×
ৰজব মাহ সম্পৰ্কে জ্ঞাতব্যঃ পৱিত্ৰ মাহ সমূহৰ বৰ গুৰুত্ব আহিছে। সেই পৱিত্ৰ মাহ সমূহৰ মাজতে এটা হৈছে ৰজব মাহ। গতিকে পাপ কৰ্ম আৰু প্ৰচলিত বিদআত বৰ্জন কৰি এই মাহৰ পৱিত্ৰতা ৰক্ষা কৰা প্ৰত্যেকৰে দায়িত্ব। এই প্ৰৱন্ধত সেই বিষয়টোকে উল্লেখ কৰা হৈছে।

    الرحمن
    ترجمة
    :

    আল্লাহ তাআলা কৈছেঃ

    وَرَبُّكَ يَخْلُقُ مَا يَشَاءُ وَيَخْتَارُ (القصص:68)

    অৰ্থঃ আপোনাৰ প্ৰতিপালক যিটো ইচ্ছা সেইটোৱে সৃষ্টি কৰে আৰু পছন্দ কৰে। (কাচাচঃ ৬৪)

    অৰ্থাৎঃ নিজ সৃষ্টি বস্তুৰ পৰা কিছুমান বস্তু মনোনীত কৰে। তাৰ শ্ৰেষ্টত্ব আৰু মৰ্যাদাৰ ঘোষণা দিয়ে। যেনে তেওঁ মনোনীত কৰিছে কিছুমান দিন আৰু কিছুমান মাহ, আৰু এইবোৰক সন্মান, শ্ৰেষ্টত্ব আৰু মৰ্যাদা প্ৰদান কৰিছে আন আন দিন আৰু মাহৰ ওপৰত। যেনে আল্লাহ তাআলা কৈছেঃ

    إِنَّ عِدَّةَ الشُّهُورِ عِنْدَ اللَّهِ اثْنَا عَشَرَ شَهْرًا فِي كِتَابِ اللَّهِ يَوْمَ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ مِنْهَا أَرْبَعَةٌ حُرُمٌ ذَلِكَ الدِّينُ الْقَيِّمُ فَلَا تَظْلِمُوا فِيهِنَّ أَنْفُسَكُمْ . (التوبة:36)

    অৰ্থঃ নিসন্দেহে আল্লাহৰ ওচৰত মাহ সমূহৰ সংখ্যা হৈছে আল্লাহৰ বিধানত বাৰ টা। (এই নিয়ম নিৰ্ধাৰিত হৈছে)আকাশ আৰু পৃথিৱীৰ সৃষ্টিৰ আদিৰে পৰা। তাৰে চাৰিটা হৈছে পৱিত্ৰ। এইটোৱে হৈছে সুপ্ৰতিষ্ঠিত বিধান। এতেকে ইয়াৰ মাজত তোমালোকে (অন্যায় অত্যাচাৰত লিপ্ত হৈ) নিজৰ প্ৰতি অন্যায় নকৰিবা। (তাওবাঃ ৩৬)

    হাদিছত সেই চাৰিটা মাহৰ নাম উল্লেখ কৰা হৈছে।

    )إِنَّ الزَّمَانَ قَدِ اسْتَدَارَ كَهَيْئَتِهِ يَوْمَ خَلَقَ اللَّهُ السَّمَاوَاتِ وَالأَرْضَ , السَّنَةَ اثْنَا عَشَرَ شَهْرًا , مِنْهَا أَرْبَعَةٌ حُرُمٌ , ثَلاثٌ مُتَوَالِيَاتٌ ؛ ذُو الْقَعْدَةِ وَذُو الْحِجَّةِ وَالْمُحَرَّمُ ، وَرَجَبٌ شَهْرُ مُضَرَ بَيْنَ جُمَادَى وَشَعْبَانَ( رواه البخاري و مسلم

    ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

    আকাশ আৰু পৃথিৱীৰ সৃষ্টিৰ আদিৰে পৰা কাল চক্ৰাকাৰত ঘুৰে, বাৰ মাহত এবছৰ। তাৰ মাজত চাৰিটা সন্মানিত। একেলেঠাৰিয়ে তিনিটা যেনেঃ জুল কাদা, জুল হিজ্জা আৰু মুহাৰ্ৰাম। আৰু আনটো হৈছে মুজাৰ সম্প্ৰাদায়ৰ কেলেন্ডাৰ অনুযায়ী জুমাদাল উখৰা আৰু শ্বাবানৰ মাজৰ মাহ ৰজব। (বুখাৰী আৰু মুছলিম)

