×
ইছলাম হৈছে বিশ্বজগতৰ প্ৰতিপালক প্ৰদত্ত ধৰ্ম

(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত

ইছলাম হৈছে বিশ্বজগতৰ প্ৰতিপালক প্ৰদত্ত ধৰ্ম

আপোনাৰ প্ৰতিপালক কোন?

এইটোৱেই হৈছে অস্তিত্বৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। এইটো এনেকুৱা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যিটোৰ উত্তৰ জনাটো প্ৰতিজন ব্যক্তিৰ বাবেই অনিবাৰ্য।

আমাৰ প্ৰতিপালক হৈছে সেই সত্তা, যিজনে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে। যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা আমাৰ বাবে আৰু জীৱ-জন্তুৰ খাদ্য হিচাপে ফল-মূল আৰু গছ-গছনি উৎপন্ন কৰে, যিবোৰ আমি ভক্ষণ কৰোঁ।তেৱেঁই আমাক আৰু আমাৰ পূৰ্বপুৰুষসকলক সৃষ্টি কৰিছে, আনকি প্ৰতিটো বস্তুকে সৃষ্টি কৰিছে। তেৱেঁই দিন আৰু ৰাতিক সৃষ্টি কৰিছে। তেৱেঁই ৰাতিক বিশ্ৰামৰ সময় নিৰ্ধাৰণ কৰিছে আৰু দিনক জীৱিকা উপাৰ্জনৰ সময় কৰি দিছে।সূৰ্য্য, চন্দ্ৰ, তাৰকাৰাজি আৰু সাগৰসমূহক তেৱেঁই আমাৰ কামত নিয়োজিত কৰিছে। এইদৰে জীৱ-জন্তুবোৰকো আমাৰ বশীভূত কৰি দিছে, যিবোৰক আমি ভক্ষণ কৰোঁ আৰু সেইবোৰৰ গাখীৰ আৰু ঊণৰ দ্বাৰা আমি উপকৃত হওঁ।

বিশ্বজগতৰ প্ৰতিপালকৰ বৈশিষ্ট্য কি?

প্ৰকৃত প্ৰতিপালক হৈছে সেইজন, যিয়ে গোটেই সৃষ্টিজগতক সৃষ্টি কৰিছে। তেৱেঁই সত্যৰ পথ তথা হিদায়তৰ পথ দেখুৱায়। তেৱেঁই গোটেই সৃষ্টিজগতৰ সকলো বিষয় পৰিচালনা কৰে। তেৱেঁই জীৱিকা প্ৰদান কৰে, পাৰ্থিৱ জীৱন আৰু আখিৰাতৰ সকলো বস্তুৰ তেৱেঁই মালিক। প্ৰতিটো বস্তুৱেই তেওঁৰ ৰাজত্বৰ অধীনস্থ, আনকি তেওঁৰ বাহিৰে যি যি আছে সকলোৱেই হৈছে তেওঁৰ অধীনস্থ।তেওঁ চিৰঞ্জীৱ, তেওঁ কেতিয়াও মৃত্যুবৰণ নকৰে, আৰু টোপনিও নাহে। তেৱেঁই সৰ্ব সত্ত্বাৰ ধাৰক, তেওঁৰ নিৰ্দেশতে প্ৰতিটো বস্তু জীৱিত। তেওঁৰ ৰহমতে সকলো বস্তুকেই পৰিবেষ্টন কৰি আছে। আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তুৱেই তেওঁৰ পৰা গোপন নহয়।তেওঁৰ সমতুল্য একো নাই, তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা। তেওঁ আকাশমণ্ডলৰ ওপৰত আছে, প্ৰতিটো সৃষ্টিৰ পৰা তেওঁ অমুখাপেক্ষী। আনহাতে প্ৰতিটো সৃষ্টিয়েই তেওঁৰ মুখাপেক্ষী। তেওঁ কোনো সৃষ্টিৰ মাজতে নোসোমায়, আনহাতে কোনো সৃষ্টিয়েও তেওঁৰ সত্ত্বাৰ মাজত সোমাব নোৱাৰে। তেওঁ পৱিত্ৰ, অতি মহান।প্ৰকৃত প্ৰতিপালক তেৱেঁই, যিজনে এই বিশ্বজগতক সৃষ্টি কৰিছে আৰু ইয়াৰ ভাৰসাম্য ৰক্ষা কৰিব পৰা নিয়ম-নীতি বনাইছে। সেয়া মানৱ শৰীৰৰ ব্যৱস্থাপনাই হওক বা জীৱ-জন্তুৰ শাৰীৰিক ব্যৱস্থাপনা। অথবা আমাৰ চাৰিওফালে থকা বিশ্বজগতৰ আন আন গ্ৰহ-নক্ষত্ৰৰ গতিবিধিয়ে হওক, যেনে- সূৰ্য্য, তাৰকাজগত আৰু অন্যান্য সৃষ্টি আদি।

আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয়, সেইবোৰে নিজৰ উপকাৰ বা অপকাৰ কৰাৰো ক্ষমতা নাৰাখে, তেন্তে সিহঁতৰ উপাসনাকাৰী লোকসকলক সিহঁতে কেনেকৈ উপকাৰ কৰিব? অথবা কেনেকৈ সিহঁতৰ পৰা বিপদ-আপদ দূৰ কৰিব?

আমাৰ প্ৰতিপালকৰ প্ৰতি আমাৰ কৰ্তব্য কি?

গোটেই মানৱজাতিৰ কৰ্তব্য হৈছে একমাত্ৰ তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰা। গতিকে তেওঁৰ বাহিৰে আৰু তেওঁৰ সৈতে আন কাৰো ইবাদত কৰা বৈধ নহয়, মানুহেই হওক বা শিল বা নদ-নদী নাইবা কোনো জড় বস্তু অথবা কোনো গ্ৰহ-নক্ষত্ৰ বা আন কোনো বস্তুৱেই নহওক কিয়, বৰং নিৰ্ভেজালভাৱে একমাত্ৰ বিশ্বজগতৰ ৰব আল্লাহৰ ইবাদত কৰা উচিত।

আল্লাহৰ ওচৰত মানুহৰ প্ৰাপ্য কি?

আল্লাহৰ ওচৰত মানুহৰ প্ৰাপ্য হৈছে, যদি সিহঁতে তেওঁৰ ইবাদত কৰে, তেন্তে তেওঁৰ দায়িত্ব হৈছে সিহঁতক পৱিত্ৰ জীৱন দান কৰা, য'ত সিহঁতে লাভ কৰিব শান্তি, সন্তুষ্টি আৰু নিৰাপত্তা, আৰু আখিৰাতত তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, য'ত আছে চিৰস্থায়ী বিভিন্ন প্ৰকাৰৰ নিয়ামত আৰু স্থায়ী জীৱন। আনহাতে যদি সিহঁতে তেওঁৰ অবাধ্যতাত লিপ্ত থাকে আৰু তেওঁৰ নিৰ্দেশনাৰ বিৰোধিতা কৰে, তেন্তে সিহঁতক প্ৰদান কৰিব সংকীৰ্ণ তথা দুৰ্ভগীয়া জীৱন, যদিও সিহঁতে নিজকে ধন্য বুলি জ্ঞান কৰে। লগতে আখিৰাতত সিহঁতক জাহান্নামত নিক্ষেপ কৰিব, য'ৰ পৰা সিহঁতে কেতিয়াও ওলাব নোৱাৰিব। তাত সিহঁতক স্থায়ী শাস্তি বিহা হ'ব আৰু চিৰস্থায়ী জীৱন দান কৰা হ'ব।

আমাৰ অস্তিত্বৰ উদ্দেশ্য কি? আমাক কিয় সৃষ্টি কৰা হৈছে?

আমাৰ পৱিত্ৰ মহান প্ৰতিপালকে আমাক জনাইছে যে, তেওঁ আমাক এটা মহৎ উদ্দেশ্যৰে সৃষ্টি কৰিছে। সেইটো হৈছে আমি যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰোঁ। লগতে আমি যেন কাকো তেওঁৰ সৈতে অংশীদাৰ স্থাপন নকৰোঁ। লগতে তেওঁ আমাক দায়িত্ব অৰ্পন কৰিছে যে, আমি যেন পৃথিৱীক কল্যাণ আৰু সংশোধনৰ দ্বাৰা সংস্কাৰ কৰোঁ। এতেকে যিয়ে সৃষ্টিকৰ্তাৰ বাহিৰে বেলেগৰ উপাসনা কৰিব, সি দৰাচলতে সেই উদ্দেশ্যৰ পৰা অজ্ঞ, যিটো উদ্দেশ্যৰ বাবে তাক সৃষ্টি কৰা হৈছে। লগতে সি প্ৰতিপালকৰ ফালৰ পৰা দিয়া দায়িত্ব পালন কৰা নাই। আনহাতে যিয়ে পৃথিৱীত কুসংস্কাৰ বিয়পায়, তথা অন্যায়-অত্যাচাৰৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰে, সি দৰাচলতে নিজৰ প্ৰকৃত দায়িত্ব সম্পৰ্কে অজ্ঞ, যি দায়িত্ব তাক প্ৰদান কৰা হৈছিল।

আমি আমাৰ প্ৰতিপালকৰ ইবাদত কেনেকৈ কৰিম?

