×
উক্ত ফতোৱাত কবিৰা গুনাহ কৰিলে ছওম নষ্ট হ’বনে নাই সেই বিষয়টো স্পষ্ট কৰা হৈছে।

    কবিৰা গুনাহ কৰিলে ছওম নষ্ট হয় নেকি?

    ] অসমীয়া – Assamese – آسامي [

    ইছলাম প্ৰশ্ন আৰু উত্তৰ

    —™

    অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    هل الكبائر تُبطل الصوم

    القسم العلمي بموقع الإسلام سؤال وجواب

    —™

    ترجمة: رفيق الاسلام بن حبيب الرحمن

    بسم الله الرحمن الرحيم

    37877: কবিৰা গুনাহ কৰিলে ছওম নষ্ট হয় নেকি?

    প্ৰশ্ন: আল্লাহ তাআলাই সেই ব্যক্তিৰ ছওম কবুল কৰিবনে; যি ব্যক্তিৰ ইনভেস্টমেন্ট চাৰ্টিফিকেট আছে। সুত প্ৰদান কৰা ব্যাংকত তাৰ শ্বেয়াৰৰ লেনদেন আছে, এইটো সুতৰ ব্যৱসায় বুলি ধৰা হ'বনে; আৰু তাৰ ছওম কবুল কৰা হ'বনে?

    উত্তৰ:

    আলহামদুলিল্লাহ।

    হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সুতৰ যি অৱশিষ্ট আছে সেইটো এৰি দিয়া যদি তোমালোকে মুমিন হোৱা। ।"[ছুৰা আল-বাকাৰাহ, আয়াত: ২৭৮]

    এইটো আল্লাহৰ তৰফৰ পৰা তেওঁৰ বান্দাসকলৰ প্ৰতি আহ্বান যাতে সিহঁতে সুত ত্যাগ কৰে, সুতৰ পৰা দূৰত থাকে। কিয়নো আল্লাহে সুতক হাৰাম কৰিছে,

    وأحل الله البيع وحرم الربا

    “আল্লাহে ব্যৱসায়ক হালাল কৰিছে; আৰু সুতক হাৰাম কৰিছে" [ছুৰা আল-বাকাৰাহ, আয়াত: ২৭৫]

    সুত খোৱাটো মুছলিমৰ বাবে লাঞ্ছিত আৰু অপমানিত হোৱাৰ অন্যতম কাৰণ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    إذا تبايعتم بالعينة ورضيتم بالزرع وأخذتم أذناب البقر وتركتم الجهاد في سبيل الله سلط الله عليكم ذلاً لا ينزعه عنكم حتى ترجعوا إلى دينكم " رواه أبو داوود (3462) وصححه الألباني في السلسلة الصحيحة (11( .

    যদি তোমালোকে আইনা ব্যৱসা কৰা, কৃষিকৰ্ম লৈ সন্তুষ্ট থাকা, গৰুৰ নেজ ধৰি থাকা আৰু আল্লাহৰ ৰাস্তাত জিহাদ কৰা এৰি দিয়া; তেনেহ'লে আল্লাহে তোমালোকক এনেকুৱা লাঞ্ছনাত পতিত কৰিব, যি লাঞ্ছনা তোমালোকৰ পৰা মুক্ত কৰা নহ'ব; যেতিয়া লৈকে তোমালোক আল্লাহৰ দ্বীনৰ পিনে উভতি নাহিবা।" [ছুনানে আবু দাউদ (৩৪৬২); আলবানীয়ে 'ছিলছিলা ছহীহা' গ্ৰন্থত (১১) হাদিছটোক ছহীহ বুলি কৈছে]

    সুত প্ৰদান কৰা ব্যাংকৰ লগত শ্বেয়াৰৰ বিষয়ে ইয়াৰ আগত বিভিন্ন প্ৰশ্নোত্তৰত বিস্তাৰিত আলোচনা কৰা হৈছে।

    চাওঁক 8590 আৰু 112445 নং প্ৰশ্নোত্তৰ।

    কিন্তু যি ব্যক্তি কোনো কবিৰা গুনাহত লিপ্ত হৈছে- যেনে সুত প্ৰদানকাৰী ব্যাংকৰ লগত শ্বেয়াৰ- এনে ব্যক্তি ছওম ৰাখিলে তাৰ শ্বৰয়ী দায়িত্ব পালন হ'ব; যদিও অসম্পূৰ্ণ। এনেকুৱাও হ'ব পাৰে সেই ব্যক্তি ছওম ৰখাৰ ছোৱাব নাপাব। আল্লাহ তাআলাৰ এই বাণীটো অলপ ভাৱি চাওঁকচোন,

