাহু ওৱা আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ। অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল।ইয়াৰ পিছত আল্লাহে যিবোৰ বিধান অনিবাৰ্য কৰিছে সেইবোৰৰ বিষয়ে জ্ঞান অৰ্জন কৰিব লাগে।ইয়াৰ পিছত যিমানেই জ্ঞান আৰু আমল বাঢ়িব সিমানেই জীৱনত সুখ শান্তি অনুভৱ কৰিব পাৰিব, আৰু প্ৰতিপালকৰ ওচৰত মৰ্যাদা উন্নীত হ'ব।