×
ইছলাম পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত বাৰ্তা

আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত

ইছলাম

পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত বাৰ্তা

(উৎস উল্লেখ নকৰা সংস্কৰণ)

ইছলামৰ সংক্ষিপ্ত পৰিচয় সম্পৰ্কে জানিবলৈ এইখন এখন সৰু কিন্তু অতি গুৰুত্বপূৰ্ণ পুস্তিকা। ইয়াত ইছলামৰ গুৰুপূৰ্ণ বিধি-বিধানসমূহ আৰু শিক্ষা তথা বৈশিষ্ট্যবোৰ ইছলামৰ মূল উৎসৰ আলোকত অৰ্থাৎ কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে। পৰিৱেশ পৰিস্থিতি ভিন ভিন হোৱা সত্তেও এই পুস্তিকাখনৰ দ্বাৰা প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানৰ মুছলিম তথা অমুছলিমক সম্বোধন কৰা হৈছে।

১) ইছলাম হৈছে গোটেই মানৱজাতিৰ প্ৰতি আল্লাহৰ অন্তিম আৰু অমৰ বা চিৰস্থায়ী বাৰ্তা।

২. ইছলাম কোনো লিংগবিশেষ তথা জাতিবিশেষৰ বাবে নহয়, বৰং এইটো হৈছে গোটেই মানৱজাতিৰ বাবে আল্লাহৰ ধৰ্ম।

৩. ইছলাম হৈছে সেই ঐশ্বৰীয় ধৰ্ম, যিটো পূৰ্বৱৰ্তী নবী আৰু ৰাছুলসকলৰ সেই বাৰ্তাসমূহক সম্পূৰ্ণতা প্ৰদান কৰিবলৈ আহিছে, যিবোৰ বাৰ্তা লৈ তেওঁলোকে নিজ নিজ উম্মতৰ ওচৰলৈ প্ৰেৰিত হৈছিল।

৪. সকলো নবীৰ ধৰ্ম এক, কিন্তু তেওঁলোকৰ চৰীয়ত (ধৰ্ম-বিধান) বেলেগ বেলেগ।

৫. সকলো নবী আৰু ৰাছুল, যেনে- নূহ, ইব্ৰাহীম, মূছা, ছুলাইমান, দাঊদ আৰু ঈছা আলাইহিমুচ্ছালাম প্ৰমুখসকলে যি বিষয়ৰ প্ৰতি আহ্বান কৰিছিল, ইছলামেও সেই বিষয়ৰ প্ৰতিয়ে আহ্বান কৰে, আৰু সেই বিষয়টো হৈছে, এই কথাৰ প্ৰতি ঈমান পোষণ কৰা যে, নিশ্চয় আল্লাহেই প্ৰতিপালক, তেৱেঁই সৃষ্টিকৰ্তা, তেৱেঁই জীৱিকাদাতা, তেৱেঁই জীৱনদাতা, তেৱেঁই মৃত্যু প্ৰদানকাৰী আৰু তেৱেঁই বিশ্বজগতৰ মালিক, তথা তেৱেঁই সকলো বিষয় নিয়ন্ত্ৰণ কৰে। নিশ্চয় তেওঁ মহা দয়াৱান, পৰম কৰুণাময়।

৬. আল্লাহ তাআলাই হৈছে একমাত্ৰ সৃষ্টিকৰ্তা, আৰু একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য, তেওঁৰ সৈতে আন কাৰো উপাসনা কেতিয়াও উচিত নহয়।

৭) বিশ্বজগতত থকা সকলো বস্তু যিবোৰ আমি দেখিব পাৰোঁ অথবা যিবোৰ আমি দেখা নাপাওঁ, সেই সকলোবোৰক আল্লাহেই সৃষ্টি কৰিছে। ইয়াৰ উপৰিও যিবোৰ সৃষ্টি (মখলুক) আছে সেই সকলোবোৰক আল্লাহেই সৃষ্টি কৰিছে। মহান আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে।

৮) ৰাজত্বৰ ক্ষেত্ৰত, সৃষ্টি কৰাৰ ক্ষেত্ৰত, ব্যৱস্থাপনাত, আৰু তেওঁৰ ইবাদতত পৱিত্ৰ আল্লাহৰ কোনো অংশীদাৰ নাই।

৯)পৱিত্ৰ আল্লাহ তাআলাই কাকো জন্ম দিয়া নাই, আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই, তথা তেওঁৰ সমতুল্যও কোনো নাই আৰু তেওঁৰ সমকক্ষও নাই।

১০)পৱিত্ৰ আল্লাহ তাআলাই কোনো বস্তুৰ মাজত প্ৰৱেশ নকৰে, আৰু তেওঁ কোনো সৃষ্টিৰো ৰূপ ধাৰণ নকৰে।

১১)পৱিত্ৰ আল্লাহ তাআলা বান্দাসকলৰ প্ৰতি অতি দয়ালু তথা কৃপাশীল। সেইকাৰণেই তেওঁ বহুতো ৰাছুল প্ৰেৰণ কৰিছে আৰু বহুতো কিতাব অৱতীৰ্ণ কৰিছে।