    এই মাহ চাৰিটা বিশেষ মৰ্যাদাৰে বিশেষিত। তাৰে এটা হৈছে ৰজব। আল্লাহ তাআলা কৈছেঃ

    يَا أَيُّهَا الَّذِينَ آَمَنُوا لَا تُحِلُّوا شَعَائِرَ اللَّهِ وَلَا الشَّهْرَ الْحَرَامَ (الأنعام:2)

    হে ঈমানদাৰ সকল! আল্লাহৰ নিদৰ্শন সমূহ (নিষিদ্ধ বস্তু) হালাল নকৰিবা। আৰু সন্মানিত মাহবোৰকো নহয়। (মায়িদাঃ২)

    অৰ্থাৎঃ আল্লাহ তাআলাৰ সংৰক্ষিত, নিষিদ্ধ বস্তু সমূহ, যিবোৰক তেওঁ সন্মান প্ৰদৰ্শনৰ নিৰ্দেশ দিছে আৰু অনাধিকাৰ চৰ্চা কৰিবলৈ বাৰণ কৰিছে। সেইবোৰক তোমালোকে হালাল বুলি নাভাবিবা। ইয়াৰ মাজত ভ্ৰান্ত বিশ্বাস, নিষিদ্ধ কাম সকলো অন্তৰ্ভূক্ত।

    আল্লাহ তাআলা কৈছেঃ

    فَلَا تَظْلِمُوا فِيهِنَّ أَنْفُسَكُمْ. (التوبة:36)

    ইয়াৰ মাজত (সন্মানিত মাহবোৰৰ মাজত) তোমালোকে নিজৰ প্ৰতি অত্যাচাৰ (ক্ষতি সাধন) নকৰিবা। (তাওবাঃ ৩৬)

    যিহেতু আল্লাহ তাআলাই এই মাহবোৰক বিশেষ সন্মানেৰে ভূষিত কৰিছে। সেয়ে ইয়াৰ যথাযথ সন্মান ৰক্ষা কৰা আৰু ইয়াৰ মৰ্যাদা ও পৱিত্ৰতা ৰক্ষা কৰা লগতে কোনো ধৰণৰ পাপ কাৰ্যত লিপ্ত নোহোৱা উচিত। তথাপিও সময়ৰ পৰিবৰ্তনত বহুতো জঘন্য আৰু মাৰাত্মক অপৰাধ হৈ থাকে। সেয়ে আল্লাহ তাআলা উক্ত আয়াতত নিজৰ ওপৰত অন্যায় অত্যাচাৰ কৰিবলৈ নিষেধ কৰিছে। আনহাতে নিজৰ ওপৰত অন্যায় কৰা বা আন কোনো পাপ কৰ্মত লিপ্ত হোৱাটো সকলো মাহতেই হাৰাম বা নিষিদ্ধ।

    ৰজব মাহক কেন্দ্ৰ কৰি কিছুমান নৱাবিষ্কৃত আমল। যিটো বিদআত।

    ১) ৰজব মাহৰ ৰোজাঃ

    ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আৰু তেওঁৰ চাহাবা সকলৰ পৰা ৰজব মাহৰ ৰোজাৰ ফজিলত সম্পৰ্কে প্ৰমাণিত কোনো দলীল পোৱা নাযায়। কিন্তু আন আন মাহৰ দৰে এই মাহতো সপ্তাহৰ প্ৰতি সোমবাৰ, বৃহস্পতিবাৰ, প্ৰত্যেক মাহৰ ১৩, ১৪, ১৫ আৰু যদি কোনোবাই একেলেঠাৰিয়ে ৰোজা ৰাখিব খোজে তাৰ বাবে এদিন ৰোজা ৰখা আৰু এদিন নৰখা এইবোৰ কেৱল বৈধই নহয় বৰং ছুন্নত। ওমৰ ৰাদিয়াল্লাহু আনহু ৰজব মাহৰ ৰোজাৰ পৰা মানুহক নিষেধ কৰিছিল কাৰণ ইয়াত ইছলাম পুৰ্ৱ কুসংস্কাৰৰ লগত সাদৃশ্যতা পোৱা যায়।

