فتوى اللجنة الدائمة في عيد الحب

أعرض المحتوى باللغة الأصلية anchor

translation লেখক : স্থায়ী কমিটী গৱেষনা, ফতোৱা, দাওৱা, আৰু প্ৰচাৰ প্ৰসাশন (ছৌদি আৰব)
1

ভালপোৱা দিৱস সম্পৰ্কে ছৌদি আৰবৰ সৰ্বোচ্চ ওলামা পৰিষদৰ ফতোৱা

7.5 MB DOCX
2

ভালপোৱা দিৱস সম্পৰ্কে ছৌদি আৰবৰ সৰ্বোচ্চ ওলামা পৰিষদৰ ফতোৱা

526.9 KB PDF

فتوى مترجمة إلى اللغة الآسامية، عبارة عن سؤال أجاب عنه علماء اللجنة الدائمة للبحوث العلمية والإفتاء، ونصه: " يحتفل بعض الناس بيوم الحب، ويتهادون الورود الحمراء ويلبسون اللون الأحمر ويهنئون بعضهم، فما هو رأيكم في حكم الاحتفال بهذا اليوم ؟ ".

    ভালপোৱা দিৱস সম্পৰ্কে ছৌদি আৰবৰ সৰ্বোচ্চ ওলামা পৰিষদৰ ফতোৱা

    ] অসমীয়া – Assamese – آسامي [

    স্থায়ী কমিটী গৱেষনা, ফতোৱা, দাওৱা, আৰু প্ৰচাৰ প্ৰসাশন (ছৌদি আৰব)

    —™

    অনুবাদ

    ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    فتوى اللجنة الدائمة في عيد الحب

    اللجنة الدائمة للبحوث العلمية والإفتاء والدعوة والإرشاد

    —™

    ترجمة: رفيق الاسلام بن حبيب الرحمن

    بسم الله الرحمن الرحيم


    ভালপোৱা দিৱস সম্পৰ্কে ছৌদি আৰবৰ সৰ্বোচ্চ ওলামা পৰিষদৰ ফতোৱা

    (ফতোৱা নং ২১২০৩ তাৰিখঃ ২৩-১১- ১৪২০ হি.)

    ফতোৱাটো সৰ্বোচ্চ ওলামা পৰিষদে বিশ্লেষণৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে, কোৰআন ছুন্নাহৰ স্পষ্ট প্ৰমাণাদিৰ দ্বাৰা এই কথা অকাট্যভাৱে প্ৰমাণিত যে, ইছলামত ঈদ বা উৎসৱৰ দিন কেৱল দুটা। ছালাফে ছলেহীনসকলেও এই বিষয়ত একমত। ইছলামে স্বীকৃতি দিয়া ঈদ দুটাৰ এটা হৈছে ঈদুল ফিতৰ আৰু আনটো হৈছে ঈদুল আজহা বা কোৰবানীৰ ঈদ। উল্লেখিত ঈদ দুটাৰ বাহিৰে আন যিমান ঈদ বা উৎসৱ আছে, সেয়া কোনো ব্যক্তিৰ লগত সম্পৃক্ত হওঁক, অথবা কোনো গোষ্ঠীৰ লগত সম্পৃক্ত হওঁক, নাইবা কোনো ঘটনাৰ লগতেই সম্পৃক্ত হওঁক, সেইটো বিদআত। মুছলমানসকলে সেইটো পালন কৰা বা পালন কৰিবলৈ কোৱা বৈধ নহয় আৰু এই উপলক্ষে আনন্দ প্ৰকাশ কৰা বা এই বিষয়ে কিবা প্ৰদান কৰি সহায় কৰাও নিষেধ। কিয়নো এই ধৰনৰ কাম আল্লাহ তা'আলাৰ সীমালঙ্ঘনৰ বাহিৰে আন একো নহয়। আৰু যি ব্যক্তি আল্লাহৰ সীমা লঙ্ঘন কৰিব সি নিজৰ ওপৰত অত্যাচাৰ কৰিব। এই ধৰণৰ কালচাৰ বিধৰ্মীসকলৰ অনুসৰণ হিচাপে গ্ৰহণ কৰা হ'লে অপৰাধ আৰু মাৰাত্বক হ'ব। কাৰণ ইয়াৰ দ্বাৰা সিহঁতৰ সাদৃশ্যতা গ্ৰহণ কৰা আৰু সিহঁতক এক ধৰণৰ বন্ধু হিচাপে গ্ৰহণ কৰা হ'ব। অথচ আল্লাহ তাআলাই মুমিনসকলক ইয়াৰ পৰা বাৰণ কৰিছে। ৰাছুলুল্লাহ চাল্লাল্লহু আলাইহি অছাল্লামে কৈছে,