১২)একমাত্ৰ আল্লাহেই হৈছে সেই কৃপাৱান প্ৰতিপালক, যিয়ে কিয়ামতৰ দিনা সকলোকে পুনৰ্জীৱন প্ৰদান কৰি কবৰৰ পৰা উঠাই সকলো সৃষ্টিৰেই হিচাপ-নিকাচ গ্ৰহণ কৰিব। প্ৰত্যেককে কৰ্ম অনুসাৰে ভাল-বেয়া প্ৰতিদান দান কৰিব।যিয়ে ঈমান পোষণ কৰি সৎকৰ্ম কৰিছে, তাক আল্লাহে চিৰস্থায়ী সুখ-সুবিধা প্ৰদান কৰিব। আনহাতে যিয়ে কুফৰী কৰিছে আৰু অসৎকৰ্ম কৰিছে, তাক আল্লাহে আখিৰাতত মহা শাস্তি প্ৰদান কৰিব।

১৩) আল্লাহ তাআলাই আদমক মাটিৰে সৃষ্টি কৰিছে আৰু ইয়াৰ পিছত তেওঁৰ সন্তান-সন্ততিক লাহে লাহে গোটেই বিশ্বত প্ৰসাৰিত কৰিছে। গতিকে এই অনুসাৰে সকলো মানুহৰেই বংশগত মূল একেই। তাক্বৱাৰ বাহিৰে কোনো লিংগৰ ওপৰত অন্য কোনো লিংগৰ আৰু কোনো সম্প্ৰদায়ৰ ওপৰত আন কোনো সম্প্ৰদায়ৰ প্ৰাধান্যতা নাই।

১৪. প্ৰত্যেক সন্তান ফিতৰতৰ ওপৰত অৰ্থাৎ স্বভাৱগত ধৰ্মত (ইছলামত) জন্ম গ্ৰহণ কৰে।

১৫). কোনো মানুহেই জন্মগতভাৱে পাপিষ্ঠ নহয়, তথা আন কাৰো গুনাহৰ বোজা লৈও জন্ম গ্ৰহণ নকৰে।

১৬) মানৱ সৃষ্টিৰ মুখ্য উদ্দেশ্য হৈছে, একমাত্ৰ আল্লাহৰ উপাসনা কৰা।

১৭) পুৰুষ হওক অথবা নাৰী, ইছলামে সকলোকে সন্মান প্ৰদান কৰিছে। সিহঁতক সিহঁতৰ সকলো অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰিছে। সকলো মানুহকেই নিজ নিজ অধিকাৰ আৰু কৃতকৰ্মৰ বাবে দায়িত্বশীল বনাইছে। নিজৰ ক্ষতি হওক অথবা আনৰ ক্ষতি, প্ৰত্যেক ক্ষতিকাৰক কৰ্মৰ বাবে সেই ব্যক্তিকেই জবাবদিহি কৰা হ'ব।

১৮) ইছলামে পুৰুষ আৰু নাৰী উভয়কে কৰ্ম, দায়িত্ব, প্ৰতিদান আৰু নেকীৰ ক্ষেত্ৰত সমমৰ্যাদা প্ৰদান কৰিছে।

১৯) ইছলামে নাৰীসকলক সন্মান প্ৰদান কৰিছে, তথা তেওঁলোকক পুৰুষসকলৰ সমমৰ্যাদা প্ৰদান কৰিছে। যদি পুৰুষ সক্ষম হয় তেন্তে যাৱতীয় ভৰণ-পোষণৰ দায়িত্ব পুৰুষৰ। গতিকে কন্যা সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব হৈছে পিতাৰ ওপৰত, তথা পুত্ৰ প্ৰাপ্তবয়স্ক আৰু সক্ষম হ'লে মাকৰ ভৰণ-পোষণৰ দায়িত্ব গ্ৰহণ কৰিব পুত্ৰই, এইদৰে স্ত্ৰীৰ ভৰণ-পোষণৰ দায়িত্বও হৈছে স্বামীৰ ওপৰত।

২০) মৃত্যু কেতিয়াও চিৰস্থায়ী ধ্বংস নহয়। বৰং মৃত্যুৰ ফলত মানুহে কৰ্মভূমিৰ পৰা প্ৰতিদানৰ স্থানলৈ প্ৰস্থান কৰে। মৃত্যুৱে শৰীৰ আৰু আত্মা উভয়কেই প্ৰভাৱিত কৰে। আত্মাৰ মৃত্যু হৈছে শৰীৰৰ পৰা বিচ্ছিন্ন হোৱা। এতেকে কিয়ামতৰ দিনা পুনৰুত্থানৰ সময়ত সেই আত্মাই ঘূৰি আহি সেই শৰীৰত প্ৰৱেশ কৰিব। মৃত্যুৰ পিছত আত্মা কেতিয়াও বেলেগ শৰীৰলৈ স্থানান্তৰিত নহয় তথা বেলেগ কোনো শৰীৰতো প্ৰৱেশ নকৰে।

