×
ৰজব মাহত ছিয়াম পালন কৰা সম্পৰ্কে শ্বাইখ ছলেহ আল মুনাজ্জিদ হাফিজাহুল্লাহৰ দ্বাৰা পৰিচালিত ৱেব ছাইট আল ইছলাম প্ৰশ্ন উত্তৰৰ পৰা ফতোৱাটোৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ’ল।

    ৰজব মাহত ছিয়াম পালন কৰা সম্পৰ্কে

    ] অসমীয়া – Assamese – آسامي [

    শ্বাইখ মুহাম্মদ ছলেহ আল-মুনাজ্জিদ

    —™

    অনুবাদঃ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী

    ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদি আৰব

    ২০১৬ - ১৪৩৭

    الصوم في شهر رجب

    القسم العلمي بموقع الإسلام سؤال وجواب

    —™

    ترجمة: رفيق الاسلام بن حبيب الرحمن

    2016 - 1437

    بسم الله الرحمن الرحيم


    75394: ৰজব মাহত ছওম (ৰোজা) ৰখা

    প্ৰশ্ন: ৰজব মাহত ছওম বা ৰোজা ৰখাৰ বিশেষ কোনো ফজিলতৰ কথা বৰ্ণিত আছে নেকি?

    উত্তৰ: সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে।

    এক:

    ৰজব মাহ হাৰাম (সন্মানীয়) মাহসমূহৰ এটা অন্যতম মাহ। হাৰাম মাহসমূহৰ বিষয়ে আল্লাহ তাআলাই কৈছে:

    ﴿إِنَّ عِدَّةَ الشُّهُورِ عِنْدَ اللَّهِ اثْنَا عَشَرَ شَهْراً فِي كِتَابِ اللَّهِ يَوْمَ خَلَقَ السَّمَاوَاتِ وَالأَرْضَ مِنْهَا أَرْبَعَةٌ حُرُمٌ ذَلِكَ الدِّينُ الْقَيِّمُ فَلا تَظْلِمُوا فِيهِنَّ أَنْفُسَكُمْ﴾ (التوبة/36)

    আল্লাহৰ ওচৰত মাহসমূহৰ গণনা হৈছে বাৰ মাহ। এই কথা আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰাৰ দিনাই আল্লাহৰ বিধানত লিখা হৈছে। তাৰে চাৰিটা মাহ পৱিত্ৰ। এইটোৱেই সত্য সুপ্ৰতিষ্ঠিত দ্বীন। এতেকে তোমালোকে ইয়াৰ মাজত নিজে নিজৰ ওপৰত অন্যায় নকৰিবা। [ছুৰা তাওবা, আয়াত: ৩৬] হাৰাম (পৱিত্ৰ) মাহসমূহ হৈছে- ৰজব, যুলক্বাদা, যুল-হিজ্জা আৰু মুহাৰ্ৰম মাহ।

    وروى البخاري (4662) ومسلم (1679) عَنْ أَبِي بَكْرَةَ رضي الله عنه عَنْ النَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَ : (( السَّنَةُ اثْنَا عَشَرَ شَهْرًا , مِنْهَا أَرْبَعَةٌ حُرُمٌ , ثَلاثٌ مُتَوَالِيَاتٌ : ذُو الْقَعْدَةِ وَذُو الْحِجَّةِ وَالْمُحَرَّمُ , وَرَجَبُ مُضَرَ الَّذِي بَيْنَ جُمَادَى وَشَعْبَانَ))

    বুখাৰী (৪৬৬২) আৰু মুছলিম (১৬৭৯)ত আবু বকৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে যে, তেখেতে কৈছে: “বছৰত হৈছে- বাৰ মাহ। ইয়াৰ মাজত চাৰিটা মাহ- হাৰাম (নিষিদ্ধ)। চাৰিটাৰ মাজত তিনিটা ধাৰাবাহিকভাৱে যেনে: যুলক্বাদা, যুল-হিজ্জা, মুহৰ্ৰম আৰু (মুজাৰ গোত্ৰৰ) ৰজব মাহ; যিটো মাহ জুমাদাল আখিৰা আৰু শ্বাবান মাহৰ মাজত অৱস্থিত।"

