هل تفطر العادة السرية بدون إنزال
أعرض المحتوى باللغة الأصلية
فتوى مترجمة إلى اللغة الآسامية، عبارة عن سؤال أجاب عنه القسم العلمي لموقع الإسلام سؤال وجواب - أثابهم الله -، ونصه : " العادة السرية هل تفطر إذا كانت أثناء نهار رمضان ولم يخرج مني ؟ ".
- বীৰ্যপাত নকৰাকৈ কেৱল হস্তমৈথুনৰ কাৰণে ছওম ভঙ্গ হ'বনে?
- 38074: বীৰ্যপাত নকৰাকৈ কেৱল হস্তমৈথুনৰ কাৰণে ছওম ভঙ্গ হ'বনে?
বীৰ্যপাত নকৰাকৈ কেৱল হস্তমৈথুনৰ কাৰণে ছওম ভঙ্গ হ'বনে?
]অসমীয়া – Assamese –آسامي [
ইছলাম প্ৰশ্ন আৰু উত্তৰ
অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব
২০১৬ - ১৪৩৭
هل تفطر العادة السرية بدون إنزال
القسم العلمي موقع سؤال وجواب
ترجمة: رفيق الاسلام بن حبيب الرحمن
بسم الله الرحمن الرحيم
38074: বীৰ্যপাত নকৰাকৈ কেৱল হস্তমৈথুনৰ কাৰণে ছওম ভঙ্গ হ'বনে?
প্রশ্ন: ৰমজান মাহত দিনৰ ভাগত কু-অভ্যাসৰ ফলত ছওম ভঙ্গ হ'বনে; যদি বীৰ্যপাত নহয়?
উত্তৰ:
সকলো প্ৰশংসা আল্লাহৰ বাবে।
হস্তমৈথুন (বেয়া অভ্যাস) ছওম ভঙ্গৰ কাৰণ। যি ব্যক্তিয়ে হস্তমৈথুন কৰিছে তেওঁ সেইদিনাৰ ছওম কাযা কৰিব লাগিব আৰু এই মহা পাপৰ পৰা আল্লাহৰ ওচৰত তাওবা কৰিব লাগিব।
শ্বাইখ বিন বায ৰাহিমাহুল্লাহে কৈছে:
কোনোবাই যদি ছওম অৱস্থাত ইচ্ছাকৃতভাৱে হস্তমৈথুন কৰে আৰু ইয়াৰ ফলত বীৰ্য ওলায় তেনেহ'লে তাৰ ছওম ভঙ্গ হ'ব। যদি এই ছওমটো ফৰজ ছওম হয় তেনেহ'লে সি এই ছওম কাযা কৰিব লাগিব আৰু আল্লাহৰ ওচৰত তাওবা কৰিব লাগিব। কাৰণ ছওম অৱস্থাত অথবা ছওমবিহীন কোনো অৱস্থাতেই হস্তমৈথুন কৰা জায়েয নহয়। মানুহে ইয়াক কু-অভ্যাস বুলি কয়। সমাপ্ত [ফাতাৱা শ্বাইখ বিন বায, (১৫/২৬৭)]
শ্বাইখ ইবনে উছাইমীনে কৈছে:
“যদি ছাইম (ছওম পালনকাৰী) ব্যক্তি হস্তমৈথুন কৰে আৰু বীৰ্যপাত হয় তেনেহ'লে তাৰ ছওম ভঙ্গ হ'ব। যিদিনা হস্তমৈথুন কৰিছে সেই দিনাৰ ছওম কাযা কৰিব লাগিব। কিন্তু তাৰ কাফফাৰা দিব নালাগিব। কাৰণ কাফফাৰা কেৱল সহবাসৰ মাধ্যমত ছওম ভঙ্গ কৰিলে সেই ক্ষেত্ৰত ফৰজ হয়। সি তাৰ কৃতপাপৰ বাবে তাওবা কৰিব লাগিব।" সমাপ্ত [ফাতাৱা আৰকানুল ইছলাম, পৃষ্ঠা-৪৭৮]
উপৰোক্ত হুকুম প্ৰযোজ্য হ'ব যদি হস্তমৈথুনৰ মাধ্যমত বীৰ্যপাত হয় আৰু যদি বীৰ্যপাত নহয় তেনেহ'লে ছওম ভঙ্গ নহ'ব।
শ্বাইখ উছাইমীনে 'আল-শ্বাৰহুল মুমতি' গ্ৰন্থত (৬/৩৮৮) কৈছে:
যদি হস্তমৈথুনৰ মাধ্যমত বীৰ্যপাত নহয় তেনেহ'লে ছওম ভঙ্গ নহ'ব।
আল্লাহেই সৰ্বজ্ঞানী।