هل خلق النبي صلى الله عليه وسلم من نور ؟

أعرض المحتوى باللغة الأصلية anchor

translation লেখক : স্থায়ী কমিটী গৱেষনা, ফতোৱা, দাওৱা, আৰু প্ৰচাৰ প্ৰসাশন (ছৌদি আৰব)
1

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম নূৰৰ সৃষ্টি নে

3 MB DOC
2

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম নূৰৰ সৃষ্টি নে

402.3 KB PDF

فتوى مترجمة إلى اللغة الآسامية، عبارة عن سؤال أجاب عنه علماء اللجنة الدائمة للبحوث العلمية والإفتاء والدعوة والإرشاد، ونصه: "قرأت في كتابين أن النبي محمد - صلى الله عليه وسلم - كان أول من خلقَ اللهُ، وقد خلقه الله من نور، وكان هو السبب الوحيد الذي خلق الله بقية الخلق لأجله. أنا غير متأكد من هذا، فأرجو أن توضح وشكرًا".

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম নূৰৰ সৃষ্টি নে?

[অসমীয়া– Assamese –آسامي ]

স্হায়ী কমিটী গৱেষনা, ফতোৱা, দাওৱা, আৰু প্ৰচাৰ প্ৰসাশন (ছৌদি আৰব)

অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

২০১৫ - ১৪৩৬


﴿ هل خلق النبي صلى الله عليه وسلم من نور؟ ﴾

« باللغة الآسامية »

اللجنة الدائمة للبحوث العلمية والإفتاء والدعوة والإرشاد

ترجمة: رفيق الاسلام بن حبيب الرحمن

2015 - 1436


নবী চাল্লাল্লাহু 'আলাইহি অছাল্লাম নূৰৰ সৃষ্টি নে?

প্রশ্ন: মই দুখন কিতাপত পঢ়িছোঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ প্রথম সৃষ্টি, আল্লাহ তাআলা তেওঁক স্বীয় নূৰৰ পৰা সৃষ্টি কৰিছে, আৰু তেওঁৰ কাৰণে আন আন মখলুক (সৃষ্টি সমূহ) সৃষ্টি কৰা হৈছে। এই বিষয়ে মোৰ জ্ঞান নিশ্চিত নহয়, এতেকে মোক স্পষ্ট বিশ্লেষন দিয়ক।

উত্তৰ: আলহামদুলিল্লাহ,

এই ধৰণৰ এটা প্ৰশ্ন ছৌদি আৰবৰ স্থায়ী ফতোৱা কমিটী 'লাজনায়ে দায়েমা'ৰ ওচৰত কৰা হৈছিল, আমি ইয়াত প্ৰশ্নসহ সেয়া উল্লেখ কৰিম: “প্ৰশ্ন: বহু মানুহৰ বিশ্বাস, সকলো বস্তু মুহাম্মদ চাল্লাল্লাহু 'আলাইহি অছাল্লামৰ নূৰৰ পৰা সৃষ্টি, আৰু তেওঁৰ নূৰ আল্লাহৰ নূৰৰ পৰা সৃষ্টি। সিহঁতে এই বিষয়ে হাদিছ বৰ্ণনা কৰে: “মই আল্লাহৰ নূৰ, আৰু প্রত্যেক বস্তু মোৰ নূৰৰ পৰা সৃষ্টি হৈছে"। সিহঁতে আৰু বৰ্ণনা কৰে: “আল্লাহ তা'আলা সৰ্বপ্ৰথম মুহাম্মদ চাল্লাল্লাহু 'আলাইহি অছাল্লামৰ নূৰ সৃষ্টি কৰিছে"। এই ধৰণৰ হাদিছৰ কোনো ভিত্তি আছেনে? সিহঁতৰ আৰু এটা হাদিছ নিম্নৰূপ:

" أنا عرب بلا عين أي رب. أنا أحمد بلا ميم أي أحد "

“মই আৰব আঈন ব্যতীত অৰ্থাৎ মই رب (ৰব), মই আহমদ মীম ব্যতীত অৰ্থাৎ মই أحد (আহাদ), (একক) সত্ত্বা বা আল্লাহ"। এই ধৰণৰ কথাৰ কোনো ভিত্তি আছেনে?