    হাফিজ ইবনে হাজাৰ আছকালানীয়ে কৈছেঃ

    ৰজব মাহৰ নিৰ্দিষ্ট-অনিৰ্দিষ্ট দিনৰ ৰোজা সম্পৰ্কে কোনো ছহীহ হাদিছ বৰ্ণিত হোৱা নাই। যি কেইটা সুস্পষ্ট অৰ্থ পুৰ্ণ হাদিছ বৰ্ণিত হৈছে সেইবোৰ দুটা ভাগত বিভক্ত। জঈফ বা দুৰ্বল, মওজু বা জাল হাদিছ। তেখেতে সেই গুটেইবোৰ হাদিছ একত্ৰিত কৰিছে। তাত ১১টা দুৰ্বল হাদিছ আৰু ২১ জাল হাদিছ আছে।

    ইবনুল কাইয়্যিম ৰাহিমাহুল্লাই কৈছেঃ

    ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম একেলেঠাৰিয়ে তিনি মাহ (ৰজব, শ্বাবান, ৰমজান) কেতিয়াও ৰোজা ৰখা নাছিল। যেনে কিছুমান লোকক দেখা যায়। ৰজব মাহত কদাপিও ৰোজা ৰখা নাছিল। আৰু তেওঁ এই মাহত ৰোজা ৰখা পছন্দও কৰা নাছিল।

    ছৌদি আৰবৰ স্থায়ী ফতোৱা কমেটীৰ এক ফতোৱাত কোৱা হৈছেঃ যে ৰজব মাহৰ কিছুমান দিন নিৰ্দিষ্ট কৰি ৰোজা ৰখা সম্পৰ্কে আমাৰ দলীল জনা নাই।

    ২) ৰজব মাহত ওমৰাহ কৰা।

    ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ৰজব মাহত ওমাৰাহ কৰিছিল বুলি কোনো প্ৰমান নাই। সেয়ে এই মাহত নিৰ্দিষ্ট ভাৱে ওমৰাহ কৰা অথবা এইটো বিশ্বাস কৰা যে এই মাহত ওমৰাহ কৰাৰ বিশেষ ফজিলত আছে তেন্তে এইটো বিদআত বুলি গন্য হ’ব।

    শ্বাইখ মুহাম্মদ ইব্ৰাহীম ৰাহিমাহুল্লাই তেওঁৰ ফতোৱাত কৈছেঃ ৰজব মাহক জিয়াৰত আদিৰ দৰে আমলৰ দ্বাৰা নিৰ্দিষ্ট কৰাৰ ক্ষেত্ৰত কোনো মৌলিক ভিত্তি নাই। কাৰণ, ইমাম আবু শ্বামা তেখেতৰ পুথি كتاب البدع والحوادث ত প্ৰমান কৰিছে। চৰিয়তক আওকান কৰি কোনো সময়ৰ লগত কোনো ইবাদত নিৰ্দিষ্ট কৰাটো অনুচিত, অবৈধ। কাৰণ, চৰিয়তৰ ফালৰ পৰা বিশেষ অথবা সাধাৰণ আমলৰ বাবে কোনো সময় নিৰ্ধাৰণ কৰণৰ বাহিৰে, সকলো দিন, সময় সমান মৰ্যাদাৰ। এই বাবেই ওলামা সকলে ৰজব মাহত বেছি বেছি ওমৰাহ কৰিবলৈ নিষেধ কৰিছে।কিন্তু যদি কোনোৱে স্বাভাৱিক নিয়মত (ফজিলত বিশ্বাসবিহীন) ৰজব মাহত ওমৰাহ কৰে তাত কোনো অসুবিধা নাই। কাৰণ এই সময়ত তেওঁ ওমৰাহ কৰাৰ সুযোগ পাইছে।

    ৩) ছালাতুৰ ৰাগাইবঃ

    হাদিছ শাস্ত্ৰৰ কিছুমান মিছা অপবাদৰ দ্বাৰা এই নামাজৰ সূচনা হয়। এই নামাজ ৰজব মাহৰ প্ৰথম ৰাতি পঢ়া হয়। এই বিষয়ে ইমাম নবৱীয়ে কৈছেঃ

    এইটো নিন্দনীয়, ঘৃণিত, জঘন্যতম বিদআত। যিটো কিছুমান অপৰাধ আৰু নিষিদ্ধ কৰ্মৰ সমন্বয়ত ৰচিত। গতিকে ইয়াক পৰিত্যাগ কৰা, ইয়াৰ পৰা বিৰত থকা আৰু ইয়াৰ সম্পাদনকাৰীক নিষেধ কৰা অনিবাৰ্য।