২১) ইছলামে ঈমানৰ ডাঙৰ আৰু মৌলিক ভিত্তিসমূহৰ ওপৰত অটুট বিশ্বাস পোষণ কৰাৰ দাবী কৰে। যেনে- আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁৰ ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা, ঐশ্বৰীয় গ্ৰন্থসমূহৰ প্ৰতি ঈমান পোষণ কৰা, যেনে- বিকৃত হোৱাৰ পূৰ্বৰ তাওৰাত, ইঞ্জীল আৰু ঝাবুৰ, তথা কোৰআনৰ প্ৰতি ঈমান পোষণ কৰা, সকলো নবী আৰু ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, নবীসকলৰ অন্তিম তথা সৰ্বশেষ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰা, লগতে কিয়ামত দিৱসৰ প্ৰতি ঈমান পোষণ কৰা। আমি এই কথা জানি থোৱা উচিত যে, যদি এই পাৰ্থিৱ জীৱনেই অন্তিম জীৱন হ'লহেঁতেন তেন্তে জীৱন আৰু অস্তিত্বৰ কোনো মূল্যই নাথাকিলহেঁতেন, তথা ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰাৰো কোনো গুৰুত্ব নাথাকিলহেঁতেন।

২২) নবী আৰু ৰাছুলসকল আল্লাহৰ বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে দোষমুক্ত। লগতে তেওঁলোক এনেকুৱা প্ৰত্যেক বিষয়ৰ পৰা পৰিপূৰ্ণৰূপে সুৰক্ষিত, যিবোৰ বিষয় বুদ্ধি তথা সুস্থ বিবেকে গ্ৰহণ নকৰে অথবা যিবোৰ বিষয় সদ্ব্যৱহাৰৰ পৰিপন্থী। তেওঁলোকৰ দায়িত্ব হৈছে একমাত্ৰ আল্লাহৰ আদেশ-নিষেধ তথা বিধি-বিধান বান্দাসকলৰ ওচৰলৈ পৌঁচাই দিয়া। তেওঁলোকৰ মাজত কোনো ধৰণৰ ঐশ্বৰীয় গুণ, তথা উপাস্য হোৱাৰ যোগ্যতা নাই। বৰং তেওঁলোক অন্যান্য মানৱৰ দৰেই মানৱ। তেওঁলোকৰ বিশেষত্ব কেৱল ইমানেই যে, তেওঁলোকৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা অহী অৱতীৰ্ণ হৈছে।

২৩) ইছলামে একমাত্ৰ আল্লাহৰ ইবাদতৰ পিনেই আহ্বান কৰে। ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ইবাদতসমূহৰ যথাযথ নিয়ম অনুসৰণ কৰাৰ মাধ্যমত সেইবোৰ পালন কৰিব লাগে। তাৰে এটা হৈছে চালাত বা নামাজ। কিয়াম (থিয় হোৱা) ৰূকু (হালি পৰা) ছাজদাহ (সপ্তাংগৰ দ্বাৰা মাটিত ভৰ দিয়া) আল্লাহৰ জিকৰ-আজকাৰ কৰা, তেওঁৰ স্তুতি আৰু গুণগান কৰা তথা দুআ আৰু প্ৰাৰ্থনা কৰাৰ সমষ্টিয়েই হৈছে চালাত বা নামাজ। দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ প্ৰত্যেক ব্যক্তিৰ ওপৰত অনিবাৰ্য। নামাজত যেতিয়া সকলোৱে একে শাৰীতে থিয় হয় তেতিয়া ধনী-দৰিদ্ৰ, মালিক আৰু দাস আদিৰ সকলো ব্যৱধান শেষ হৈ যায়। দ্বিতীয় ডাঙৰ ইবাদত হৈছে যাকাত। সম্পদৰ সেই সৰু অংশক যাকাত বুলি কোৱা হয়, যিটো আল্লাহ তাআলাৰ ফালৰ পৰা নিৰ্দিষ্ট কৰা অংশ আৰু নিৰ্ধাৰিত নিয়মানুযায়ী বছৰত কেৱল এবাৰ ধনীসকলৰ পৰা সংগ্ৰহ কৰি দৰিদ্ৰসকলৰ মাজত বিতৰণ কৰা হয়। তৃতীয় ইবাদত হৈছে চওম বা ৰোজা। ৰমাজান মাহৰ দিনৰ ভাগত পানাহাৰ আৰু অন্যান্য ৰোজা ভংগৰ কাৰণসমূহৰ পৰা বিৰত থকাৰ নামেই হৈছে ৰোজা। ৰোজাই আত্মাক আত্মবিশ্বাস, ধৈৰ্য্য আৰু সংযম শিকায়। চতুৰ্থ ইবাদত হৈছে হজ্জ। এই ইবাদত কেৱল সেইসকল লোকৰ ওপৰত জীৱনত মাত্ৰ এবাৰেই অনিবাৰ্য, যিসকলে মক্কাত অৱস্থিত কাবা ঘৰত উপস্থিত হ'বলৈ সক্ষম। হজ্জ এনেকুৱা এটা ইবাদত, য'ত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো মানুহে আল্লাহৰ প্ৰতি মনোযোগ প্ৰদানৰ ক্ষেত্ৰত সমান হৈ পৰে, লগতে তাত সকলো ভেদাভেদ তথা পাৰ্থক্য ধৰাশায়ী হৈ পৰে।

২৪) অন্যান্য ধৰ্মৰ ইবাদতৰ তুলনাত ইছলামী ইবাদতসমূহৰ আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হৈছে, এই ইবাদতসমূহ আদায় কৰাৰ পদ্ধতি, ইয়াৰ সঠিক সময় আৰু চৰ্ত আদি সকলোবোৰ আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰণ কৰি দিয়া হৈছে, আৰু তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইবোৰ মানুহৰ ওচৰলৈ পৌঁচাই দিছে। আজিলৈকে কোনেও তাত কম-বেছি কৰাৰ সাহস পোৱা নাই। এই ডাঙৰ ইবাদতসমূহ পালন কৰিবলৈ সকলো নবীয়েই মানুহক নিমন্ত্ৰণ জনাইছিল।