    এই মাহসমূহক 'হাৰাম' বুলি আখ্যায়িত কৰা হয় দুটা কাৰণত:

    ১. এই মাহসমূহত যুদ্ধ কৰা হাৰাম সেই কাৰণে ইয়াক হাৰাম বুলি কোৱা হয়। কিন্তু শত্ৰুৱে যদি প্ৰথমে যুদ্ধৰ সূত্ৰপাত কৰে তেন্তে সেইটো সুকীয়া বিষয়।

    ২. এই কাৰণেও কোৱা হয় যে, আন মাহত কোনো হাৰাম কামত লিপ্ত হ'লে যি পাপ হয় তাতকৈ বেছি পাপ এই মাহবোৰত হাৰাম কামত লিপ্ত হ'লে হয়।

    সেয়ে আল্লাহ তাআলাই এই মাহবোৰত গুনাহত লিপ্ত হ'বলৈ নিষিদ্ধ কৰিছে। আল্লাহ তাআলাই কৈছে:

    ﴿فَلا تَظْلِمُوا فِيهِنَّ أَنْفُسَكُمْ﴾ (التوبة/36)

    “ইয়াৰ মাজত তোমালোকে নিজে নিজৰ ওপৰত জুলুম বা অন্যায় নকৰিবা" [ছুৰা তাওবা, আয়াত: ৩৬] যদিও এই মাহবোৰত পাপত লিপ্ত হোৱাটো যেনেকৈ নিষিদ্ধ ঠিক তেনেকৈ আন আন যিকোনো মাহতে পাপত লিপ্ত হোৱাটো নিষিদ্ধ; তথাপিও এই মাহবোৰত পাপত লিপ্ত হোৱাটো অধিক গুনাহৰ কাৰণ।

    শ্বাইখ ছা'দী ৰাহিমাহুল্লাহে (পৃষ্ঠা-৩৭৩) কৈছে:

    “এই মাহবোৰৰ মাজত তোমালোকে নিজে নিজৰ ওপৰত জুলুম বা অন্যায় নকৰিবা" ইয়াত ব্যৱহাৰ হোৱা সৰ্বনামৰ এটা নিৰ্দেশনা হ'ব পাৰে- বাৰ মাহ। আল্লাহ তাআলাই উল্লেখ কৰিছে যে, তেওঁ এই মাহসমূহ মানুহৰ হিচাপ ৰখাৰ সুবিধাৰ্ধে সৃষ্টি কৰিছে। এই মাহসমূহত তেওঁৰ ইবাদত কৰা হ'ব। আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হ'ব আৰু মানুহৰ কল্যাণৰ মাধ্যমত অতিবাহিত কৰা হ'ব। এতেকে, এই মাহবোৰত নিজ আত্মাৰ ওপৰত জুলুম কৰাৰ পৰা সাৱধান হোৱা।

    আৰু এটা সম্ভাৱনা আছে যে, ইয়াত ব্যৱহাৰ হোৱা সৰ্বনামটো উক্ত চাৰিটা হাৰাম মাহক নিৰ্দেশ কৰিছে। উদ্দেশ্য হৈছে- এই মাহসমূহত জুলুম বা অন্যায় কৰাৰ পৰা বিৰত থকাৰ বিশেষ নিষেধাজ্ঞা জাৰী কৰা। যদিও যিকোনো সময়ত জুলুম বা অন্যায় অত্যাচাৰ কৰা নিষিদ্ধ। কিন্তু এই মাহসমূহত জুলুম বা অন্যায়ৰ গুনাহ বেছি মাৰাত্মক। সমাপ্ত

    দুই:

