هل يجوز إعطاء إمام المسجد أو مؤذنه من مال الزكاة ؟
أعرض المحتوى باللغة الأصلية
فتوى مترجمة إلى اللغة الآسامية، عبارة عن سؤال أجاب عنه القسم العلمي بموقع الإسلام سؤال وجواب، ونصه : " هل يمكن إعطاء الزكاة لإمام المسجد أو مؤذنه إذا كانوا غير مستقرين ماليًا ؟".
মছজিদৰ ইমাম-মুৱাজ্জিনক যাকাতৰ ধন দিয়া যাবনে?
] অসমীয়া – Assamese – آسامي [
ইছলাম প্ৰশ্ন আৰু উত্তৰ
অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
নিৰীক্ষক ইছলাম হাউছ অসমীয়া বিভাগ ৰিয়াদ, ছৌদি আৰব
هل يجوز إعطاء إمام المسجد أو مؤذنه من مال الزكاة؟
] অসমীয়া – Assamese – آسامي [
القسم العلمي بموقع الإسلام سؤال وجواب
ترجمة: رفيق الاسلام بن حبيب الرحمن
بسم الله الرحمن الرحيم
প্ৰশ্ন: মছজিদৰ ইমাম-মুৱাজ্জিন যদি আৰ্থিকভাৱে সচ্ছল নহয় তেনেহ'লে তেওঁলোকক যাকাতৰ পৰা এটা অংশ দিব পাৰিনে?
উত্তৰ:
সকলো প্ৰশংসা কেৱল মহান আল্লাহ ৰাব্বুল আলামীনৰ বাবে।
যাকাত প্ৰদানৰ শিতান আঠ টা। আল্লাহে তেওঁৰ এই বাণীত এই শিতানসমূহ উল্লেখ কৰিছে-
إِنَّمَا ٱلصَّدَقَٰتُ لِلۡفُقَرَآءِ وَٱلۡمَسَٰكِينِ وَٱلۡعَٰمِلِينَ عَلَيۡهَا وَٱلۡمُؤَلَّفَةِ قُلُوبُهُمۡ وَفِي ٱلرِّقَابِ وَٱلۡغَٰرِمِينَ وَفِي سَبِيلِ ٱللَّهِ وَٱبۡنِ ٱلسَّبِيلِۖ فَرِيضَةٗ مِّنَ ٱللَّهِۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ ٦٠
“ছাদাক্বা কেৱল ফকীৰ, মিছকীন আৰু ছাদাক্বা আদায়ৰ কামত নিযুক্ত কৰ্মচাৰীসকলৰ বাবে, আৰু যাৰ অন্তৰ (সত্যৰ প্ৰতি) আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে, দায়মুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথৰ বাবে লগতে মুছাফিৰসকলৰ বাবে। এইটো আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত। আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।"। [ছুৰা তাওবা, আয়াত: ৬০]
মছজিদৰ ইমাম বা মুৱাজ্জিন কোনোবাই যদি এই শ্ৰেণীৰ অন্তৰ্ভুক্ত হয় যেনে- যদি ফকীৰ হয় বা মিছকীন হয় বা ঋণগ্ৰস্ত হয়... তেনেহ'লে তেওঁলোকক যাকাতৰ ধন দিয়া জায়েয। বৰং তেওঁলোক আন লোকতকৈয়ো বেছি হকদাৰ। কিয়নো ইয়াৰ দ্বাৰা তেওঁলোকৰ প্ৰয়োজন পূৰণ হ'ব আৰু দায়িত্ব পালনত এইটো তেওঁলোকৰ বাবে সহায়ক হ'ব, এই শূণ্যতাটো পূৰণ হ'ব। কিন্তু তেওঁলোক যদি যাকাতৰ হকদাৰৰ অন্তৰ্গত নহয় তেনেহ'লে কেৱল ইমামতি কৰা বা আজান দিয়াৰ বাবে তেওঁলোকক যাকাতৰ ধন দিয়া জায়েয নহ'ব।
ফতোৱা বিষয়ক স্থায়ী কমিটিক প্ৰশ্ন কৰা হৈছিল:
যাকাতৰ সম্পদত জামে মছজিদৰ ইমামৰ কোনো অংশ আছে নেকি? অনুৰূপভাৱে ছাদাকাতুল ফিতৰৰ মাজতো তেওঁলোকৰ বাবে কোনো অংশ আছে নেকি?
উত্তৰত তেওঁলোকে কৈছে:
আল্লাহ তাআলাই তেওঁৰ কিতাবত যাকাত বণ্টনৰ খাতসমূহ উল্লেখ কৰিছে। আল্লাহ তাআলাই কৈছে:
إِنَّمَا ٱلصَّدَقَٰتُ لِلۡفُقَرَآءِ وَٱلۡمَسَٰكِينِ وَٱلۡعَٰمِلِينَ عَلَيۡهَا وَٱلۡمُؤَلَّفَةِ قُلُوبُهُمۡ وَفِي ٱلرِّقَابِ وَٱلۡغَٰرِمِينَ وَفِي سَبِيلِ ٱللَّهِ وَٱبۡنِ ٱلسَّبِيلِۖ فَرِيضَةٗ مِّنَ ٱللَّهِۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ ٦٠
“ছাদাক্বা কেৱল ফকীৰ, মিছকীন আৰু ছাদাক্বা আদায়ৰ কামত নিযুক্ত কৰ্মচাৰীসকলৰ বাবে, আৰু যাৰ অন্তৰ (সত্যৰ প্ৰতি) আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে, দায়মুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথৰ বাবে লগতে মুছাফিৰসকলৰ বাবে। এইটো আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত। আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।"। [ছুৰা তাওবা, আয়াত: ৬০] এতেকে যদি জামে মছজিদৰ ইমাম এই শ্ৰেণীৰ যিকোনো এটাৰ অন্তৰ্ভুক্ত হয় তেনেহ'লে তেওঁক যাকাত দিয়া জায়েয হব; অন্যথা জায়েয নহ'ব। [স্থায়ী কমিটিৰ ফতোৱাসমগ্ৰ (৯/৩৮১)ৰ পৰা সংগৃহীত। সমাপ্ত]
শ্বাইখ ইবনে জিব্ৰীনে কৈছে:
যাকাতৰ সম্পদৰ দ্বাৰা ইমাম-মুৱাজ্জিনৰ বেতন জায়েয নহয়। কিন্তু যদি ইমাম-মুৱাজ্জিন ফকীৰ বা মিছকীন হয় তেওঁৰ দৰিদ্ৰতা আৰু প্ৰয়োজনৰ কাৰণে তেওঁক যাকাত দিয়া যাব পাৰে; কিন্তু ইমাম বা মুৱাজ্জিন হিচাপে দায়িত্ব পালন কৰাৰ কাৰণে পাৰিশ্ৰমিক হিচাপে নহয়। শ্বাইখৰ ওৱেব ছাইটৰ পৰা সংগৃহীত। সমাপ্ত]
http://www.ibn-jebreen.com/fatwa/vmasal-8727-.html
আল্লাহেই সৰ্বজ্ঞ।
ইছলাম প্ৰশ্ন আৰু উত্তৰ ওৱেব ছাইট