২৫) ইছলামৰ বাৰ্তাবাহক হৈছে আব্দুল্লাহৰ পুত্ৰ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। তেওঁ হৈছে ইছমাঈলৰ পিতা ইব্ৰাহীমৰ বংশধৰ। তেওঁ ৫৭১ খৃষ্টাব্দত মক্কা নগৰত জন্ম গ্ৰহণ কৰিছিল। সেই ঠাইতেই তেওঁ নবুওৱত প্ৰাপ্ত হৈছিল আৰু তাৰ পিছত তেওঁ মদিনালৈ হিজৰত কৰিছিল। তেওঁ মূৰ্ত্তি পূজাৰ ক্ষেত্ৰত কেতিয়াও তেওঁৰ সম্প্ৰদায়ক সহায় কৰা নাছিল কিন্তু সিহঁতৰ সৎকৰ্মত সদায় সহযোগ কৰিছিল। নবী হোৱাৰ পূৰ্বৰে পৰা তেওঁ উত্তম আদৰ্শৰ অধিকাৰী আছিল। তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক আমীন (অৰ্থাৎ বিশ্বস্থ) বুলি মাতিছিল। চল্লিশ বছৰ বয়সত আল্লাহে তেওঁক নবী হিচাপে গ্ৰহণ কৰিছিল। লগতে ডাঙৰ ডাঙৰ নিদৰ্শন আৰু অলৌকিকতাৰ জৰিয়তে তেওঁক সমৰ্থন প্ৰদান কৰিছিল, তাৰে মাজৰ আটাইতকৈ ডাঙৰ অলৌকিকতাটো হৈছে পৱিত্ৰ কোৰআন। এই কোৰআনেই হৈছে সকলো নবী আৰু ৰাছুলৰ অৱশিষ্ট মহা নিদৰ্শন, যিখন আজিলৈকে বিদ্যমান আছে। এতেকে আল্লাহে যেতিয়া তেওঁৰ এই ধৰ্ম সম্পূৰ্ণ কৰিলে, আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে পৰিপূৰ্ণৰূপে মানুহৰ ওচৰলৈ পৌঁচাই দিলে, তেতিয়া ৬৩ বছৰত তেখেতৰ মৃত্যু হ'ল। আৰু মদীনাহ মুনাওৱাৰত তেখেতক দাফন কৰা হ'ল। ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামেই আছিল সৰ্বশেষ নবী। আল্লাহে তেখেতক হিদায়ত আৰু সত্য ধৰ্মৰ সৈতে এইকাৰণে প্ৰেৰণ কৰিছিল যে, তেওঁ যেন মানুহক মূৰ্ত্তি পূজা, কুফৰ আৰু মুৰ্খতাৰ অন্ধকাৰৰ পৰা উলিয়াই তাওহীদ (একেশ্বৰবাদ) আৰু ঈমানৰ পোহৰলৈ আনিব পাৰে। স্বয়ং আল্লাহেই এই সাক্ষ্য প্ৰদান কৰিছে যে, তেৱেঁই মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নিজ আদেশত এজন আহ্বানকাৰী হিচাপে প্ৰেৰণ কৰিছে।

২৬) মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা ইছলামী চৰীয়তেই হৈছে ঐশ্বৰীয় ধৰ্মসমূহৰ সৰ্বশেষ ধৰ্ম-বিধান। এইটো এটা পূৰ্ণাঙ্গ চৰীয়ত, ইয়াৰ মাজতেই নিহিত আছে মানুহৰ ধৰ্মীয় আৰু পাৰ্থিৱ কল্যাণ। এই চৰীয়তে মানুহৰ ধৰ্ম, ৰক্ত, সম্পদ, বিবেক আৰু বংশ ৰক্ষাৰ ক্ষেত্ৰত অধিক প্ৰাধান্য প্ৰদান কৰে। এই চৰীয়ত অহাৰ ফলত পূৰ্বৱৰ্তী সকলো চৰীয়ত ৰহিত হৈছে। যিদৰে পূৰ্বেও পৰবৰ্তী চৰীয়তে তাৰ পূৰ্বৱৰ্তী চৰীয়তক ৰহিত কৰিছিল।

২৭) ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা ইছলামৰ বাহিৰে আন কোনো ধৰ্ম আল্লাহৰ ওচৰত গ্ৰহণযোগ্য নহয়। এতেকে যিয়েই ইছলামৰ বাহিৰে অন্য কোনো ধৰ্ম অৱলম্বন কৰিব, তাৰ ফালৰ পৰা এইটো আল্লাহে কেতিয়াও স্বীকাৰ নকৰিব।