উত্তৰ: আলহামদুলিল্লাহ, ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি অছাল্লামক আল্লাহৰ নূৰ যদি এই অৰ্থত কোৱা হয় যে, তেখেত আল্লাহৰ জাতি ও সত্ত্বাগত নূৰ, তেনেহলে সেইটো কোৰআন বিৰোধী, কাৰণ কোৰআনত তেখেতক মানুহ বুলি কোৱা হৈছে। আৰু যদি তেখেতক এই অৰ্থত নূৰ বুলি কোৱা হয় যে, তেখেতৰ ওচৰত আল্লাহৰ তৰফৰ পৰা নূৰ বা ওহী প্ৰেৰণ হৈছে, যিটো মানুহৰ হিদায়তৰ ওছীলা, যাৰ দ্বাৰা আল্লাহ যাক ইচ্ছা তাকে হিদায়ত প্ৰদান কৰে, তেন্তে এই অৰ্থ সঠিক। 'লাজনায়ে দায়েমাহ'ৰ পৰা এই বিষয়ে এটা ফতোৱা প্রকাশিত হৈছে, ইয়াত সেইটো হুবহু উল্লেখ কৰিছোঁ: [নবী চাল্লাল্লাহু 'আলাইহি অছাল্লাম নূৰ অৰ্থ তেওঁৰ মাজত থকা ৰিছালত ও হিদায়তৰ নূৰ, যি নূৰৰ দ্বাৰা আল্লাহ তাআলা স্বীয় বান্দা সকলৰ পৰা যাক ইচ্ছা হিদায়ত প্ৰদান কৰে। এই নূৰ আল্লাহ প্রদত্ত। আল্লাহ তা'আলা কৈছে:

﴿وَمَا كَانَ لِبَشَرٍ أَن يُكَلِّمَهُ ٱللَّهُ إِلَّا وَحۡيًا أَوۡ مِن وَرَآيِٕ حِجَابٍ أَوۡ يُرۡسِلَ رَسُولٗا فَيُوحِيَ بِإِذۡنِهِۦ مَا يَشَآءُۚ إِنَّهُۥ عَلِيٌّ حَكِيمٞ ٥١ وَكَذَٰلِكَ أَوۡحَيۡنَآ إِلَيۡكَ رُوحٗا مِّنۡ أَمۡرِنَاۚ مَا كُنتَ تَدۡرِي مَا ٱلۡكِتَٰبُ وَلَا ٱلۡإِيمَٰنُ وَلَٰكِن جَعَلۡنَٰهُ نُورٗا نَّهۡدِي بِهِۦ مَن نَّشَآءُ مِنۡ عِبَادِنَاۚ وَإِنَّكَ لَتَهۡدِيٓ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ ٥٢ صِرَٰطِ ٱللَّهِ ٱلَّذِي لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ أَلَآ إِلَى ٱللَّهِ تَصِيرُ ٱلۡأُمُورُ ٥٣ ﴾ [الشورى: ٥١، ٥٣]

“কোনো মানুহৰেই এই মৰ্যাদা নাই যে, আল্লাহ তেওঁৰ লগত প্ৰত্যক্ষভাৱে কথা কব, ওহীৰ দ্বাৰা, অথবা পৰ্দাৰ আৰঁত নাইবা কোনো দূত প্ৰেৰণৰ বাহিৰে। তাৰ পিছত আল্লাহৰ অনুমতি সাপেক্ষে তেওঁ যি ইচ্ছা সেইটো ওহী প্রেৰণ কৰে। তেওঁ অতি মহান, প্রজ্ঞাময়। সেইদৰে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ ওচৰত আমাৰ নিৰ্দেশৰ পৰা 'ৰূহ'ক ওহী যোগে প্রেৰণ কৰিছোঁ। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি? কিন্তু আমি ইয়াক নূৰ বনাইছো, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজত যাক ইচ্ছা হিদায়ত দান কৰোঁ। আৰু নিশ্চয় তুমি সৰল পথৰ নিৰ্দেশনা দিয়া। সেই আল্লাহৰ পথ, যিজন আকাশসমূহ আৰু পৃথিৱীত যি আছে তাৰ মালিক। সাৱধান! সকলো বিষয় আল্লাহৰ ওচৰত উভতি যাব"[1]

এই নূৰ নবী চাল্লাল্লাহু 'আলাইহি অছাল্লামৰ সাধনাত লব্ধ নূৰ নহয়, যেনে বহুতো জিন্দিক ও বেদুইন সকলে ধাৰণা কৰে। তেখেত তেজ, মাংস আৰু হাড় সমন্বিত মানুহ আছিল। চিৰাচৰিত নিয়ম পিতা-মাতাৰ দ্বাৰা তেখেতৰ সৃষ্টি হৈছে, তেখেতৰ জন্মৰ আগত কেতিয়াও তেখেতৰ সৃষ্টি হোৱা নাই।