    يأيها الذين آمنوا كتب عليكم الصيام كما كتب على الذين من قبلكم لعلكم تتقون

    “হে ঈমান্দাৰসকল! তোমালোকৰ ওপৰত ছিয়াম ফৰজ কৰা হৈছে যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰা।"[ছুৰা বাকাৰাহ, আয়াত: ১৮৩] এই আয়াতত আল্লাহ তাআলাই ছওম ফৰজ কৰাৰ উদ্দেশ্য উল্লেখ কৰি দিছে, সেইটো হৈছে- আল্লাহৰ নিৰ্দেশ পালন কৰা আৰু নিষেধসমূহ বৰ্জনৰ মাধ্যমত আল্লাহভীতি বা তাক্বৱা অৰ্জন কৰা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,

    ( مَنْ لَمْ يَدَعْ قَوْلَ الزُّورِ وَالْعَمَلَ بِهِ فَلَيْسَ لِلَّهِ حَاجَةٌ فِي أَنْ يَدَعَ طَعَامَهُ وَشَرَابَهُ ) رواه البخاري (1903)

    “যি ব্যক্তি মিছা কথা আৰু ইয়াৰ ওপৰত আমল কৰা ত্যাগ নকৰিব; তাৰ পানাহাৰ ত্যাগ কৰাৰ (ছওম ৰখাৰ) আল্লাহৰ কোনো প্ৰয়োজন নাই।" [ছহীহ বুখাৰী (১৯০৩)]

    অৰ্থাৎ ছওমৰ মাধ্যমত আল্লাহৰ উদ্দেশ্য এইটো নহয় যে, আমি কেৱল খোৱা-বোৱা এৰি দিম; বৰং আল্লাহৰ উদ্দেশ্য হৈছে- আমি যাতে আল্লাহক ভয় কৰো। যিহেতু আল্লাহ তাআলাই কৈছে, “যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰা"। [চাওঁক 'আল-শ্বাৰহুল মুমতি (৬/৪৩৫)]

    হাফিজ ইবনে হাজাৰে কৈছে, হাদিছৰ বাণী:قول الزور والعمل به" ইয়াৰ মাজত قول الزور দ্বাৰা উদ্দেশ্য হৈছে- মিছা কথা; আৰু والعمل به বা মিছা কথাৰ ওপৰত আমলৰ দ্বাৰা উদ্দেশ্য হৈছে- মিছাৰ দাবী অনুযায়ী কাম কৰা।

    ইবনুল আৰাবীয়ে কৈছে, এই হাদিছৰ দাবী হৈছে- হাদিছত যি পাপৰ কথা উল্লেখ কৰা হৈছে, যি ব্যক্তিয়ে পাপ কৰিব সি ছওমৰ ছোৱাব নাপাব। অৰ্থাৎ তুলাচনীত ছওমৰ ছোৱাব মিছা আৰু মিছাকৰ্মৰ গুনাহতকৈ পাতল।

    বায়যাবী ৰাহিমাহুল্লাহে কৈছে, কেৱল ভোক পিয়াহ লৈ উপবাস থকাটো ছওম ফৰজ কৰা উদ্দেশ্য নহয়; বৰং ছওম ফৰজ কৰাৰ উদ্দেশ্য হৈছে- ছওম ৰখাৰ মাধ্যমত যৌন চাহিদাক প্ৰশমিত কৰা, নফছে আম্মাৰাক নফছে মুতমাইন্নাৰ অনুগত কৰা। যদি এইটো অৰ্জন নহয় তেনেহ'লে আল্লাহ তাআলা ছওমৰ প্ৰতি কবুলৰ উদ্দেশ্যে দৃষ্টি নকৰিব।

    এই হাদীছটোৰ দ্বাৰা দলীল দিয়া হয় যে, এই পাপসমূহ ছওমক অসম্পূৰ্ণ ৰাখিব।[ফাতহুল বাৰী] সমাপ্ত