২৮) পৱিত্ৰ কোৰআন হৈছে সেই মহা গ্ৰন্থ, যিখনক আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অহী যোগে অৱতীৰ্ণ কৰিছে। নিঃসন্দেহে এয়া বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাণী। মহান আল্লাহে জিন আৰু মানৱক প্ৰত্যাহ্বান জনাই কৈছে যে, তোমালোকে (যদি ইয়াক অস্বীকাৰ কৰা তেন্তে) ইয়াৰ অনুৰূপ এখন গ্ৰন্থ নাইবা ইয়াৰ কোনো এটা ছুৰাৰ অনুৰূপ এটা ছুৰাকে ৰচনা কৰি দেখুৱাচোন। এই প্ৰত্যাহ্বান আজিলৈকে বাহাল আছে। পৱিত্ৰ কোৰআনে এনেকুৱা বহুতো গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধান দিয়ে, যাৰ দ্বাৰা অসংখ্য মানুহ হতচকিত হৈ পৰে। পৱিত্ৰ কোৰআন আজিও আৰবী ভাষাত সুৰক্ষিত হৈ আছে, যি ভাষাত এইখন অৱতীৰ্ণ হৈছিল। আজিলৈকে ইয়াৰ এটা আখৰৰো পৰিবৰ্তন হোৱা নাই আৰু কিয়ামত পৰ্যন্তও নহ'ব। এইখন মুদ্ৰিত হৈ গোটেই পৃথিৱীতে প্ৰসাৰিত হৈ আছে। এইখন এখন অলৌকিকতাসম্পন্ন মহা গ্ৰন্থ, যিখন পঢ়া উচিত আৰু ইয়াৰ অৰ্থানুবাদ অধ্যয়ন কৰা উচিত। ঠিক সেইদৰে আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত, তেওঁৰ শিক্ষা আৰু তেওঁৰ জীৱন বৃত্তান্ত আদিও বিশ্বাসযোগ্য বৰ্ণনাকাৰীসকলৰ দ্বাৰা বৰ্ণিত হৈ সুৰক্ষিত হৈ আছে আৰু সেই আৰবী ভাষাতেই প্ৰকাশিত হৈছে, যি ভাষাত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কথা কৈছিল। পৃথিৱীৰ বহুতো ভাষাত অনুবাদো হৈছে। এই কোৰআন আৰু হাদীছেই হৈছে ইছলাম ধৰ্মৰ আদেশ-নিষেধ আৰু বিধি-বিধানৰ একমাত্ৰ উৎস। গতিকে ইছলাম ধৰ্মক নামধাৰী মুছলমানসকলৰ কথা-কৰ্ম আদিৰ দ্বাৰা পৰখ কৰাটো কেতিয়াও ঠিক নহয়, বৰং আল্লাহৰ অহী কোৰআন আৰু হাদীছৰ দ্বাৰাহে পৰখ কৰা উচিত।

২৯) ইছলামে পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়ে, যদিও তেওঁলোক অমুছলিমেই নহওক কিয়। তথা সন্তানৰ সৈতেও সদ্ব্যৱহাৰৰ প্ৰেৰণা দিয়ে।

৩০) ইছলামে কথা আৰু কৰ্ম তথা সকলো ক্ষেত্ৰতে ন্যায়ৰ আদেশ দিয়ে। আনকি শত্ৰুৰ সৈতেও ন্যায় আচৰণৰ আদেশ দিয়ে।

৩১) ইছলামে সকলো সৃষ্টিৰেই কল্যাণ কামনা কৰে, তথা সিহঁতৰ সৈতে সদ্ব্যৱহাৰৰ নিৰ্দেশ দিয়ে। লগতে ইছলামে সদায় উত্তম চৰিত্ৰ অৱলম্বন কৰিবলৈ আৰু সৎকৰ্ম কৰিবলৈ আহ্বান কৰে।

৩২) ইছলামে উত্তম চৰিত্ৰ অৱলম্বন কৰাৰ আৰু সৎ গুণ যেনে- সততা, আমানত আদায় কৰা, পৱিত্ৰতা, হায়া বা লজ্জাশীলতা, বীৰতা, ভাল শিতানত ব্যয় কৰা, উদাৰতা, অভাৱীক সহায় কৰা, নিৰ্যাতিত লোকক সহায় কৰা, ভোকাতুৰক আহাৰ কৰোৱা, প্ৰতিৱেশীৰ সৈতে সদ্ব্যৱহাৰ কৰা, আত্মীয়তাৰ বন্ধন অটুট ৰখা লগতে জীৱ-জন্তুৰ প্ৰতি দয়া কৰা আদি গুণ অৱলম্বন কৰাৰ নিৰ্দেশ দিয়ে।

৩৩) ইছলামে পানাহাৰৰ বাবে কেৱলমাত্ৰ পৱিত্ৰ বস্তুকেই হালাল কৰিছে, লগতে অন্তৰ পৱিত্ৰ ৰখাৰ তথা শৰীৰ আৰু ঘৰ-দুৱাৰ আদি পৰিস্কাৰ-পৰিচ্ছন্ন ৰখাৰ নিৰ্দেশ দিছে। এইকাৰণেই বিবাহক হালাল কৰিছে, যিদৰে নবীসকলে ইয়াৰ নিৰ্দেশ দিছিল। কাৰণ তেওঁলোকে প্ৰত্যেক পৱিত্ৰ আৰু ভাল বস্তুৰহে নিৰ্দেশ দিছিল।

