ست مسائل عن الجماع في نهار رمضان

أعرض المحتوى باللغة الأصلية anchor

translation লেখক : স্থায়ী কমিটী গৱেষনা, ফতোৱা, দাওৱা, আৰু প্ৰচাৰ প্ৰসাশন (ছৌদি আৰব)
1

ৰমজান মাহত দিনৰ ভাগত শাৰীৰিক মিলন সংক্ৰান্ত ৬ টা মাছআলা

6.4 MB DOCX
2

ৰমজান মাহত দিনৰ ভাগত শাৰীৰিক মিলন সংক্ৰান্ত ৬ টা মাছআলা

363.5 KB PDF

فتوى مترجمة إلى اللغة الآسامية، عبارة عن سؤال أجاب عنه اللجنة الدائمة للبحوث العلمية والإفتاء والدعوة والإرشاد، ونصه : " مما لا يخفى على الجميع أن حكم من جامع زوجته نهار رمضان عليه عتق رقبة أو صيام شهرين متتاليين أو إطعام ستين مسكينًا. والسؤال : 1 - إذا جامع الرجل زوجته أكثر من مرة وفي أيام متفرقة هل يصوم عن كل يوم شهرين، أم أن الشهرين تكفي عن كل ما جامع فيه من عدد الأيام. 2 - إذا كان لا يعلم أن من جامع زوجته عليه الحكم المذكور أعلاه، وإنما كان يعتقد أن كل يوم يجامع فيه زوجته يقضيه بيوم واحد فقط فما الحكم في ذلك ؟. 3 - هل على الزوجة مثلما على الزوج ؟. 4 - هل يجوز أن يدفع مالًا بدلًا من الإطعام ؟. 5 - هل يجوز أن يطعم مسكينًا واحدًا عنه وعن زوجته ؟. 6 - فيما لو لم يجد أحداً يطعمه هل يجوز أن يدفعها مالًا لإحدى الجمعيات الخيرية مثل جمعية البر بالرياض، أو إحدى الجمعيات الأخرى؟".

ৰমজান মাহত দিনৰ ভাগত শাৰীৰিক মিলন সংক্ৰান্ত ৬ টা মাছআলা

] অসমীয়া – Assamese – آسامي [

স্থায়ী কমিটী গৱেষনা, ফতোৱা, দাওৱা, আৰু প্ৰচাৰ প্ৰসাশন (ছৌদি আৰব)

—™

অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

ست مسائل عن الجماع في نهار رمضان

اللجنة الدائمة للبحوث العلمية والإفتاء والدعوة والإرشاد

—™

ترجمة: رفيق الاسلام بن حبيب الرحمن

12329: ৰমজান মাহত দিনৰ ভাগত শাৰীৰিক মিলন সংক্ৰান্ত ৬ টা মাছআলা

প্ৰশ্ন : এইটো কাৰো ওচৰত অস্পষ্ট নহয় যে, যি ব্যক্তি ৰমজান মাহত দিনৰ ভাগত স্ত্ৰীৰ লগত সহবাস কৰিব, তাৰ কাফ্ফাৰা হৈছে- এজন দাস মুক্ত কৰা অথবা (সেইটো নোৱাৰিলে বা নাপালে) একেলেঠাৰিয়ে দুই মাহ ছওম ৰখা অথবা (সেইটোও নোৱাৰিলে) ৬০ জন মিছকীনক আহাৰ প্ৰদান কৰা। এতিয়া প্ৰশ্ন হ'ল

১) যি ব্যক্তি ৰমজান মাহত বিভিন্ন দিনত নিজ স্ত্ৰীৰ লগত একাধিকবাৰ সহবাস কৰিছে, তেওঁ কেনেকৈ ছওম পালন কৰিব, তেওঁ সহবাসকৃত প্ৰতিটো দিনৰ পৰিবৰ্তে দুই মাহকৈ ছওম পালন কৰিব লাগিব নেকি, নে গোটেই দিনৰ পৰিবৰ্তে কেৱল দুমাহ ছওম পালন কৰিলেই যথেষ্ট?

২) ওপৰত উল্লেখ কৰা কাফফাৰাৰ বিধান নজনাকৈ কোনোবাই যদি (ৰমজান মাহৰ দিনৰ ভাগত) স্ত্ৰী সহবাস কৰে (তাৰ বিশ্বাস আছিল সি যিদিনা সহবাস কৰিব কেৱল সেইদিনৰ ছওম কাযা কৰিলেই হ'ব) তেন্তে এনে ব্যক্তি সম্পৰ্কে বিধান কি?

৩) স্বামীৰ দৰে স্ত্ৰীৰ ওপৰতো সেই একেই বিধান বলৱত হ'ব নেকি?

