زكاة المال المستفاد أثناء الحول

أعرض المحتوى باللغة الأصلية anchor

translation লেখক : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট
1

বছৰৰ মাজত উপাৰ্জিত সম্পদৰ যাকাত

3.3 MB DOCX
2

বছৰৰ মাজত উপাৰ্জিত সম্পদৰ যাকাত

521.2 KB PDF

فتوى مترجمة إلى اللغة الآسامية، عبارة عن سؤال أجاب عنه القسم العلمي بموقع الإسلام سؤال وجواب، ونصه : " هل يجب احتساب مقدار زكاة المال على المال حين بلوغه النصاب أم عند مرور الحول؟ إذا كان مقدار المال 10000 وقت بلوغ النصاب وكان مقدار المال 50000 بعد مرور الحول، علي أي المبلغين تحتسب زكاة المال ؟".

    বছৰৰ মাজত উপাৰ্জিত সম্পদৰ যাকাত

    ] অসমীয়া – Assamese – آسامي [

    ইছলাম প্ৰশ্ন আৰু উত্তৰ

    —™

    অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    নিৰীক্ষক ইছলাম হাউছ অসমীয়া বিভাগ ৰিয়াদ, ছৌদি আৰব

    زكاة المال المستفاد أثناء الحول

    ] অসমীয়া – Assamese – آسامي [

    القسم العلمي بموقع الإسلام سؤال وجواب

    ترجمة: رفيق الاسلام بن حبيب الرحمن

    بسم الله الرحمن الرحيم

    প্ৰশ্ন: সম্পদৰ যাকাত নিচাব পৰিমাণ হোৱাৰ পৰা হিচাপ কৰা হ'ব? নে বছৰ পূৰ্ণ হোৱাৰ পিছত হিচাপ কৰা হ'ব? যদি নিচাপ পৰিমাণ হোৱাৰ সময়ত সম্পদৰ পৰিমাণ হয় ১০,০০০ আৰু বছৰ সম্পূৰ্ণ হোৱাৰ পিছত হয় ৫০,০০০ তেনেহ'লে কোনটো অংকৰ ওপৰত যাকাত হিচাপ কৰিব লাগিব?

    উত্তৰ:

    সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে।

    এক:

    নগদ অৰ্থৰ যাকাত ফৰজ হয় দুটা কাৰণত

    ১. নগদ অৰ্থ নিছাব পৰিমাণ হোৱাৰ সময়ত।

    ২. নিছাব পৰিমাণ অৰ্থৰ বছৰ পূৰ্ণ হোৱাৰ পাছত।

    এতেকে, সঞ্চিত অৰ্থ যদি নিছাবতকৈ কম হয় তেনেহ'লে যাকাত ফৰজ নহ'ব।

    যদি সঞ্চিত অৰ্থ নিছাব পৰিমাণ হয় আৰু নিছাব পৰিমাণ অৰ্থৰ এবছৰ সম্পূৰ্ণ হয় অৰ্থাৎ পূৰ্ণাঙ্গ এক চন্দ্ৰ বছৰ (হিজৰী চন) অতিবাহিত হয় তেতিয়া যাকাত ফৰজ হ'ব। নিছাবৰ পৰিমাণ হৈছে- ৮৫ গ্ৰাম সোণ বা ৫৯৫ গ্ৰাম ৰূপ। মোঠ অৰ্থৰ ৪০ ভাগৰ এভাগ (২.৫%) যাকাত দিয়া ফৰজ।

    দুই:

    যদি কোনো ব্যক্তিৰ ওচৰত নিছাব পৰিমাণ অৰ্থ থাকে; ধৰা হ'ল সেইটো ২০,০০০ টকা, আৰু বছৰৰ শেষত এই অৰ্থৰ পৰিমাণ হ'ল ১লাখ টকা; তেনেহ'লে সেই ব্যক্তি কিদৰে যাকাত আদায় কৰিব? এই বিষয়ে বিস্তাৰিত বিশ্লেষণ প্ৰয়োজন:

    ১- এই অতিৰিক্ত অৰ্থ যদি মূল অৰ্থৰ মাধ্যমত অৰ্জিত হয় যেনে- মূল বিশ হেজাৰ যদি বিনিয়োগ কৰাৰ মাধ্যমত ৮০ হেজাৰ লাভ হয় তেনেহ'লে বছৰৰ শেষত সৰ্বমোট অৰ্থৰ যাকাত আদায় কৰিব লাগিব। কিয়নো বিধি হৈছে- লাভ পুঁজিৰ বিধানৰ অনুগত।

    ২- যদি এই অৰ্থ মূল অৰ্থৰ মাধ্যমত অৰ্জিত নহয়; আন কোনো মাধ্যমত অৰ্জিত হয় যেনে- উত্তৰাধিকাৰ, উপঢৌকন, কোনো বস্তু বিক্ৰী ইত্যাদি তেনেহ'লে এই সম্পদৰ পৃথক বছৰ হিচাপ কৰা হ'ব। যিদিনা এই অতিৰিক্ত সম্পদ মালিকানাত আহিছে সেইদিনাৰ পৰা বছৰ গণনা আৰম্ভ হ'ব। আৰু যদি মূল বিশ হাজাৰৰ লগত যাকাত আদায় কৰি দিব বিচাৰে সেইটোও কৰিব পাৰে। সেই ক্ষেত্ৰত তেওঁ এই অতিৰিক্ত অৰ্থৰ যাকাত ফৰজ হোৱাৰ আগতেই অগ্ৰিম আদায় কৰি দিয়া হ'ল। এনেকুৱা কৰিলেও কোনো অসুবিধা নাই।

    ৩- আকৌ আন কাৰোবাৰ ক্ষেত্ৰত এই অতিৰিক্ত অৰ্থ ক্ৰমান্বয়ে অৰ্জিত হৈ থাকিব পাৰে। যেনে আপুনি মাহিলী বেতনৰ পৰা অলপ অলপ সঞ্চয় কৰিলে। যেনে কোনো মাহত ১০,০০০ সঞ্চয় কৰিলে, আকৌ আন কোনো মাহত ১৫,০০০ সঞ্চয় কৰিলে, এইদৰে বছৰৰ শেষত ১৪০,০০০ হ'ল। তেনেহ'লে আপোনাৰ এই সুযোগ আছে যে, মূল বিশ হাজাৰৰ যাকাত আদায়ৰ সময়ত অতিৰিক্ত অৰ্জিত অৰ্থৰ যাকাতো আদায় কৰি দিব। সেই ক্ষেত্ৰত আপুনি অতিৰিক্ত অৰ্জিত অৰ্থৰ যাকাত নিৰ্দিষ্ট সময়ৰ আগতেই আদায় কৰি দিলে। আৰু ইচ্ছা কৰিলে আপুনি প্ৰত্যেকবাৰ অৰ্জিত সম্পদৰ পৃথক বছৰ হিচাপ কৰিব পাৰে। কিন্তু এনেকৈ হিচাপ ৰখাটো অলপ কঠিন। কাৰণ এই ক্ষেত্ৰত আপুনি এবছৰত কেইবাবাৰো যাকাত আদায় কৰিব লাগিব।

    আৰু বিস্তাৰিত জানিবলৈ 50801 নং ফতোৱাটো পঢ়ক।

    আল্লাহেই সৰ্বজ্ঞ।

    ইছলাম প্ৰশ্ন আৰু উত্তৰ

    ক্যাটাগৰি সমূহ