নিশ্চয় আমাৰ প্ৰতিপালকে আমাক উদ্দেশ্যহীনভাৱে সৃষ্টি কৰা নাই আৰু আমাক লেকামহীন এৰি দিয়া নাই, আৰু আমাৰ জীৱন নিৰৰ্থক নহয়। বৰং তেওঁ মানুহৰ মাজৰ পৰাই ৰাছুল নিৰ্ধাৰণ কৰি সিহঁতৰ ওচৰলৈ প্ৰেৰণ কৰিছে। তেওঁলোক হৈছে পৰিপূৰ্ণ তথা উৎকৃষ্ট চৰিত্ৰৰ অধিকাৰী। তেওঁলোকৰ আত্মা আটাইতকৈ পৱিত্ৰ, আৰু তেওঁলোকৰ অন্তৰ আটাইতকৈ বিশুদ্ধ। সেয়ে আল্লাহে তেওঁলোকৰ ওপৰত তেওঁৰ বাৰ্তা অৱতীৰ্ণ কৰিছে, ইয়াৰ ভিতৰত আছে প্ৰত্যেক সেই বিষয় যিটো মানুহৰ বাবে জনা অনিবাৰ্য, যেনে- মহান আল্লাহ সম্পৰ্কে, কিয়ামত দিৱসত হ'বলগীয়া মানুহৰ পুনৰুত্থান সম্পৰ্কে, যিদিনা হিচাপ নিকাচ আৰু প্ৰতিদান দিয়া হ'ব।ৰাছুলসকলে তেওঁলোকৰ নিজ নিজ উম্মতক শিকাইছিল কেনেকৈ মহান আল্লাহৰ ইবাদত কৰিব লাগে। তেওঁলোকে তেওঁলোকক ইবাদতৰ পদ্ধতি, সময়, পৃথিৱী আৰু আখিৰাতত ইয়াৰ প্ৰতিদান সম্পৰ্কে অৱগত কৰিছিল। লগতে তেওঁলোকক সেইসমূহ বিষয়ৰ পৰা সতৰ্ক কৰিছিল, যিবোৰ আল্লাহে হাৰাম কৰিছে, পানাহাৰ সম্পৰ্কীয় হওক বা বিবাহ সম্পৰ্কীয়। লগতে ৰাছুলসকলে তেওঁলোকক উত্তম চৰিত্ৰ অৱলম্বনৰ দিশ-নিৰ্দেশনা দিছিল, আৰু বেয়া চৰিত্ৰৰ পৰা বিৰত ৰাখিছিল।

সৰ্বশক্তিমান আল্লাহৰ ওচৰত কোনটো ধৰ্ম গ্ৰহণযোগ্য?

মহান আল্লাহৰ ওচৰত মনোনীত তথা গ্ৰহণযোগ্য ধৰ্ম হৈছে ইছলাম। এই ধৰ্ম লৈয়ে প্ৰতিজন নবী প্ৰেৰিত হৈছিল। কিয়ামতৰ দিনা আল্লাহে এই ধৰ্মৰ বাহিৰে বেলেগ কোনো ধৰ্ম গ্ৰহণ নকৰিব। ইছলামৰ বাহিৰে মানুহে যি ধৰ্মই গ্ৰহণ নকৰক কিয়, সেইটো হৈছে বাতিল তথা অগ্ৰহণযোগ্য ধৰ্ম। সেই ধৰ্ম কোনো কামত নাহিব। বৰং সেইটো হ'ব পৃথিৱী আৰু আখিৰাতত দুৰ্ভগীয়া হোৱাৰ কাৰণ।

এই ধৰ্ম (ইছলাম)ৰ মূলমন্ত্ৰ কি, তথা আৰকানসমূহ কি কি?