আৰু কিছুমান মানুহে কয়: “আল্লাহ তা'আলা সৰ্বপ্রথম নবী চাল্লাল্লাহু আলাইহি অছআল্লামৰ নূৰ সৃষ্টি কৰিছে"। অথবা সিহঁতে কয়: “আল্লাহ তা'আলা স্বীয় মূখমণ্ডলৰ পৰা এক মুঠি নূৰ গ্রহণ কৰিলে, সেই মুঠিই হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। তাৰ পিছত আল্লাহ তেওঁৰ ফালে দৃষ্টিপাত কৰিলে, ফলত তাত বহু নূৰৰ জ্যোতি সিচৰি পৰে, যাৰ প্রত্যেক টুকুৰাৰ পৰা তেওঁ একোজনকৈ নবী সৃষ্টি কৰিছে। অথবা আল্লাহ তা'আলা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নূৰৰ পৰা সকলো মখলুক সৃষ্টি কৰিছে" ইত্যাদি কথা। এই হাদিছ বা এই ধৰণৰ আন আন হাদিছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্রমাণিত নহয়।] ইয়াৰ আগৰ ফতোৱাৰ পৰা স্পষ্ট হৈছে যে এই ধৰণৰ বিশ্বাস বাতিল।

ইয়াৰ বাহিৰে আৰু বৰ্ণনা কৰা হয় যে, أنا عرب بلا عين

'মই আৰব আইন ব্যতীত', অথবা কোৱা হয় أنا أحمد بلا ميم

'মই আহমদ মীম ব্যতীত' ইয়াৰ কোনো ভিত্তি নাই। আল্লাহৰ ৰুবুবিয়াতৰ কোনো ছিফাত (গুণ), অথবা আল্লাহৰ লগত বিশেষ কোনো ছিফাতৰ দ্বাৰা কাৰোবাক ভূষিত কৰা বৈধ নহয়, এই ধৰণৰ ছিফাত একমাত্র আল্লাহৰ বাবেই বিশেষ, এতেকে কাৰোবাক 'ৰব' বুলি কোৱা বা 'একক সত্ত্বা' বুলি কোৱা বৈধ নহয়। কোনো ৰাছুল বা কোনো মখলুক (সৃষ্টি)ক ৰব বা একক সত্ত্বা বুলি আখ্যায়িত কৰা কেতিয়াও বৈধ নহয়। চাল্লাল্লাহু আলা নাবিয়্যিনা মুহাম্মদ ওৱালিহি, ওৱাছাহবিহি অছাল্লাম"।[2] ফতোৱা সমাপ্ত।

এটা প্রশ্ন: চৰীয়তি দৃষ্টিত এই কথাৰ সত্যতা কিমান যে, আল্লাহ তা'আলা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সৃষ্টি কৰিছে কাৰণেই আকাশ আৰু পৃথিৱী সৃষ্টি কৰিছে? কোৱা হয়: “যদি নবী নহলেহেতেন তেন্তে আকাশসমূহ সৃষ্টি কৰা নহলেহেতেন"। এই কথাৰ অৰ্থ কি, হাদিছটো ছহীহনে বাৰু? বিষয়টো আমাৰ বাবে স্পষ্ট কৰক।

উত্তৰ: আলহামদুলিল্লাহ,

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে আকাশ আৰু পৃথিৱী সৃষ্টি কৰা হোৱা হোৱা নাই, বৰং আকাশ আৰু পৃথিৱী সৃষ্টিৰ কাৰণ আল্লাহ তা'আলা তলৰ এই আয়াতত বৰ্ণনা কৰিছে:

﴿ٱللَّهُ ٱلَّذِي خَلَقَ سَبۡعَ سَمَٰوَٰتٖ وَمِنَ ٱلۡأَرۡضِ مِثۡلَهُنَّۖ يَتَنَزَّلُ ٱلۡأَمۡرُ بَيۡنَهُنَّ لِتَعۡلَمُوٓاْ أَنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ وَأَنَّ ٱللَّهَ قَدۡ أَحَاطَ بِكُلِّ شَيۡءٍ عِلۡمَۢا ١٢﴾ [الطلاق : ١٢]

“আল্লাহ সেইজন, যিজনে সাতখন আকাশ আৰু অনুৰূপ পৃথিৱী সৃষ্টি কৰিছে, সেইবোৰৰ মাজত তেওঁৰ নিৰ্দেশ অৱতীৰ্ণ হয় যাতে তোমালোক জানিব পাৰা যে, আল্লাহ সৰ্ববিষয়ে ক্ষমতাবান আৰু আল্লাহৰ জ্ঞানে সকলো বস্তুকে আৱৰি আছে"[3]

প্রশ্নত উল্লেখ কৰা হাদিছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত মিছা অপবাদ, তাৰ কোনো ভিত্তি নাই। হে আল্লাহ আমাৰ নবী মুহাম্মদ, তেখেতৰ পৰিয়ালবৰ্গ আৰু তেখেতৰ সকলো সঙ্গী-সাৰথী সকলৰ ওপৰত চালাত ও ছালাম অৱতীৰ্ণ কৰা।

ছাওক: ফতোৱা লাজনায়ে দায়েমাহ।



[1] ছুৰা আশ্ব-শুৰা: (৫১-৫৩)

[2] ছাওক: ফতোৱা লাজনায়ে দায়েমাহ: (১/৩১০)

[3] ছুৰা আত-তালাক: (১২)