৪) আহাৰৰ পৰিবৰ্তে টকা-পইচা প্ৰদান কৰা বৈধ নে?

৫) স্বামী আৰু স্ত্ৰী উভয়ৰ তৰফৰ পৰা কেৱল এজন মিছকীনক খোৱালে হ'ব নে?

৬) যদি আহাৰ প্ৰদান কৰাৰ বাবে তেনে লোক বিচাৰি পোৱা নাযায় তেন্তে এনে ক্ষেত্ৰত কোনো দাতব্য সংস্থাক খাদ্যৰ মূল্য প্ৰদান কৰা যাবনে। যেনেঃ ৰিয়াদৰ আল-বিৰৰ দাতব্য সংস্থা বা এই ধৰণৰ আন কোনো দাতব্য সংস্থা?

উত্তৰ:

আলহামদুলিল্লাহ।
যি ব্যক্তিৰ ওপৰত ছওম পালন কৰা ফৰজ:

এক: তেওঁ যদি নিজ স্ত্ৰীৰ লগত ৰমজানৰ কোনো এটা দিৱসত এবাৰ বা একাধিকবাৰ সহবাস কৰিছে তেন্তে তেওঁৰ ওপৰত এবাৰ কাফ্ফাৰা আদায় কৰা আৱশ্যক হ'ব; যদি তেওঁ প্ৰথমবাৰ সহবাস কৰাৰ পিছত কাফ্ফাৰা আদায় কৰা নাই, আৰু যদি তেওঁ কেইবাদিনো দিনৰভাগত সহবাস কৰিছে তেন্তে তেওঁ সম সংখ্যক দিনৰ কাফ্ফাৰা আদায় কৰিব লাগিব।

দুই: তেওঁৰ ওপৰত শাৰীৰিক মিলনৰ কাফ্ফাৰা আদায় কৰা ফৰজ যদিও তেওঁ এই বিষয়ে অজ্ঞ আছিল।

তিনি: সহবাস কৰাৰ ক্ষেত্ৰত স্ত্ৰীয়ে যদি স্বামীক সন্মতি দিয়ে তেনেহ'লে স্ত্ৰীৰ ওপৰতো কাফ্ফাৰা ফৰজ হ'ব। আনহাতে যদি স্বামীয়ে বলপূৰ্বক স্ত্ৰীৰ লগত সহবাস কৰে তেনেহ'লে স্ত্ৰীৰ ওপৰত কোনো কাফফাৰা নাই।

চাৰি: খাদ্য প্ৰদান কৰাৰ পৰিবৰ্তে সমমূল্য অৰ্থ প্ৰদান কৰা জায়েয নহয়। আহাৰৰ পৰিবৰ্তে অৰ্থ প্ৰদান কৰিলে অৰ্পিত দায়িত্ব পালন নহ'ব।

পাঁচ: এজন মিছকীনক তেওঁৰ তৰফৰ পৰা অৰ্ধ ছা' আৰু তেওঁৰ স্ত্ৰীৰ তৰফৰ পৰা অৰ্ধ ছা' আহাৰ প্ৰদান কৰা জায়েয। এনে কৰিলে তেওঁলোক উভয়ৰ ফালৰ পৰা ৬০ জন মিছকীনৰ এজনক আহাৰ প্ৰদান কৰা হৈছে বুলি গণ্য হ'ব।

ছয়: কাফ্ফাৰাৰ সকলো খাদ্য কেৱল এজন মিছকীনক প্ৰদান কৰা জায়েয নহয়। এইদৰে আল-বিৰৰ চ্যাৰিটি বা আন কোনো দাতব্য সংস্থাক প্ৰদান কৰাটোও জায়েয নহয়। কাৰণ এনেকুৱাও হ'ব পাৰে যে, সিহঁতে ৬০ জন মিছকীনৰ মাজত খাদ্য বিতৰণ নকৰিব। মু'মিনৰ উচিত চৰীয়ত কৰ্তৃক তেওঁৰ ওপৰত আৰোপিত কাফ্ফাৰাসহ সকলো ওৱাজিব পালনত সচেষ্ট হোৱা।

আল্লাহেই তাওফীকদাতা। আল্লাহে আমাৰ নবী মুহাম্মদ, তেওঁৰ পৰিয়াল বৰ্গ আৰু তেওঁৰ ছাহাবীসকলৰ ওপৰত ৰহমত আৰু শান্তি বৰ্ষণ কৰক।

ফাতাৱাল্ লাজনাদ্ দায়িমা (ফতোৱা বিষয়ক স্থায়ী কমিটিৰ ফতোৱাসমগ্ৰ) (১০/৩২০)

ক্যাটাগৰি সমূহ