এইটো এটা এনেকুৱা ধৰ্ম যিটোক আল্লাহে বান্দাসকলৰ বাবে সহজ কৰি দিছে। এই ধৰ্মৰ আটাইতকৈ ডাঙৰ ৰুকন (স্তম্ভ)টো হৈছে, মহান আল্লাহক প্ৰতিপালক হিচাপে আৰু উপাস্য হিচাপে বিশ্বাস কৰা। ইয়াৰ পিছত ফিৰিস্তাসকলৰ প্ৰতি, ৰাছুলসকলৰ প্ৰতি, শেষ দিৱসৰ প্ৰতি আৰু ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰা। এতেকে আপুনি সাক্ষ্য দিয়ক যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। চালাত (নামাজ) প্ৰতিষ্ঠা কৰক, লগতে আপোনাৰ ওচৰত যদি যাকাত অনিবাৰ্য হ'ব পৰা ধন-সম্পদ আছে তেন্তে যাকাত আদায় দিয়ক। এইদৰে বছৰত এমাহ অৰ্থাৎ ৰমাজান মাহত ৰোজা পালন কৰক। এইদৰে যদি আপুনি সক্ষম তেন্তে সেই ঘৰৰ হজ্জ কৰক, যিখন ঘৰ ইব্ৰাহীম আলাইহিচ্ছালামে আল্লাহৰ নিৰ্দেশত নিৰ্মাণ কৰিছিল।এইদৰে আল্লাহে হাৰাম কৰা বিষয়বোৰক বৰ্জন কৰক, যেনে- শ্বিৰ্ক, হত্যা, ব্যভিচাৰ, হাৰাম সম্পদ ভক্ষণ কৰা। যদি আপুনি আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু এইবোৰ ইবাদত পালন কৰে, লগতে এই হাৰামকৃত বিষয়বোৰৰ পৰা বিৰত থাকে তেন্তে আপোনাক পৃথিৱীত মুছলিম হিচাপে গণ্য কৰা হ'ব, আৰু কিয়ামতৰ দিনা আল্লাহে আপোনাক চিৰস্থায়ী নিয়ামত প্ৰদান কৰিব আৰু জান্নাতত স্থায়ী জীৱন দান কৰিব।

ইছলাম কোনো জাতি বা গোত্ৰৰ বাবে নিৰ্দিষ্ট নেকি?

ইছলাম হৈছে আল্লাহ প্ৰদত্ত ধৰ্ম, যিটো গোটেই মানৱজাতিৰ বাবে সমান। ইয়াত কাৰো ওপৰত কাৰো প্ৰাধান্য নাই, কেৱল তাক্বৱা আৰু নেক আমলৰ বাহিৰে।

মানুহে কেনেকৈ গম পাব যে, ৰাছুলসকল সত্য?

মানুহে কেইবাটাও প্ৰকাৰে ৰাছুলসকলৰ সত্যতা নিৰূপণ কৰিব পাৰে, যেনেঃ

তেওঁলোকে যি সত্য আৰু হিদায়ত লৈ আহিছে, সেইটোক সুস্থ বিবেকে সহজে গ্ৰহণ কৰি লয়। বিবেকে ইয়াক সুন্দৰ বুলি স্বীকাৰ কৰে। ৰাছুলসকলৰ বাহিৰে আন কোনেও তেনেকুৱা বাৰ্তা উপস্থাপন কৰিব নোৱাৰে।

ৰাছুলসকলে লৈ অহা বাৰ্তাত আছে মানুহৰ দ্বীন আৰু দুনিয়াৰ সংশোধন। লগতে সিহঁতৰ কৰ্মৰ দৃঢ়তা আৰু সভ্যতাক সুচাৰুৰূপে গঢ়ি তোলাৰ পদ্ধতি। সেই বাৰ্তাৰ মাজত আছে সিহঁতৰ দ্বীন, বিবেক-বুদ্ধি, ধন-সম্পদ আৰু মান-সন্মানৰ সংৰক্ষণ।

ৰাছুলসকলে মানুহক কল্যাণ তথা হিদায়তৰ পথ প্ৰদৰ্শনৰ বিনিময়ত সিহঁতৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰে। বৰং তেওঁলোকে আল্লাহৰ পৰা প্ৰতিদান কামনা কৰে।

ৰাছুলসকলে লৈ অহা বাৰ্তা সত্য, য'ত সন্দেহৰ কোনো অৱকাশ নাই, আনকি সেই বাৰ্তা স্ববিৰোধীও নহয়। প্ৰতিজন নবীয়েই তেওঁৰ পূৰ্বৱৰ্তী নবীক সত্যায়ন কৰিছিল, আৰু পূৰ্বৱৰ্তী নবীয়ে যিটোৰ পিনে আহ্বান কৰিছিল, পৰৱৰ্তী নবীয়েও সেইটোৰ পিনেই আহ্বান কৰিছিল।