    কিন্তু ৰজব মাহত ছিয়াম পালন কৰা (ৰোজা ৰখা) বা ৰজব মাহৰ কিছু অংশত ছিয়াম ৰখাৰ বিষয়ে কোনো ছহীহ হাদীছ বৰ্ণিত হোৱা নাই। কিছুমান মানুহে ৰজব মাহৰ বিশেষ ফজিলত আছে বুলি এই মাহৰ বিশেষ কিছুমান দিনত যি ছিয়াম পালন কৰে এই ধৰণৰ বিশ্বাসৰ কোনো ভিত্তি নাই।

    কিন্তু হাৰাম মাহসমূহৰ ভিতৰত (ৰজব এটা হাৰাম মাহ) ছিয়াম ৰখা মুস্তাহাব বুলি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এটা (দুৰ্বল) হাদীছ বৰ্ণিত আছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

    (( صُمْ مِنْ الْحُرُمِ وَاتْرُكْ )) رواه أبو داود (2428) وضعفه الألباني في ضعيف أبي داود .

    “হাৰাম মাহসমূহত ছিয়াম পালন কৰা; আৰু ছিয়াম ভঙ্গ বা এৰিও দিয়া"[আবু দাউদ, হাদীছ নং- ২৪২৮, আলবানীয়ে হাদিছটোক যয়ীফ বা দুৰ্বল বুলি কৈছে]

    এই হাদিছটো যদি সাব্যস্ত হয় তেনেহ'লে হাৰাম মাহত ছিয়াম পালন কৰা মুস্তাহাব বুলি প্ৰমাণ হ'ব। এতেকে, যি ব্যক্তি এই হাদীছৰ ভিত্তিত ৰজব মাহত ছিয়াম পালন কৰে আৰু আন আন হাৰাম মাহবোৰতো ছিয়াম পালন কৰে তেন্তে ইয়াত কোনো অসুবিধা নাই। কিন্তু ৰজব মাহক বিশেষ মৰ্যদা প্ৰদান কৰি ছিয়াম পালন কৰা নাযাব।

    শ্বাইখুল ইছলাম ইবনে তাইমিয়া ৰাহিমাহুল্লাহে মাজমুউল ফাতাৱা (২৫/২৯০) গ্ৰন্থত কৈছে:

    "وأما صوم رجب بخصوصه فأحاديثه كلها ضعيفة ، بل موضوعة ، لا يعتمد أهل العلم على شيء منها ، وليست من الضعيف الذي يروى في الفضائل ، بل عامتها من الموضوعات المكذوبات . . .

    وفي المسند وغيره حديث عن النبي صلى الله عليه وسلم أنه أمر بصوم الأشهر الحرم : وهي رجب وذو القعدة وذو الحجة والمحرم . فهذا في صوم الأربعة جميعا لا من يخصص رجبا " انتهى باختصار .

    আনহাতে ৰজব মাহত ছিয়াম পালন কৰা সংক্ৰান্তত বৰ্ণিত হোৱা সকলো হাদিছ দুৰ্বল; বৰং মাওযু বা জাল। আলিমসকলে ইয়াৰ এটাৰ ওপৰতো নিৰ্ভৰ নকৰে। ফজিলতৰ ক্ষেত্ৰত যি শ্ৰেণীৰ দুৰ্বল হাদীছ বৰ্ণনা কৰা যায় এইটো সেই শ্ৰেণীৰ অন্তৰ্ভূক্ত নহয়। বৰং এই সংক্ৰান্ত সকলো হাদীছ মাওজু বা জাল আৰু মিছা।

    মুছনাদে আহমাদ আৰু অন্যান্য হাদীছ গ্ৰন্থত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণিত হৈছে যে, তেওঁ হাৰাম মাহসমূহত ছিয়াম পালন কৰাৰ নিৰ্দেশ দিছে। হাৰাম মাহসমূহ হৈছে- ৰজব, যুলক্বাদা, যুল-হিজ্জা, মুহাৰ্ৰম। এই হাদীছটো উক্ত চাৰিটা মাহৰ বিষয়েই বৰ্ণিত হৈছে। বিশেষভাৱে ৰজব মাহৰ বিষয়ে নহয়। সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হ'ল. সমাপ্ত