৩৪) ইছলামে সেই সকলো বিষয় হাৰাম কৰিছে, যিবোৰ মূলতেই হাৰাম, যেনে- আল্লাহৰ লগত শ্বিৰ্ক কৰা, কুফৰী কৰা, মূৰ্ত্তি পূজা কৰা, জ্ঞান নোহোৱাকৈ আল্লাহ সম্পৰ্কে কথা কোৱা, সন্তান-সন্ততিসকলক হত্যা কৰা, নিৰ্দোষী লোকক হত্যা কৰা, পৃথিৱীত উপদ্ৰৱ কৰি ফুৰা, যাদু সম্পৰ্কীয় সকলো কাৰ্য, গোপনে অথবা প্ৰকাশ্যভাৱে পাপকৰ্ম কৰা, যিনা কৰা, সমকামিতা আদিৰ দৰে জঘন্য পাপকৰ্ম আদি কৰা। এইদৰে ইছলামে সুত হাৰাম কৰিছে, মৃত জন্তুৰ মাংসও হাৰাম কৰিছে, লগতে মূৰ্ত্তি আৰু বাতিল উপাস্যৰ বাবে জবেহ কৰা জন্তুৰ মাংসও হাৰাম কৰিছে, এইদৰে হাৰাম কৰিছে গাহৰিৰ মাংস আৰু সকলো প্ৰকাৰ অপৱিত্ৰ আৰু নিকৃষ্ট বস্তু, অনাথৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰাও হাৰাম কৰিছে, লগতে জোখ-মাখ আৰু ওজনত কম দিয়াও হাৰাম কৰিছে, লগতে আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰা হাৰাম কৰিছে। সকলো নবী আৰু ৰাছুল এইবোৰ হাৰাম হোৱাৰ ক্ষেত্ৰত একমত।

৩৫) ইছলামে সকলো প্ৰকাৰ বেয়া আচৰণক কঠোৰভাৱে নিষেধ কৰে, যেনে- মিছা কথা কোৱা, প্ৰৱঞ্চনা কৰা, ঠগবাজী আৰু বিশ্বাসঘাতকতা কৰা, প্ৰতাৰণা কৰা, ঈৰ্ষা কৰা, কুঃচক্ৰান্ত কৰা, চুৰি কৰা, সীমালংঘন কৰা আৰু অন্যায়-অত্যাচাৰ আদি। আনকি ইছলামে সকলো প্ৰকাৰ অশ্লীল কৰ্মৰ পৰা মানুহক বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে।

৩৬) ইছলামে সেই সকলো প্ৰকাৰ আৰ্থিক লেনদেনক নিষেধ কৰে, য'ত সুত আছে অথবা ক্ষতি আছে, নাইবা প্ৰৱঞ্চনা আছে, বা অন্যায়-অত্যাচাৰ জৰিত আছে, অথবা প্ৰতাৰণা নিহিত আছে, নাইবা যি আৰ্থিক লেনদেনে সামাজিকভাৱে, গোত্ৰীয়ভাৱে অথবা ব্যক্তিগতভাৱে মানুহক ধ্বংসৰ পিনে লৈ যায়।

৩৭) ইছলামে বিবেক আৰু সৎ বুদ্ধিক সুৰক্ষা প্ৰদান কৰিছে, লগতে মাদক দ্ৰৱ্যৰ পৰা আৰম্ভ কৰি সেই সকলো বিষয় হাৰাম কৰিছে যিবোৰে বিবেকক ক্ষতি কৰে। ইছলামে বিবেকৰ মৰ্যাদা সুউচ্চ কৰিছে। ইছলামে বিবেকক ধাৰ্মিক বিধানৰ প্ৰতি আমল কৰাৰ দায়িত্বভাৰ প্ৰদান কৰি কুঃসংস্কাৰ আৰু সকলো প্ৰকাৰ অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিছে। ইছলামত কোনো ধৰণৰ গোপন ৰহস্য অথবা কোনো বিশেষ গোত্ৰ, বা সম্প্ৰদায়ৰ বাবে কোনো বিশেষ বিধি-বিধান নাই। ইছলামৰ প্ৰত্যেকটো বিধি-বিধান সুস্থ বিবেকৰ তথা ন্যায় আৰু হিকমতৰ অনুকূল।

৩৮) অসত্য ধৰ্মৰ অনুসাৰীসকলে যদি সিহঁতৰ ধৰ্মৰ মাজত থকা অন্তৰ্বিৰোধ আৰু সেইসমূহ বিষয় সম্পৰ্কে পৰিপূৰ্ণ জ্ঞান অৰ্জন নকৰে যিবোৰক সুস্থ বিবেকে গ্ৰহণ নকৰে তেন্তে সিহঁতৰ ধৰ্মগুৰুসকলে সিহঁতক এই ভ্ৰমত ৰাখিব যে, ধৰ্ম হৈছে বিবেকৰ ঊৰ্দ্ধত, আৰু বিবেকৰ ওচৰত পৰিপূৰ্ণৰূপে ধৰ্মক বুজিব পৰা ক্ষমতা নাই। পক্ষান্তৰে ইছলামে ধৰ্মক জ্যোতি হিচাপে গণ্য কৰে, যিয়ে বিবেকক সঠিক পথ দেখুৱায়। প্ৰকৃততে অসত্য ধৰ্মৰ ধৰ্মগুৰুসকলে বিচাৰে যে, মানুহে যাতে নিজৰ বিবেক-বুদ্ধিক প্ৰয়োগ কৰা এৰি দিয়ে আৰু সিহঁতৰ অন্ধানুসৰণ কৰে। আনহাতে ইছলামে মানুহৰ বিবেকক জাগ্ৰত কৰিব বিচাৰে। যাতে মানুহে সকলো বিষয়ৰ বাস্তৱিকতা সম্পৰ্কে অৱগত হ'ব পাৰে।