    শ্বাইখুল ইছলাম ইমাম ইবনে তাইমিয়্যা ৰাহিমাহুল্লাই কৈছেঃ

    মালিক, শ্বাফেয়ি, আবু হানিফা, ছাওৰি, লাইছ প্ৰমূখ ইমাম সকলৰ মতে ছালাতুৰ ৰাগাইব বিদআত। হাদিছ বিশাৰদ সকলৰ দৃষ্টিত এই বিষয়ে বৰ্ণিত হোৱা সকলো হাদিছ জাল।

    ৪) ৰজব মাহৰ ২৭ তাৰিখৰ ৰাতি লাইলাতুল মিৰাজ ধাৰণা কৰি সভা বা বৈঠক কৰা।

    মিৰাজৰ ৰাতি অথবা মিৰাজৰ মাহ নিৰ্ধাৰণৰ ক্ষেত্ৰত কোনো সঠিক প্ৰমান পোৱা নাযায়। এই বিষয়ে বহুতো মতানৈক্য আছে। সত্য অনুদঘাটিত। গতিকে এই বিষয়ে নিমাত থকাটোৱে ভাল। মিৰাজৰ ৰাতি নিৰ্দিষ্ট কৰাৰ বিষয়ে কোনো বিশুদ্ধ হাদিছ বৰ্ণিত হোৱা নাই। যিবোৰ পোৱা যায় সেইবোৰ আটায়ে জাল, ভিত্তিহীন। (আল বিদায়া অন নিহায়াঃ ২/১০৭, মাজমুউল ফাতাৱা ২৫/২৯৮)

    এতেকে এই ৰাতি অতিৰিক্ত ইবাদত ধাৰ্য কৰা, যেনেঃ ৰাতি জাগৰণ কৰা, দিনত ৰোজা ৰখা, অথবা ঈৰ্ষা উল্লাস প্ৰকাশ কৰা, নাৰী-পুৰুষ অবৈধ মেল কৰা, গান-বাদ্যসহ মেহফিলৰ আয়োজন কৰা যিটো চৰিয়ত কৰ্তৃক স্বীকৃত ঈদতো হাৰাম, সেয়ে ইয়াত কোৱাৰে প্ৰয়োজন নাই।

    যিহেতু মিৰাজৰ সঠিক ৰাতিৰ নিৰ্ধাৰণ ঐতিহাসিকভাৱেও সুনিৰ্দিষ্ট নহয়। গতিকে যদি কোনোবাই প্ৰমাণিত বুলি ভাৱে তথাপিও তাত মেহফিল আদিৰ আয়োজন কৰাৰ কোনো অৱকাশ নাই। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম চাহাবা সকল আৰু আমাৰ ছালাফ সকলৰ পৰা এই বিষয়ে কোনো দিশ-নিৰ্দেশনা পোৱা নাযায়।

    ৫) ৰজব মাহত গুৰুত্বসহকাৰে কবৰ জিয়াৰত কৰা।

    এইটোও এক ধৰণৰ বিদআত। কাৰণ কবৰ জিয়াৰত বছৰৰ যিকোনো সময়তে হ’ব পাৰে।

    ৬) ৰজব মাহত পশু জৱেহ কৰা বা এই জাতীয় কোনো বস্তু উৎসৰ্গ কৰা।

    অজ্ঞতা যুগত ৰজব মাহক নিৰ্দিষ্ট কৰি এই ধৰণৰ আমল কৰা হৈছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইটো নিষেধ কৰিছে। ইমাম ইবনে ৰজবে কৈছেঃ

    ৰজব মাহত ছোৱাব হ’ব বুলি ধাৰণা কৰি জৱেহ কৰা, ঈদ উৎসৱ উদযাপন কৰাৰ দৰে।

    ৰজব মাহৰ কৰণীয় আৰু বৰ্জণীয়ঃ

    নিজৰ প্ৰতি অথবা আনৰ প্ৰতি অন্যায় কৰাৰ পৰা বিৰত থকা। অৰ্থাৎঃ ইবাদতত আত্মনিয়োগ কৰা, বেছি বেছি নেক আমল কৰা, আল্লাহ কৰ্তৃক সংৰক্ষিত আৰু নিষিদ্ধ বিষয় বস্তু পৰিত্যাগ কৰা। অৰ্থাৎঃ প্ৰকৃত তাওবা কৰা, আল্লাহ তাআলাৰ শৰনাপন্ন হোৱা। ৰমজানৰ বাবে প্ৰস্তুতি লোৱা।