    ইবনুল কাইয়্যিম ৰাহিমাহুল্লাহে কৈছে:

    "كل حديث في ذكر صيام رجب وصلاة بعض الليالي فيه فهو كذب مفترى " انتهى من المنار المنيف (ص96 )

    “ৰজব মাহত ছিয়াম পালন কৰা আৰু নফল ছালাত আদায় কৰাৰ বিষয়ে যিবোৰ হাদীছ বৰ্ণিত হৈছে সেই সকলোবোৰ মিছা জাল" [আল মানাৰ আল-মুনিফ, পৃষ্ঠা- ৯৬]

    ইবনে হাজাৰ ৰাহিমাহুল্লাহে 'তাবয়িনুল আজব' (পৃষ্ঠা- ১১) গ্ৰন্থত কৈছে:

    "لم يرد في فضل شهر رجب , ولا في صيامه ولا صيام شيء منه معين , ولا في قيام ليلة مخصوصة فيه حديث صحيح يصلح للحجة " انتهى .

    ৰজব মাহৰ ফজিলত, এই মাহত ছিয়াম পালন কৰা বা এই মাহৰ বিশেষ দিনত ছিয়াম পালন কৰাৰ বিষয়ে সুনিৰ্দিষ্ট একো বৰ্ণিত হোৱা নাই অথবা এই মাহৰ বিশেষ কোনো ৰাতিত ছালাত আদায় কৰাৰ বিষয়ে ছহীহ কোনো হাদীছ নাই। সমাপ্ত

    শ্বাইখ ছাইয়্যেদ ছাবিক ৰাহিমাহুল্লাহে “ফিকহুছ ছুন্নাহ' গ্ৰন্থত (১/৩৮৩) কৈছে:

    "وصيام رجب ليس له فضل زائد على غيره من الشهور , إلا أنه من الأشهر الحرم , ولم يرد في السنة الصحيحة أن للصيام فضيلة بخصوصه , وأن ما جاء في ذلك مما لا ينتهض للاحتجاج به " انتهى .

    আন আন মাহবোৰৰ ওপৰত ৰজব মাহৰ বিশেষ কোনো ফজিলত নাই। কিন্তু ই হাৰাম মাহসমূহৰ মাজৰ এটা মাহ। এই মাহত ছিয়াম পালন কৰাৰ বিশেষ কোনো ফজিলত কোনো ছহীহ হাদীছত বৰ্ণিত হোৱা নাই। এই বিশেষ যি কেইটা বৰ্ণনা আছে ইয়াৰ এটাও দলীল হিচাপে গ্ৰহণ কৰাৰ উপযুক্ত নহয়। সমাপ্ত

    শ্বাইখ উছাইমীন ৰাহিমাহুল্লাহক ৰজব মাহৰ ২৭ তাৰিখে ছিয়াম আৰু কিয়াম (ছালাত) পালনৰ বিষয়ে প্ৰশ্ন কৰাত তেখেতে উত্তৰত কৈছে:

    "صيام اليوم السابع العشرين من رجب وقيام ليلته وتخصيص ذلك بدعة , وكل بدعة ضلالة " انتهى .

    "مجموع فتاوى ابن عثيمين" (20/440(

    “সবিশেষ মৰ্যদা প্ৰদান কৰি ৰজব মাহৰ ২৭ তাৰিখে ছিয়াম আৰু কিয়াম (ছালাত) পালন কৰা বিদআত। আৰু প্ৰত্যেক বিদআতেই ভ্ৰষ্টতা।" সমাপ্ত [মাজমুউ ফাতাৱা আশ্ব-শ্বাইখ উছাইমীন, (২০/৪৪০)]

    https://islamqa.info/ar/75394