৩৯) ইছলামে সঠিক জ্ঞানক সন্মান কৰে আৰু প্ৰবৃত্তিৰ কামনা-বাসনামুক্ত জ্ঞানগৰ্ভ গৱেষণা কৰিবলৈ উৎসাহিত কৰে। লগতে আমাৰ শৰীৰকলৈ আৰু আমাৰ ওচৰে-পাঁজৰে থকা বিশ্বজগতৰ বিভিন্ন বিষয়কলৈ চিন্তা-চৰ্চা কৰিবলৈ আহ্বান কৰে। জানি থোৱা উচিত যে, বিজ্ঞানৰ সঠিক তথ্য কেতিয়াও ইছলামৰ সৈতে মতবিৰোধ নহয়।

৪০) আল্লাহে একমাত্ৰ সেই ব্যক্তিৰেই আমল কবূল কৰে আৰু আখিৰাতত ছোৱাব প্ৰদান কৰে, যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ আনুগত্য কৰিছে তথা ৰাছুলসকলক সত্য বুলি স্বীকাৰ কৰিছে। লগতে তেওঁ কেৱল সেই ইবাদতেই গ্ৰহণ কৰে যিটোক তেওঁ স্বীকৃতি প্ৰদান কৰিছে। এতেকে এইটো কিদৰে সম্ভৱ যে, মানুহ এজনে আল্লাহৰ লগত কুফৰীও কৰিব আকৌ তেওঁৰ পৰা প্ৰতিদান পোৱাৰো আশা কৰিব? আল্লাহে সেই ব্যক্তিৰেই ঈমান গ্ৰহণ কৰে, যিয়ে সকলো নবীৰ প্ৰতি ঈমান পোষণ কৰে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অন্তিম নবী বুলি পূৰ্ণ বিশ্বাস পোষণ কৰে।

৪১) ঐশ্বৰীয় সকলো ধৰ্মৰ একমাত্ৰ এইটোৱেই উদ্দেশ্য যে, মানুহে যাতে সত্য ধৰ্ম পালন কৰি বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বিশুদ্ধ বান্দাত পৰিণত হ'ব পাৰে। লগতে যাতে নিজকে আৰ্থিক দাসত্বৰ পৰা আৰু মানুহৰ দাসত্বৰ পৰা তথা অন্ধভক্তি আদিৰ পৰা নিজকে মুক্ত ৰাখিব পাৰে। ইছলামে কোনো মানুহকেই প্ৰভুৰ দৰে পৱিত্ৰ বুলি নামানে, আৰু তাক তাৰ মৰ্যাদাতকৈ অধিক মৰ্যাদা নিদিয়ে, আৰু কোনো মানুহকেই ভগৱান বা উপাস্যৰ পদত অধিষ্টিত নকৰে।

৪২) আল্লাহে ইছলামত তাওবাক (প্ৰায়শ্চিতক) মান্যতা প্ৰদান কৰিছে। তাওবাৰ অৰ্থ হৈছে, মানুহে যেতিয়াই কোনো পাপ কৰ্ম কৰিব তৎক্ষণাত যেন আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে, আৰু পাপ কৰ্ম কৰা এৰি দিয়ে। যিদৰে ইছলাম গ্ৰহণ কৰিলে সকলো পাপ মোচন হৈ যায়, ঠিক সেইদৰে তাওবা কৰিলেও সকলো গুনাহ নিঃশেষ হৈ যায়। কোনো মানুহৰ সন্মুখত অপৰাধ বা পাপকৰ্ম স্বীকাৰ কৰাৰ কোনো প্ৰয়োজন নাই।

৪৩) ইছলাম ধৰ্মীয় দৃষ্টিকোণৰ পৰা মানুহে আল্লাহৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্ক স্থাপন কৰিব পাৰে। এই ক্ষেত্ৰত কোনো ধৰণৰ মধ্যস্ততাৰ প্ৰয়োজন নাই। ইছলামে কোনো মানুহক বা জীৱ-জন্তুক তথা জড় বস্তুক উপাস্য হিচাপে লবলৈ কঠোৰভাৱে নিষেধ কৰে। আনকি আল্লাহৰ প্ৰভুত্ব আৰু তেওঁৰ উপাসনাৰ ক্ষেত্ৰত অংশীদাৰ স্থাপনকো কঠোৰভাৱে নিষেধ কৰে।

