باتوا خارج منى، وهم لا يعلمون أن منى قريبة منهم

أعرض المحتوى باللغة الأصلية anchor

translation লেখক : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট
1

সিহঁতে মীনাৰ বাহিৰত ৰাতি অতিবাহিত কৰিছে; সিহঁতে জনা নাছিল যে মীনা সিহঁতৰ ওচৰত

6.3 MB DOCX
2

সিহঁতে মীনাৰ বাহিৰত ৰাতি অতিবাহিত কৰিছে; সিহঁতে জনা নাছিল যে মীনা সিহঁতৰ ওচৰত

547.7 KB PDF

فتوى مترجمة باللغة الآسامية، عبارة عن سؤال أجاب عنه القسم العلمي بموقع سؤال وجواب - أثابهم الله -، ونصه : " بعد رمي جمرة العقبة ذهبنا إلى مكة لطواف الإفاضة وبعد الانتهاء من الطواف من شدة التعب أردنا الذهاب إلى منى للمبيت هناك فلم نجد أي وسيلة نقل فاضطررنا للذهاب إلى العزيزية ( ريع صدقي ) ولم نعلم أن الجمرات تبعد عنا مسافة كيلو أو أقل فنمنا وأخبرنا شخصا بإيقاظنا منتصف الليل لنذهب إلى منى للمبيت فالشخص رآنا مجهدين فلم يوقظنا، فما حكم المبيت، وهل يتوجب علي دم ؟ ".

    সিহঁতে মীনাৰ বাহিৰত ৰাতি অতিবাহিত কৰিছে; সিহঁতে জনা নাছিল যে মীনা সিহঁতৰ ওচৰত

    ] অসমীয়া – Assamese – آسامي [

    ইছলাম প্ৰশ্ন আৰু উত্তৰ

    —™

    অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    باتوا خارج منى ، وهم لا يعلمون أن منى قريبة منهم

    ] অসমীয়া – Assamese – آسامي [

    القسم العلمي بموقع الإسلام سؤال وجواب

    —™

    ترجمة: رفيق الاسلام بن حبيب الرحمن

    بسم الله الرحمن الرحيم

    225091: باتوا خارج منى ، وهم لا يعلمون أن منى قريبة منهم

    225091: সিহঁতে মীনাৰ বাহিৰত ৰাতি অতিবাহিত কৰিছে; সিহঁতে জনা নাছিল যে মীনা সিহঁতৰ ওচৰত

    প্রশ্ন: জামাৰাহ আকাবাত শিল গুটি দলিওৱাৰ পিছত আমি তাৱাফে ইফাজা (ফৰজ তাৱাফ) আদায় কৰাৰ বাবে মক্কাত গৈছিলো। তাৱাফ শেষত আমি অতি ক্লান্ত হৈ পৰিছিলো; সেয়ে ৰাতি অতিবাহিত কৰাৰ বাবে মীনাত যোৱাৰ কাৰণে যানবাহন বিচাৰি পোৱা নাছিলো। অৱশেষত আমি আজিজিয়া (ৰি ছিদকি)ত গ'লো। আমি জনা নাছিলো যে, মীনাৰ জমাৰাতসমূহ আমাৰ পৰা কেৱল এক কিলোমিটাৰ বা তাতোকৈ কম দূৰত অৱস্থিত। আমি শুই পৰিলো আৰু এজন ব্যক্তিক ক'লো তেওঁ যেন আমাক মাজ ৰাতিত জগাই দিয়ে যাতে আমি ৰাতি যাপন কৰিবলৈ মীনাত যাব পাৰো। সেই ব্যক্তিয়ে দেখিলে যে, আমি বৰ ক্লান্ত; সেয়ে তেওঁ আমাক জগাই নিদিলে। এতিয়া প্ৰশ্ন হ'ল, মীনাত ৰাতি অতিবাহিত কৰাৰ হুকুম কি; আমাৰ ওপৰত দম (পশু যবেহ কৰা) ওৱাজিব হ'ব নেকি?

    উত্তৰ:

    আলহামদুলিল্লাহ।

    প্ৰথম:

    তাশ্বৰিকৰ (কোৰবানী ঈদৰ পিছৰ) তিনি ৰাতি মীনাত অতিবাহিত কৰা হজ্জৰ ওৱাজিব আমল। যি ব্যক্তি কোনো ওজৰবিহীন মীনাত ৰাতি অতিবাহিত কৰা পৰিত্যাগ কৰিব জমহুৰ আলিমৰ মতে, তাৰ ওপৰত দম (পশু যবেহ কৰা) আৱশ্যক হ'ব।

    আল-মাউছুআ আল-ফিকহিয়্যা (১৭/৫৮) গ্ৰন্থত আহিছে,

    " الْمَبِيتُ بِمِنًى لَيَالِيَ أَيَّامِ التَّشْرِيقِ : وَاجِبٌ عِنْدَ جُمْهُورِ الْفُقَهَاءِ , يَلْزَمُ الدَّمُ لِمَنْ تَرَكَهُ بِغَيْرِ عُذْرٍ " انتهى .