লগতে মহান আল্লাহে ৰাছুলসকলক বহুতো স্পষ্ট দলিল-প্ৰমাণ আৰু অলৌকিক বিষয়ৰ দ্বাৰা সমৰ্থন কৰিছিল, সেইবোৰ অলৌকিকতা আল্লাহে নবীসকলৰ দ্বাৰাই প্ৰকাশ কৰিছিল। যাতে এইবোৰে প্ৰমাণবহন কৰে যে, তেওঁলোক হৈছে আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। নবীসকলক প্ৰদান কৰা অলৌকিকতাসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ অলৌকিকতাটো হৈছে সৰ্বশেষ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰদান কৰা অলৌকিকতা, সেইটো হৈছে আল-কোৰআন আল-কাৰীম।

আল-কোৰআনুল কাৰীম কি?

আল-কোৰআনুল কাৰীম হৈছে বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ কিতাব। সেইখন হৈছে আল্লাহৰ বাণী, ফিৰিস্তা জিব্ৰীল আলাইহিচ্ছালামৰ দ্বাৰা ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হৈছে। তাত আছে প্ৰত্যেক সেই বিষয় যিবোৰ জনা মানুহৰ বাবে অনিবাৰ্য, যেনে- আল্লাহ সম্পৰ্কে, ফিৰিস্তা সম্পৰ্কে, তেওঁ অৱতীৰ্ণ কৰা কিতাব সম্পৰ্কে, ৰাছুলসকলৰ বিষয়ে, শেষ দিৱস সম্পৰ্কে, ভাগ্যৰ মঙ্গল-অমঙ্গল সম্পৰ্কে।লগতে ইয়াৰ মাজত আছে অনিবাৰ্য ইবাদতবোৰৰ বিষয়ে, আৰু সেইসমূহ নিষেধকৃত বস্তুৰ বিষয়ে, যিবোৰৰ পৰা বিৰত থকা অনিবাৰ্য। এইদৰে উত্তম চৰিত্ৰ আৰু বেয়া চৰিত্ৰৰ পৰা সতৰ্কীকৰণ আছে। আনকি ইয়াৰ ভিতৰত মানুহৰ সেই প্ৰতিটো বিষয় উল্লেখ আছে, যিবোৰ সিহঁতৰ দ্বীন আৰু দুনিয়াৰ লগত সম্পৰ্কিত। ইয়াৰ বাহিৰে অন্যান্য বিষয় ইয়াত উল্লেখ আছে। এইখন হৈছে এখন অলৌকিক গ্ৰন্থ। মহান আল্লাহে প্ৰত্যাহ্বান জনাইছে যে, মানুহে কেতিয়াও ইয়াৰ অনুৰূপ গ্ৰন্থ লিখিব নোৱাৰে। এইখন গ্ৰন্থ কিয়ামত পৰ্যন্ত সেই ভাষাতে সুৰক্ষিত থাকিব যি ভাষাত এইখন অৱতীৰ্ণ হৈছে, ইয়াত এটা আখৰো কম নহ'ব আৰু এটা শব্দও পৰিবৰ্তন নহ'ব।

পুৰুত্থান আৰু হিচাপ-নিকাচৰ প্ৰমাণ কি?

আপুনি কেতিয়াবা মৃত ভূমিৰ প্ৰতি লক্ষ্য কৰা নাইনে, যেতিয়া তাত বৰষুণ অৱতীৰ্ণ হয়, তেতিয়া তাৰ পৰা ঘাঁহ বন গছপুলি গজে আৰু সজীৱ হৈ ঠণ ধৰি উঠে। গতিকে যি সত্ত্বাই এই মৃত ভূমিক জীৱিত কৰিবলৈ সক্ষম, তেওঁ নিশ্চয় মৃত লোকসকলকো জীৱিত কৰিবলৈ সক্ষম।নিশ্চয় যি সত্ত্বাই মানুহক নিকৃষ্ট পানীৰ টোপালেৰে সৃষ্টি কৰিছে, তেওঁ নিশ্চয় সিহঁতক কিয়ামতৰ দিনা পুনৰুত্থিত কৰিবলৈ সক্ষম। সেইদিনা তেওঁ সিহঁতৰ হিচাপ-নিকাচ গ্ৰহণ কৰিব আৰু পৰিপূৰ্ণ প্ৰতিফল প্ৰদান কৰিব, ভাল হ'লে ভাল আৰু বেয়া হ'লে বেয়া প্ৰতিদান দিব।নিশ্চয় যি সত্ত্বাই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে তথা গ্ৰহ-নক্ষত্ৰ সৃষ্টি কৰিছে, তেওঁ নিশ্চয় মানুহক পুনৰুত্থিত কৰিবলৈ সক্ষম। কাৰণ মানুহক পুনৰ্জীৱিত কৰাটো আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিতকৈ বহুগুণে সহজ।

কিয়ামত দিৱসত কি হ'ব?