    ((من تشبه بقوم فهو منهم))

    “যি ব্যক্তি আন কোনো সম্প্ৰদায়ৰ সাদৃশ্যতা অৱলম্বন কৰিলে সি সিহঁতৰ দলভুক্ত বুলি গণ্য হ'ব"

    ভালপোৱা দিৱস পালন কৰাটোও এই নিষেধাজ্ঞাৰ অন্তৰ্ভূক্ত। কিয়নো এইটো খৃষ্টানসকলৰ উৎসৱ। যিজন মুছলিমে আল্লাহ আৰু পৰকালৰ প্ৰতি বিশ্বাস স্থাপন কৰে তাৰ বাবে এই কাম কৰা বা এই দিনত কাৰোবাক ফুল প্ৰদান কৰা অথবা আন কোনো উপহাৰ দিয়া বৈধ নহয়। বৰং তাৰ কৰ্তব্য হ'ল আল্লাহ আৰু তেওঁৰ ৰাছুলৰ হুকুম (আদেশ) পালন কৰা আৰু আল্লাহৰ শাস্তি আৰু গযব নাযিল হোৱা এনে কামৰ পৰা নিজে দূৰৈত থকা আৰু আনকো দূৰৈত ৰখা।

    এতেকে এই দিৱসক কেন্দ্ৰ কৰি পানাহাৰ কৰা, ক্ৰয়-বিক্ৰয় কৰা, কিবা বস্তু প্ৰস্তুত কৰা বা উপঢৌকন দিয়া, চিঠি-পত্ৰ প্ৰদান কৰা আৰু প্ৰচাৰ-পত্ৰ বিলাই দিয়া সকলো অবৈধ। এই ধৰণৰ কামৰ দ্বাৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ নাফৰমানি কৰা হয়। আল্লাহ তা'আলাই কৈছে,

    وَتَعَاوَنُواْ عَلَى ٱلۡبِرِّ وَٱلتَّقۡوَىٰۖ وَلَا تَعَاوَنُواْ عَلَى ٱلۡإِثۡمِ وَٱلۡعُدۡوَٰنِۚ وَٱتَّقُواْ ٱللَّهَۖ إِنَّ ٱللَّهَ شَدِيدُ ٱلۡعِقَابِ ٢ (المائدة:2)

    অৰ্থঃ “তোমালোকে সত্কৰ্ম আৰু তাক্বৱাৰ ক্ষেত্ৰত পৰস্পৰে সহযোগ কৰিবা। অসত্কৰ্ম আৰু গুনাহৰ কামত সহযোগ নকৰিবা। আৰু আল্লাহক ভয় কৰা। নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ"

    (ছুৰা আল-মায়িদাহঃ ২)

    সূত্র :

    اللجنة الدائمة للبحوث العلمية والافتاء

    [আল-লাজনাতুদ দায়িমাহ লিল বুহুছিল ইলমিয়্যাহ অল ইফতা]

    “ইলমি গৱেষণা আৰু ফতোৱা বিভাগৰ স্থায়ী পৰিষদ"

    ১. আব্দুল আজীজ বিন আব্দুল্লাহ বিন মুহাম্মাদ আলে শ্বাইখ

    ২. সদস্য: ছলেহ বিন ফাওজান আল-ফাওজান

    ৩. সদস্য: আব্দুল্লাহ বিন আব্দুৰ ৰহমান আল-গদইয়ান

    ৪. সদস্য: বকৰ বিন আব্দুল্লাহ আবু জায়েদ

    ক্যাটাগৰি সমূহ