    তাশ্বৰিকৰ ৰাতিসমূহ মীনাত অতিবাহিত কৰা জমহুৰ আলিমৰ মতে ওৱাজিব। যি ব্যক্তি কোনো ওজৰবিহীন এই আমল ত্যাগ কৰিব তেওঁ দম দিব (পশু যবেহ কৰিব) লাগিব। সমাপ্ত

    অধিক জানিবলৈ চাওঁক www.islamqa.info প্ৰশ্ন নং 21258 আৰু 95374।

    দ্বিতীয়:

    যি ব্যক্তি মীনাত ৰাতি অতিবাহিত কৰিবলৈ সক্ষম কিন্তু মীনাৰ সীমা নজনাৰ কাৰণে মীনাত ৰাতি অতিবাহিত কৰিব পৰা নাই তেন্তে তাৰ এই কাম ওজৰ হিচাপে ধৰা নহ'ব। কাৰণ সেই ব্যক্তিৰ উচিত আছিল- মীনা সম্পৰ্কে মানুহক সোধ-পোছ কৰা; যাতে মীনাত ৰাতি অতিবাহিত কৰিব পাৰে।

    শ্বাইখ বিন বাজ (ৰাহিমাহুল্লাহে) কৈছে:

    " من ترك المبيت في منى جاهلا حدودها مع القدرة على المبيت ، فعليه دم ؛ لأنه ترك واجبا من غير عذر شرعي ، وكان الواجب عليه أن يسأل حتى يؤدي الواجب " انتهى من " مجموع فتاوى ابن باز " (16/149(

    যি ব্যক্তি মীনাৰ সীমা নজনাৰ কাৰণে সক্ষম হোৱা সত্বেও মীনাত ৰাতি অতিবাহিত কৰিব পৰা নাই তাৰ ওপৰত দম ওৱাজিব হ'ব। কাৰণ সেই ব্যক্তি কোনো চৰিয়তি ওজৰবিহীন এটা ওৱাজিব আমল এৰি দিছে। তাৰ বাবে ওৱাজিব আছিল মানুহক সোধ-পোছ কৰা যাতে এই ওৱাজিব আমলটো পালন কৰিব পাৰে।[শ্বাইখ বিন বাজৰ ফতোৱাসমগ্ৰৰ (১৬/১৪৯) পৰা সমাপ্ত]

    ইয়াৰ আলোকত ক'ব পাৰি যে, যদি মীনাত ৰাতি অতিবাহিত কৰাৰ বাবে আপোনালোকৰ ঠাই থাকে তেনেহ'লে এই ওৱাজিব আমল পৰিত্যাগ কৰিবলৈ আপোনালোকৰ বাবে কোনো ওজৰ নাই। এই আমলটো ত্যাগ কৰাৰ কাৰণে আপোনালোকৰ ওপৰত ছাদাকা কৰা ওৱাজিব হ'ব; দম (পশু জবেহ) কৰা নহয়। কাৰণ দম ওৱাজিব হ'ব সেই সময়ত যেতিয়া গোটেই কেইটা ৰাতি অতিবাহিত কৰা পৰিহাৰ কৰিব।

    নৱৱী (ৰাহিমাহুল্লাহে) কৈছে:

    " وَإِنْ تَرَكَ لَيَالِي التَّشْرِيقِ الثَّلَاثَ لَزِمَهُ دَمٌ فَقَطْ , هَذَا هُوَ الْمَذْهَبُ ... , وَإِنْ تَرَكَ لَيْلَتَيْنِ ، فَعَلَى الْأَصَحِّ : يَجِبُ مُدَّانِ [ أي : يتصدق بمدين من الطعام ] " انتهى من " المجموع " (8/225(

    যদি তাশ্বৰিকৰ তিনি ৰাতি অতিবাহিত কৰা পৰিত্যাগ কৰে তেনেহ'লে তাৰ ওপৰত দম ওৱাজিব হ'ব; এইটোৱেই মাজহাবৰ অভিমত...। আৰু যদি দুই ৰাতি পৰিত্যাগ কৰে তেনেহ'লে বিশুদ্ধ মতানুযায়ী দুই মুদ্দ (দুই মুদ্দ খাদ্য ছাদাকা কৰা) ওৱাজিব হ'ব।[আল-মাজমু (৮/২২৫)ৰ পৰা গৃহীত সমাপ্ত]

    শ্বাইখ উছাইমীন (ৰাহিমাহুল্লাহে) কৈছে:

    " وقوله : « أو لم يبت بها » عُلم منه أنه لو ترك ليلة من الليالي ، فإنه ليس عليه دم ، وهو كذلك ، بل عليه إطعام مسكين إن ترك ليلة ، وإطعام مسكينين إن ترك ليلتين ، وعليه دم إن ترك ثلاث ليالي " انتهى من " الشرح الممتع " (7/358(

    গ্ৰন্থকাৰৰ কথা “অথবা যদি তাত ৰাতি অতিবাহিত নকৰে" ইয়াৰ পৰা জনা গ'ল যে, যদি এৰাতি অতিবাহিত কৰিবলৈ পৰিত্যাগ কৰে তেনেহ'লে দম ওৱাজিব নহ'ব। এইটোৱেই সঠিক। বৰং তাৰ ওপৰত অপৰিহাৰ্য হ'ব- এৰাতি অতিবাহিত নকৰিলে এজন মিছকীনক খাদ্য খোৱাব লাগিব; দুই ৰাতি অতিবাহিত নকৰিলে দুজন মিছকীনক খাদ্য খোৱাব লাগিব। আৰু তিনি ৰাতি অতিবাহিত নকৰিলে তাৰ ওপৰত দম ওৱাজিব হ'ব। [আল-শ্বাৰহুল মুমতি (৭/৩৫৮)ৰ পৰা সংগৃহীত। সমাপ্ত]

    সাৰাংশ, সেই ৰাতি মীনাত ৰাতি অতিবাহিত ত্যাগ কৰাৰ কাৰণে আপোনালোকৰ ওপৰত এজন মিছকীনক আহাৰ কৰোৱা ওৱাজিব হ'ব।

    আল্লাহেই ভাল জানে।

    ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট

    ক্যাটাগৰি সমূহ