৪৪) এই পুথিৰ শেষাংশত আমি এই কথা উল্লেখ কৰাটো উচিত বুলি ভাৱোঁ যে, কাল, সম্প্ৰদায় আৰু দেশ হিচাপে সকলো মানুহ ভিন ভিন, বৰং গোটেই মানৱ সমাজ, নিজৰ নিজৰ চিন্তাধাৰা, জীৱনৰ উদ্দেশ্য, জলবায়ু আৰু কৰ্মানুসাৰে বিভিন্ন গোটত বিভক্ত হৈ আছে। তেনে পৰিস্থিতিত এনেকুৱা এজন পথপ্ৰদৰ্শকৰ প্ৰয়োজন, যিয়ে তেওঁলোকক সঠিক পথ দেখুৱাব। তথা এনেকুৱা এটা জীৱন ব্যৱস্থাৰ প্ৰয়োজন, যিয়ে তেওঁলোকক একত্ৰিত কৰিব পাৰিব। আৰু এনেকুৱা এজন শাসকৰ প্ৰয়োজন যিয়ে তেওঁলোকক পৰিপূৰ্ণ সুৰক্ষা প্ৰদান কৰিব পাৰিব। এতেকে নবী আৰু ৰাছুলসকলে আল্লাহৰ অহীৰ মাধ্যমত এই দায়িত্বটোৱেই পালন কৰিছিল। তেওঁলোকে মানুহক কল্যাণ আৰু হিদায়তৰ পথ দেখুৱাইছিল। আল্লাহৰ চৰীয়তৰ ওপৰত সকলোকে একত্ৰিত কৰিছিল। তথা তেওঁলোকৰ মাজত সত্য সহকাৰে মীমাংসা কৰিছিল। গতিকে ৰাছুলসকলৰ প্ৰতি তেওঁলোকৰ সঁহাৰি আৰু ঐশী বাৰ্তাৰ যুগৰ পৰা তেওঁলোকৰ যুগৰ নিকটৱৰ্তী অনুসাৰে তেওঁলোক সঠিক পথত পৰিচালিত হৈছিল। এতেকে এতিয়া আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱতৰ দ্বাৰা নবী আৰু ৰাছুলসকলৰ ধাৰাবাহিকতা সমাপ্ত কৰি দিয়া হৈছে। আল্লাহে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰয়ীতকেই কিয়ামত পৰ্যন্ত অৱশিষ্ট ৰখাৰ ঘোষণা কৰিছে। তথা ইয়াকেই মানুহৰ বাবে হিদায়ত, ৰহমত, জ্যোতি আৰু এনেকুৱা পথৰ পথপ্ৰদৰ্শক বনাইছে, যি পথে আল্লাহৰ ওচৰলৈকে লৈ যায়।

৪৫) সেয়ে হে মানৱ! মই আপোনাক বিনম্ৰতাপূৰ্বকভাৱে আহ্বান কৰোঁ যে, অন্ধভক্তি আৰু অন্ধবিশ্বাস এৰি সত্য মনে আন্তৰিকতাৰে আল্লাহৰ পথৰ পথিক হৈ যাওক। জানি থওক, নিশ্চিতভাৱে মৃত্যুৰ পিছত আপুনি আল্লাহৰ ওচৰতেই উভতি যাব লাগিব। গতিকে আপুনি আপোনাৰ দেহৰ প্ৰতি এবাৰ চিন্তা কৰি চাওক আৰু বিশ্বজগতৰ প্ৰতিও এবাৰ মনোযোগ দি চিন্তা-চৰ্চা কৰক, তাৰ পিছত ইছলাম কবূল কৰক। ইয়াৰ ফলত নিশ্চয় আপুনি দুনিয়া আৰু আখিৰাতত সুফল লাভ কৰিব। যদি আপুনি ইছলাম গ্ৰহণ কৰিব বিচাৰে তেন্তে কেৱল এই সাক্ষ্য দিলেই যথেষ্ট হ'ব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ প্ৰেৰিত ৰাছুল। ইয়াৰ পিছত আপুনি আল্লাহৰ বাহিৰে যিবোৰ উপাস্যৰ উপাসনা কৰিছিল সেইবোৰৰ পৰা সম্পৰ্কচ্ছেদ কৰিব লাগিব। লগতে এই কথা বিশ্বাস কৰিব লাগিব যে, আল্লাহে সকলোকে কবৰৰ পৰা জীৱিত কৰি উঠাব, আৰু সিহঁতৰ হিচাপ-নিকাচ কৰা হ'ব তথা কৰ্ম অনুযায়ী সিহঁতক প্ৰতিফল দিয়া হ'ব। আপুনি এইখিনি কথা বিশ্বাস কৰিলেই আপুনি মুছলিম বুলি গণ্য হ'ব। ইয়াৰ পিছত আপোনাৰ ওপৰত জৰুৰী হৈ পৰিব আল্লাহৰ নিৰ্ধাৰিত বিধি-বিধান মুতাবিক পাঁচ ওৱাক্ত নামাজ আদায় কৰা, যাকাত প্ৰদান কৰা, ৰমাজান মাহৰ ৰোজ পালন কৰা আৰু সামৰ্থ থাকিলে হজ্জ কৰা।

তাৰিখ ১৯-১১-১৪৪১ হিজৰী, অসমীয়া অনুবাদ ৩১-০৩-২০২১ চন।

লেখকঃ ড. মুহাম্মদ বিন আব্দুল্লাহ আচ-ছুহাইম

ইছলামী গৱেষণা প্ৰশিক্ষণ বিভাগৰ প্ৰাক্তন আক্বীদাহ বিষয়ক শিক্ষক

প্ৰশিক্ষণ মহাবিদ্যালয়, মালিক ছঊদ বিশ্ববিদ্যালয়

ৰিয়াদ, ছৌদি আৰব

ইছলাম

পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত বাৰ্তা