لا يعرف مناسك الحج ويريد الحج

أعرض المحتوى باللغة الأصلية anchor

translation লেখক : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট
1

এনে ব্যক্তি যিয়ে হজ্জ কৰিব বিচাৰে কিন্তু হজ্জৰ কাৰ্যাৱলী সম্পৰ্কে অৱগত নহয়

6.6 MB DOCX
2

এনে ব্যক্তি যিয়ে হজ্জ কৰিব বিচাৰে কিন্তু হজ্জৰ কাৰ্যাৱলী সম্পৰ্কে অৱগত নহয়

479.3 KB PDF

فتوى مترجمة باللغة الآسامية، عبارة عن سؤال أجاب عنه القسم العلمي بموقع سؤال وجواب - أثابهم الله -، ونصه : " لا أعرف مناسك الحج وأريد أن أحج ، فماذا أفعل ؟ ".

    এনে ব্যক্তি যিয়ে হজ্জ কৰিব বিচাৰে কিন্তু হজ্জৰ কাৰ্যাৱলী সম্পৰ্কে অৱগত নহয়

    ] অসমীয়া – Assamese – آسامي [

    ইছলাম প্ৰশ্ন আৰু উত্তৰ

    —™

    অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    لا يعرف مناسك الحج ويريد الحج

    ] অসমীয়া – Assamese – آسامي [

    القسم العلمي بموقع الإسلام سؤال وجواب

    —™

    ترجمة: رفيق الاسلام بن حبيب الرحمن

    2016 - 1437

    بسم الله الرحمن الرحيم

    109337: এনে ব্যক্তি যিয়ে হজ্জ কৰিব বিচাৰে কিন্তু হজ্জৰ কাৰ্যাৱলী সম্পৰ্কে অৱগত নহয়।

    প্ৰশ্ন: মই হজ্জ কৰিব বিচাৰো কিন্তু হজ্জৰ কাৰ্যাৱলী সম্পৰ্কে নাজানো; এনে অৱস্থাত মোৰ কৰণীয় কি?

    উত্তৰ:

    আলহামদুলিল্লাহ।

    যিয়ে হজ্জ কৰাৰ ইচ্ছা কৰিব তাৰ বাবে হজ্জ কৰাৰ পদ্ধতি শিকি লোৱা ফৰজ। অন্যথা ছুন্নাহৰ অনুসাৰী নিৰ্ভৰযোগ্য কোনো এজন আলিমৰ সহজ সৰল সৰু এখন কিতাপ লগত ৰখা আৰু সেই কিতাপ অনুযায়ী আমলসমূহ সম্পন্ন কৰা। এই ধৰণৰ কিছুমান কিতাপ হৈছে-

    ১. শ্বাইখ ইবনে বাজৰ “আত তাহক্বীক ওৱাল ঈযাহ লি কাছিৰিন মিন মাছায়িলিল হাজ্জ ওৱাল ওমৰাহ"

    ২. শ্বাইখ উছাইমীনৰ “মানাছিকুল হাজ্জ ওৱাল ওমৰা"

    কোনো বিষয়ে বুজিবলৈ অসুবিধা হ'লে আলিমসকলক প্ৰশ্ন কৰা উচিত। অথবা কোনো এজন আলিম বা তালিবে ইল্মৰ লগত হজ্জ কৰা। যাতে সেই আলিম বা তালিবে ইল্ম আগতিয়াকৈ তেওঁক বিধি-বিধানসমূহ শিকাই দিব পাৰে। যিবোৰ কাফিলাৰ লগত কোনো দায়ী বা তালিবে ইল্ম হজ্জ কৰে সেইবোৰৰ অনুসন্ধান কৰি তেনেকুৱা কোনো কাফিলাৰ লগত হজ্জ কৰা।

    শ্বাইখ উছাইমীন ৰাহিমাহুল্লাহক এই ধৰণৰ এটা প্ৰশ্ন সোধাত উত্তৰত তেখেতে কৈছিল:

    جوابي على هذا أن الله سبحانه وتعالى قد أجابه في قوله تعالى : (فَاسْأَلُوا أَهْلَ الذِّكْرِ إِنْ كُنْتُمْ لَا تَعْلَمُونَ) النحل/43

    আল্লাহ তাআলাই তেওঁৰ পৱিত্ৰ কালামত এই প্ৰশ্নৰ যি উত্তৰ দিছে সেই বিষয়ে মোৰো একেই উত্তৰ “বিজ্ঞসকলক সোধা যদি তোমালোকে নাজানা।"[ছুৰা নাহল, আয়াত: ৪৩]

    যি ব্যক্তিয়ে কোনো ইবাদতৰ বিধি-বিধান নাজানে তাৰ কৰ্তব্য হৈছে আলিমসকলক প্ৰশ্ন কৰা; যাতে তেওঁ সুস্পষ্ট জ্ঞানৰ ভিত্তিত আল্লাহৰ ইবাদত পালন কৰিব পাৰে। কাৰণ ইবাদত কবুলৰ চৰ্ত হৈছে- আল্লাহৰ প্ৰতি একনিষ্ঠতা আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদৰ্শৰ পূৰ্ণ অনুসৰণ। ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ কোনো বাচনিক ইবাদত বা কৰ্মকেন্দ্ৰিক ইবাদত পালন কৰিছিল সেয়া জানিব লাগিব। সেয়া নাজানিলে তেওঁক অনুসৰণ কৰা সম্ভৱ নহয়। সেয়ে মই এই প্ৰশ্নকাৰীক ক'ব বিচাৰো যে: আপুনি যেতিয়া হজ্জ কৰিব বিচাৰে অথচ হজ্জৰ বিধি-বিধান আপোনাৰ জনা নাই এনে অৱস্থাত আপোনাৰ বাবে অপৰিহাৰ্য হৈছে এই সম্পৰ্কে আলিমসকলক প্ৰশ্ন কৰা। মই এই বিষয়ে তাগিদ কৰো যে, যিসকলে হজ্জত যাব বিচাৰে তেওঁলোকৰ উচিত তেওঁলোকে যেন কোনো আলিমৰ লগত অথবা তালিবে ইল্মৰ লগত হজ্জত যোৱা; যি আলিমে বা তালিবে ইল্মে হজ্জৰ লগত সংশ্লিষ্ট মাছআলাসমূহ জানে। যাতে তেওঁলোকে সেই আলিমৰ নিৰ্দেশনা মোতাবিক হজ্জ আদায় কৰিব পাৰে।

    শ্বাইখ উছাইমীনৰ ফতোৱাসমগ্ৰ (২২/৫০)

    ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট

    ক্যাটাগৰি সমূহ