কিয়ামতৰ দিনা মহান আল্লাহে সকলো সৃষ্টিকে সিহঁতৰ কবৰৰ পৰা উত্থিত কৰিব। ইয়াৰ পিছত সিহঁতৰ কৃতকৰ্মৰ হিচাপ-নিকাচ গ্ৰহণ কৰিব। যিয়ে ৰাছুলসকলক সত্য বুলি মানি লৈছিল আৰু তেওঁলোকৰ প্ৰতি ঈমান আনিছিল, তাক আল্লাহে জান্নাতত প্ৰৱেশ কৰাব। য'ত আছে চিৰস্থায়ী নিয়ামত, যিবোৰ নিয়ামত সম্পৰ্কে মানুহে কল্পনাও কৰিব নোৱাৰে। আনহাতে যিয়ে কুফৰী কৰিছে, তাক আল্লাহে জাহান্নামত প্ৰৱেশ কৰাই চিৰস্থায়ী শাস্তি বিহিব, যিটো শাস্তিক মানুহে কল্পনাও কৰিব নোৱাৰে। মানুহে যেতিয়া জান্নাত অথবা জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া তাত সিহঁতে আৰু কেতিয়াও মৃত্যুবৰণ নকৰিব, কাৰণ তাত সিহঁতে চিৰস্থায়ী নিয়ামত অথবা চিৰস্থায়ী শাস্তি ভোগ কৰিব।

যদি কোনোবাই ইছলামত প্ৰৱেশ কৰিব বিচাৰে, তেন্তে সি কি কৰিব লাগিব? ইয়াৰ বাবে কোনো নিৰ্দিষ্ট ৰীতি-নীতি আছে নেকি যিটো কৰা অনিবাৰ্য? অথবা এনেকুৱা কোনো ব্যক্তি আছে নেকি, যাৰ পৰা অনুমতি লব লাগিব?

যেতিয়া কোনোবাই এই বিষয়ে জ্ঞান লাভ কৰিব যে, ইছলাম ধৰ্মই হৈছে সত্য ধৰ্ম, তথা এইটোৱে হৈছে বিশ্বজগতৰ প্ৰতিপালকে প্ৰদান কৰা ধৰ্ম। তেতিয়া তেওঁ যিমান সোনকালে পাৰে ইছলাম গ্ৰহণ কৰা উচিত। কাৰণ বিবেকৱান ব্যক্তিৰ ওচৰত যেতিয়া সত্য উন্মোচিত হয়, তেতিয়া তেওঁ সেইপিনে খৰখেদা কৰা উচিত, এই ক্ষেত্ৰত পলম কৰা উচিত নহয়।ইছলাম গ্ৰহণ কৰিবলৈ কোনো ধৰণৰ বিশেষ ৰীতি-নীতিৰ প্ৰয়োজন নাই। অথবা কোনো ব্যক্তিৰ ওচৰলৈ যোৱাৰো প্ৰয়োজন নাই। কিন্তু যদি কোনো মুছলিমৰ উপস্থিতিত অথবা কোনো ইছলামিক চেণ্টাৰত গৈ ইছলাম গ্ৰহণ কৰে তেন্তে সেইটো উত্তম। অন্যথা এই সাক্ষ্য দিলেই যথেষ্ট যে, (أشهد أن لا إله إلا الله، وأشهد أن محمدًا رسول الله) অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। ইয়াৰ অৰ্থ জানিব লাগিব তথা বুজিব লাগিব আৰু এই ক্ষেত্ৰত দৃঢ় বিশ্বাস কৰিব লাগিব। ইয়াৰ ফলত তেওঁ মুছলিম হিচাপে গণ্য হ'ব। ইয়াৰ পিছত তেওঁ ইছলামী চৰীয়তৰ বিভিন্ন বিধি-বিধান সম্পৰ্কে জ্ঞান অৰ্জন কৰিব। যাতে তেওঁ সেইবোৰ পালন কৰিব পাৰে যিবোৰ আল্লাহে অনিবাৰ্য কৰিছে।

--